তেওঁ মেঘৱাল সম্প্ৰদায়ৰ। ৰাজ্যখনত অনুসূচিত জাতি হিচাপে তালিকাভুক্ত। পৰম্পৰাগতভাৱে মেঘৱালসকলে খেতি-বাতি কৰিছিল, গৰু-ম’হ পুহিছিল। কাপোৰ আৰু কম্বল বোৱা কামো কৰিছিল। কিন্তু শতিকাজুৰি চলি অহা জাতিগত বৈষম্যৰ বাবে এই সম্প্ৰদায়টোৱে শৈক্ষিকভাবে আগবাঢ়িব পৰা নাই। উন্নয়নৰ ফালৰ পৰাও ঐতিহাসিকভাৱে অতি নিম্ন পৰ্যায়ত থাকি গৈছে।
বিমলাৰ স্বামী ৩৬ বছৰীয়া কনৱৰলাল আৰু তেওঁৰ ভায়েক ৩২ বছৰীয়া ভোজৰামে নিজৰ সৰু ভাই-ভনীকেইজনীয়ে ভাল শিক্ষা পাওক বুলিয়ে আধাতে পঢ়া এৰি নিমখৰ খনিৰ বনুৱা হিচাপে কাম কৰিছিল। কনৱৰলাল এজন ভূমিহীন দলিত কৃষক। বৰ্তমান ঠিকাত লোৱা ৪০ বিঘা মাটিত (ইয়াত ৪ ৰ পৰা ৫ বিঘা মানে এক একৰ) যৱধান, ঘেঁহু, মেথি আৰু বাদামৰ খেতি কৰে। কম আৰু অনিয়মীয়া বৰষুণ, সঘনাই পৰা খৰাং, শস্যৰ হানি আৰু কম উৎপাদনৰ বাবে ফলৌদীত খেতি-বাতি কৰাটো মহা কষ্টৰ কাৰবাৰ।
প্ৰায় ২০০ মিলিমিটাৰ গড় বৰষুণ হোৱা এই শুকান অঞ্চলটোত পানী এক বিৰল আৰু বহুমূলীয়া সম্পদ। বাচনত লাগি ধৰা ভাত আৰু তেল এৰুৱাবলৈ বিমলাই যি সামান্য পানী ছটিয়াই দিছে, সেয়া ঘৰৰ কাষতে থকা এটা টংকা অৰ্থাৎ ভূগৰ্ভস্থ জলাধাৰৰ পৰা তোলা হৈছে।
বাওৰী (খলপীয়া কুঁৱা) আৰু তালাব (পুখুৰী)ৰ তুলনাত তুলনামূলকভাৱে নতুন হ’লেও থৰ মৰুভূমিত পানীৰ নাটনিৰ বিৰুদ্ধে যুঁজিবলৈ টংকা এক অতি জনপ্ৰিয় কৌশল হৈ পৰিছে। চেণ্ট্ৰেল এৰিড জ’ন ৰিচাৰ্চ ইনষ্টিটিউটৰ দ্বাৰা প্ৰকাশিত ১৯৮৮ চনৰ এক গৱেষণাপত্ৰত উল্লেখ আছে যে এই অঞ্চলত প্ৰথমটো টংকা ১৬০৭ খ্ৰীষ্টাব্দত ৰাজা সূৰসিংহই বড়ি কা মেলান গাঁৱত নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত ১৭৫৯ খ্ৰীষ্টাব্দত যোধপুৰৰ মেহৰানগড় দুৰ্গত মহাৰাজ উদয়সিংহই এনে টংকা নিৰ্মাণ কৰিছিল। কিন্তু ১৮৯৫-৯৬ চনৰ ভয়ংকৰ দুৰ্ভিক্ষৰ সময়তহে এই অঞ্চলত ব্যাপক হাৰত টংকা নিৰ্মাণ কৰা হৈছিল।
বিমলাৰ ভাগিন ১৯ বছৰীয়া বদ্ৰীনাৰায়ণ চৌহানে কয়, “ঘৰৰ চালৰ পৰা বৰষুণৰ পানী সংগ্ৰহ কৰিবলৈ টংকাবোৰ ব্যৱহাৰ কৰা হৈছিল। এই টংকাৰ পানী খোৱাৰ বাবে উপযোগী। এইবোৰ চিমেণ্ট, কংক্ৰিট আৰু শিলেৰে তৈয়াৰ কৰা হয় আৰু পশ্চিম ৰাজস্থানত এই টংকা সাধাৰণতে ব্যৱহাৰ হয়। এটা ১০ ফুট বহল আৰু ২০ ফুট দীঘল টংকাত প্ৰায় ৫৬,০০০ ৰ পৰা ৫৮,০০০ লিটাৰ পানী জমা কৰি ৰাখিব পাৰি। ইয়াৰ নিৰ্মাণ ব্যয় প্ৰায় ৫০ ৰ পৰা ৮০ হাজাৰ টকা হয়।”
বিমলাৰ পৰিয়ালৰ চোতালত দুটা টংকা আছে। ২০০১ চনত নিৰ্মিত এটা পুৰণি টংকাই বৰষুণৰ পানী সংগ্ৰহ কৰে। আনটো তুলনামূলকভাৱে নতুন তথা ডাঙৰ, য’ত ঘৰুৱা প্ৰয়োজনৰ বাবে ৬০,০০০ লিটাৰ পৰ্যন্ত পানী জমা কৰি ৰাখিব পাৰি। আজিকালি এই ডাঙৰ ক্ষমতাৰ টংকাটো পৰিয়ালটোৱে কিনি অনা টেংকাৰৰ পানীৰে ভৰাই তোলে। ৫,০০০ লিটাৰ পানীৰ বাবে প্ৰায় ৫০০ টকা ভৰিব লাগে। এই টেংকাৰবোৰে ভাৰতৰ আটাইতকৈ দীঘল খাল ইন্দিৰা গান্ধী কেনেলৰ ওচৰৰে এক পৰিশোধন প্ৰকল্পৰ পৰা পানী লাভ কৰে। এই কেনেলটোলৈ আকৌ পাঞ্জাৱৰ হাৰিকে বেৰেজৰ পৰা পানী যায়, য’ত শতদ্ৰু আৰু বিপাশা নদী মিলিছে।