“ঘৰ যাও কেৱল গা ধুই আহিবলৈ,” দুষ্টালিভৰা হাঁহি এটা মাৰি মিৰ্জা মহম্মদে কয়। শ্ৰীনগৰৰ পৰা গুৰেজ উপত্যকালৈ অহাৰ বাটত পৰ্য্যটকে জিৰণি লোৱা ট্ৰাগবলৰ খান টি ষ্টলখনৰ ভিতৰত বহি আছে। কাশ্মীৰৰ এই সেৰেঙা জনবসতিৰ এলেকাটোত এই দোকানখন আৰু দোকানৰ হৰ্ডিংখন আপোনাৰ চকুত নপৰাকৈ নাথাকে।
“আমি চাৰিদিনৰ মূৰে মূৰে ৫০০ লিটাৰ পানী পাও,” দোকানখনৰ গৰাকী ৩২ বৰ্ষীয় মিৰ্জা আহমেদে কয়। “সেইখিনিৰে মই চাহ বনাও, বাচন-বৰ্তনবোৰ ধোও আৰু আন আৱশ্যকীয় কামখিনি কৰোঁ। ইয়াত গা ধুই ২০-৩০ লিটাৰ পানী খৰচ কৰিব নোৱাৰো! প্ৰতিটোপাল পানীৰ ইয়াত মূল্য আছে,” তেওঁ যোগ দিয়ে।
ট্ৰাগবলত ৰাজদান পৰ্বতখনে তেওঁৰ নেপথ্যৰ দৰে থিয় দি আছে। তেওঁ সেইখন দোকান চলাই থকাৰ ১২ বছৰ হ’ল। তাত তেওঁ চাহ-কফি, মেগি নুডলচ্ আৰু আন লঘু আহাৰ পৰ্য্যটকত বিক্ৰী কৰে। “মই সপ্তাহটোৰ বুধবাৰৰ পৰা দেওবাৰলৈ পাঁচটা দিন ইয়াতে থাকো, সেয়ে এইখন মোৰ দ্বিতীয় ঘৰ। সোমবাৰটোত মানুহৰ অফিছ-কাছাৰী থাকে পৰ্য্যটকৰ সংখ্যা কম, সেয়ে সেইদিনা ঘৰলৈ যাও,” মিৰ্জাই কয়। তেওঁৰ পৰিয়ালটো উত্তৰ কাশ্মীৰৰ বান্দিপ’ৰা জিলাৰ পেঠক’ট এলেকাত, দোকানৰ পৰা ৩০ কিলোমিটাৰ দূৰত। ট্ৰাগবলত মিৰ্জাই দোকানতে তিনি বাই ছয়ৰ কোঠাটোতে শোৱে।








