‘‘এই বছৰ মানুহে গণেশৰ মূৰ্তি কিনিবনে?’’ বিশাখাপট্টনমৰ কুম্মাৰী ৱীধিৰ (কুমাৰ গলি) বাসিন্দা ইউ. গৌৰিশংকৰে এইদৰে প্ৰশ্ন কৰে৷ ‘‘আমি ভগৱানৰ ওপৰত ভৰসা কৰি প্ৰতিবছৰে এই মূৰ্তিবোৰ নিৰ্মাণ কৰোঁ আৰু ইশ্বৰৰ কৃপাত কিছু টকা উপাৰ্জনো কৰো৷ কিন্তু এই বছৰ যেন ইশ্বৰে চকু মেলি নাচাব যেন লাগিছে। লকডাউন আৰু ভাইৰাছে সকলো শেষ কৰি দিলে৷’’
৬৩ বছৰীয়া শংকৰ, তেওঁৰ পুত্ৰ বীৰভদ্ৰ (৪২) আৰু বোৱাৰী মাধৱীয়ে (৩৬) প্ৰতি বছৰৰ এপ্ৰিল মাহৰ পৰা গণেশৰ মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰে৷ কিন্তু মহামাৰীৰ বাবে তেওঁলোকে এই বছৰৰ জুনৰ মাজভাগৰ পৰাহে এই কামত হাত দিছে।
সাধাৰণতে জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত (উৎসৱৰ সময়ছোৱা) তেওঁলোকে মাহে ২০,০০০ৰ পৰা ২৩,০০০ টকাকৈ উপাৰ্জন কৰে৷ বিনায়ক চতুৰ্থী আৰু দীপাৱলীৰ বিভিন্ন অৰ্ডাৰ তেওঁলোকে এই সময়ছোৱাত লাভ কৰে৷ কিন্তু এই বছৰ বিনায়ক (গণেশ) চতুৰ্থীৰ দুদিন পূৰ্বেও তেওঁলোকে এটাও গোট হিচাপত অৰ্ডাৰ লাভ কৰা নাই৷
১৫ বছৰ পূৰ্বে কুমাৰ গলি উৎসৱৰ সময়ছোৱাত কৰ্মব্যস্ততাৰে মুখৰিত হৈ পৰিছিল৷ অঞ্চলটোৰ ৩০ টা কুমাৰ পৰিয়ালে অহৰ্নিশে মূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছিল৷ এতিয়া এই কাম কৰা কেৱল চাৰিটা পৰিয়ালহে অঞ্চলটোত ৰৈছেগৈ৷ তাকো পৰিয়ালকেইটাৰ অৱস্থা মাৰ্চ মাহৰ শেষৰ সপ্তাহত আৰম্ভ হোৱা লকডাউনৰ পৰা অধিক অৱনতিৰ ফালে ঢাল খাইছে৷
‘‘মূৰ্তি বিতৰক ব্যৱসায়ীসকলৰ পৰা আমি গোট হিচাপত মূৰ্তি নিৰ্মাণৰ অৰ্ডাৰ লাভ কৰো, কিন্তু এই বছৰ আমি এটাও অৰ্ডাৰ পোৱা নাই’’, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলম জিলাৰ বাসিন্দা মাধৱীয়ে এইদৰে কয়৷ তেওঁৰ গিৰিহতৰ পূৰ্বপুৰুষ ইয়ালৈ বিজয়নগৰম জিলাৰ এখন গাঁৱৰ পৰা আহিছিল৷











