অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি


JÅ«nÄgadh, Gujarat
|FRI, SEP 19, 2025
ভেদলা - মাহেৰ সম্প্ৰদায়ৰ কাণফুলি
Author
Translator

Gurpreet Singh
ৰুধিবেনে কাণত যে এই দুলি থকা সোণৰ ডাঙৰ ফুলিজোৰ পিন্ধিছে, তাক ভেদলা বুলি কয়। ৰুধিবেন গুজৰাটৰ পোৰবন্দৰ জিলাৰ চিংগাৰিয়া গাঁৱৰ মাহেৰ জনজাতীয় সম্প্ৰদায়ৰ। এইখন ৰাজ্যৰ মাহেৰ আৰু কোলি - এই দুই জনজাতিৰ লোকে ভেদলা পিন্ধে। সোণৰ এই কাণফুলিৰ ওজন ২৫ৰ পৰা ৩৫ গ্ৰাম পৰ্য্যন্ত হ’ব পাৰে। মহিলাই দৈনন্দিন কাম-কাজৰ সময়তো এই কাণফুলি পিন্ধি থাকে, আনকি পথাৰত কাম কৰিবলৈ যাওতেও খুলি নথয়।
ৰুধিবেনৰ গলত থকা টাটুটিও কোনো নতুন কথা নহয়। এটা সময়ত তেওঁলোকৰ সমাজত মহিলাই টাটু কৰাটো প্ৰচলিত ৰীতি আছিল। সাধাৰণতে মহিলাই কৈশোৰকালতে হাত-ভৰি আৰু গল আদিত টাটু কৰি লৈছিল। “টাটু কৰাৰ সময়ত প্ৰায়ে দহদিন মানলৈ বৰ কষ্ট হৈছিল,” ৰুধিবেনে কয়। “প্ৰায়ে কিছুমানৰ সংক্ৰমণ হৈ গৈছিল আৰু তেনে অৱস্থাত আৰু বেছি বিষ হৈছিল।” নিজৰ অভিজ্ঞতাৰ পৰা শিকা ৰুধিবেনে নিজৰ জীয়েকৰ গাত টাটু নকৰোৱাৰ সিদ্ধান্ত লয়।
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/vedla-earrings-of-the-maher-community-as

