সেউজীয়া ঘেঁহুবোৰ যিমানেই সোণালী হৈ আহিব ধৰিছে, দলবাৰা সিঙৰ আশংকা সিমানেই বাঢ়ি আহিছে। খেতি চপাবৰ হ’ব। কিন্তু এটা সময়ত ডিজেল আৰু ইন্ধন হৈ নাথাকে, হৈ পৰিব জীৱনৰেখা। সেয়ে বৰনালা জিলাৰ পাট্টি গাঁৱৰ এইজন ভূমিহীন দলিত কৃষকে দুনাইবাৰ নাভাবি বছৰি ১৮ শতাংশ সুতৰ হাৰত টকা ধাৰে লৈ হ’লেও তেওঁৰ ডিজেলৰ ড্ৰামটো ভৰ্তি কৰি ৰাখিছে।
দলবাৰা সিং (৫৫) আৰু তেওঁ তিনি ভায়েকে এনআৰআই এজনৰ পৰা লীজত লোৱা ২০ একৰ মাটিত খেতি কৰি আহিছে। তাৰোপৰি তেওঁ আনৰ খেতিপথাৰত খেতি চপোৱাৰ সময়ত নিজৰ মেচিনেৰে খেৰ চপোৱাৰ কামো কৰে। মেচিন মানে তেওঁৰ ট্ৰেক্টৰ আৰু ৰিপাৰখন দেখুৱাই দিয়ে। “বৰ তেল খায়। ফুল কেপাচিটিত যদি চলোৱা হয়, এই ড্ৰাম ডিজেল দুদিনতে শেষ হ’ব।”
কিন্তু ইমান বেছি সুতৰ হাৰত কিয়? “আন কিনো উপায় আছে?পিছৰ সপ্তাহত যদি ডিজেল নাপালো? মোৰ গোটেই শস্য পথাৰতে পচি নাযাবনে? মই নিজৰ সন্তানৰ দৰে তাক লালন-পালন কৰিছো,”তেওঁ কয়। তেওঁৰ আয় কিমান সেয়া হিচাপ কৰাটো কঠিন, কিয়নো যোৱা বছৰ তেওঁৰ আয় একোৱেই হোৱা নাছিল। তেওঁৰ ধাৰ আৰু লোকচান দুয়োটাই বাঢ়ি আছে।
আমেৰিকা-ইজৰাইলে ইৰানৰ ওপৰত কৰা আক্ৰমণ তীব্ৰতৰ কৰা মানে পাঞ্জাৱৰ খেতিয়কৰ ওপৰত ঋণৰ বোজা বঢ়া। দলবাৰা আৰু তেওঁৰ দৰে আন বহুতৰ বাবে এই সংকট আৰু বেছি গুৰুতৰ যাৰ সন্তানে শ্ৰমিক আৰু অৰ্ধকৌশলী শ্ৰমিক হিচাপে পাৰস্য উপসাগৰীয় দেশত কাম কৰি আহিছে। যুদ্ধই তেওঁলোকৰ ভৱিষ্যতৰ ওপৰতো ভাবুকিৰ সৃষ্টি কৰিছে। যোৱাটো মাহত তেওঁ ৪ লাখ টকা ধাৰ কৰি পুতেকক পশ্চিম এছিয়াৰ চাইপ্ৰাছ দেশলৈ পঠিয়াইছে। এইখন দেশ পৰ্য্যটন আৰু পৰিবহনৰ ওপৰত নিৰ্ভৰশীল। যুদ্ধই এইকেইটা খণ্ডকো তচনচ কৰিছে। “কিন্তু কাম বিচাৰি নাপাই মোৰ ল’ৰাটোৱে অশান্তি পাইছে। সি ঘূৰি যাব বিচাৰিছে,”তেওঁ কয়। দলবাৰাই নিজৰ ভাগ্যকে দোষ দিছে। এই প্ৰতিবেদকৰ সৈতে হোৱা কথোপকথনত তেওঁ এবাৰো যুদ্ধৰ প্ৰসংগত উলিওৱা নাই।
ঘেঁহু চপোৱাৰ সময় আহি পৰাত আৰু যুদ্ধই সৃষ্টি কৰা অনিশ্চয়তাৰ মাজত বহু খেতিয়কে দুসপ্তাহ আগতেই ডিজেল কিনি থ’বলৈ লৈছে। তেল ডিপোতবোৰত ট্ৰেক্টৰবোৰে খালি ড্ৰাম লৈ ডিজেল ভৰাবলৈ দীঘলীয়া শাৰী পাতি থকা চকুত পৰিব। “তেওঁলোকে বহু বেছি দৰত টকা ধাৰে লৈ ডিজেল কিনিব লৈছে,” পাটিয়ালাৰ ভাৰতী কিষাণ ইউনিয়ন (দাকৌন্দা)ৰ এগৰাকী নেতা ৰাঘবীৰ সিং দাকালাই কয়।




