দশৰথ মুছাহাৰৰ ঘৰৰ পৰা প্ৰায় ১০০ মিটাৰমান দূৰৈত এটা দমকল আছে৷ সেই দমকলৰ পৰা পানী তোলা ঘেচেক-ঘেচেক শব্দ, তিৰোতাবোৰে গা ধোৱা আৰু কাপোৰ ধোৱাৰ শব্দ দশৰথৰ ঘৰৰ পৰা স্পষ্টকৈ আপুনি শুনিবলৈ পাব৷
কিন্তু ৱৰ্নাৰ গাঁৱত ৰাজ্য চৰকাৰে স্থাপন কৰা এই দমকলটো ব্যৱহাৰ কৰাটো দশৰথৰ পৰিয়ালৰ বাবে নিষেধ৷ মুছাহাৰ- দলিত সম্প্ৰদায়ৰ লোকৰ বাবে পালামুত ৰাজহুৱা দমকল ব্যৱহাৰ কৰাটো এক প্ৰকাৰ অবিশ্বাসযোগ্য কথা৷
‘‘হামান কে গাৰি দিৱালে, কাহালে না কি কহি ঔৰ চে পানী বাৰো [তেওঁলোকে আমাক অশ্ৰাব্য ভাষাৰে গালি দিয়ে, আন ক’ৰবাৰ পৰা পানী আনিবলৈ কয়],’’ দশৰথ মুছাহাৰে এইদৰে কয়৷ তেওঁলোকে পানী আনিবলৈ লৈ যোৱা পাত্ৰ ভাঙি দলিয়াই পেলোৱা হয়।
ৰামাৱতাৰ চৌধুৰীৰ ঘৰ দমকলটোৰ কাষতে৷ ‘‘চাফ-চিকুণকৈ নাথাকে বাবে তেওঁলোকক মানা কৰা হয়৷ কোনোবাই তেনেকৈ পানী খাব নেকি?’’ মুছাহাৰ দলিতক লৈ প্ৰদৰ্শন কৰা বৈষম্য সন্দৰ্ভত এই প্ৰতিবেদকে প্ৰশ্ন কৰোঁতে তেওঁ এইদৰে কয়৷ ২০১১ বৰ্ষৰ জনপিয়ল অনুসৰি ইয়াত বাস কৰা ২,৭৪৯ জন লোকৰ ভিতৰত প্ৰায় এক-তৃতীয়াংশই মুছাহাৰ দলিত সম্প্ৰদায়ৰ লোক৷








