শ্ৰীনগৰৰ হাৰৱান অঞ্চলৰ সেই গলিটোত হঠাৎ বিশেষ এক শব্দেৰে ভৰি পৰিল। মহম্মদ আফজল আৰু ছাজিদ খানে আখৰোটৰ গছ (Jugalans regia) এডাল জোকাৰি দিয়াত আখৰোটবোৰ তলত থকা ঘৰবোৰৰ টিনৰ চালিত জৰজৰকৈ সৰি পৰিছে।
এশ ফুট ওখ মানে দহ মহলাৰ বিল্ডিং এটাৰ সমান ওখ গছ এডালত উঠি আখৰোটৰ গছ এডাল জোকাৰি দিয়াটো কঠিন কাম। সেয়ে আখৰোট সংগ্ৰহ কৰা মানুহ সাধাৰণতে বৰ কৌশলী হয়, যাক চানান ৱয়েল বুলি কোৱা হয়। মহম্মদ আফজল (২৪)ৰ ঘৰ জম্মুৰ ৰাজৌৰিত। তেওঁ যোৱা ছবছৰ ধৰি আখৰোট পৰা কামটো কৰি আহিছে। প্ৰত্যেকটো চিজনতে তেওঁ কাশ্মীৰলৈ এই কামটোৰ বাবে আহে। “গছবোৰ যিহে ওখ, মোৰ বৰ ভয় লাগে।” আখৰোট সংগ্ৰহ কৰাৰ উপৰিও তেওঁ আপেল পেকিং কৰা আৰু আন চিজনত গছ কটা কামো কৰে।
আখৰোট চপোৱা বতৰ হৈছে আগষ্টৰ পৰা অক্টোবৰলৈ। এইখিনি সময়ত আফজলে পুৱা ৭ বজাৰ পৰা কাম আৰম্ভ কৰে আৰু সন্ধিয়া ছটা বজাত কাম সামৰে। তেওঁ গছৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি এদিনত চাৰিৰ পৰা পাঁচডাল গছৰ পৰা আখৰোট পাৰে। আখৰোট পাৰিবলৈ তেওঁ ঠানিবোৰ দীঘল মজবুত টাঙোন এডাল ঠানিত ফঁচাই লৈ জোকাৰি দিয়ে।
আখৰোট পৰা কামটো আফজলে কঠিন কাম বুলিয়ে কয়। “বৰ বিপদসংকুল কাম,” তেওঁ কয়। “পাঁচ কিলোগ্ৰাম ওজনৰ লাঠি এডাল হাতত লৈ গছৰ ওপৰত নিজৰ ভাৰসাম্য ৰক্ষা কৰি থকা, তাতে আকৌ জোকাৰি আখৰোট সৰুওৱা কামটো সহজ নহয়।”
কিছুমান আখৰোটৰ গছ বিশেষকৈ বুড়গামত ১৫০ ফুট পৰ্য্যন্ত ওখ হয়। “বৰষুণৰ বতৰত গছবোৰ পিচল হৈ থাকে কাৰণে আমি নুঠো,” আফজলে কয়। “ভাগ্যে আমি কোনো দূৰ্ঘটনাৰ সন্মুখীন হোৱা নাই।”
কিন্তু তেওঁৰ পৰিয়ালে তেওঁৰ সুৰক্ষাক লৈ চিন্তিত হোৱা দেখা যায়। “মোৰ মায়ে আনক আখৰোটৰ গছৰ পৰা পৰি মৰা দেখিছে কাৰণে মই এই কাম কৰাটো বেয়া পায়,” তেওঁ স্বীকাৰ কৰে।














