পালঘৰ জিলাৰ দহানু ক্ৰীকৰ ঢৌখেলা বালিচৰ আৰু বাম ঠাইখিনি আৰৱ সাগৰৰ অহৰহ ঢৌৱে এবাৰ গ্ৰাস কৰে আৰু এৰি দিয়ে। অমিতা টাণ্ডেলে টোপনি নাই মৰা বুলিয়েই ধৰিব পাৰি। তেওঁ অপেক্ষা কৰিছে জোৱাৰলৈ। সাৰ পাবলৈ প্ৰায়ে এলাৰ্ম দি থয়। কপালত বেটাৰীচালিত হেডলাইট আৰু কান্ধত ১০-১৫ কেজি ওজনৰ জালখন লৈ তেওঁ পুৱতি নিশা আন্ধাৰ-মুন্ধাৰে আগবাঢ়ে। ক্ৰীকৰ দিশে প্ৰায় ৪০০ মিটাৰ দূৰত আন এগৰাকী মহিলাই তেওঁৰ বাবে অপেক্ষা কৰি থাকে। “বহু বছৰৰ অভিজ্ঞতাই আমাক জোনৰ বিভিন্ন দশা পঢ়িবলৈ শিকাইছে। জোৱাৰ-ভাটাৰ সময় আমি তেনেকৈয়ে জানি লও,” তেওঁ কয়।
“আমাৰ সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীবোৰে নিজৰ মাক-দেউতাকক মাছ ধৰা দেখি দেখি ডাঙৰ হয় আৰু তেনেকৈয়ে শিকে। আমাৰ দেউতাই মোক লগত নিছিল যেতিয়া মোৰ বয়স আচিল ১৫ বছৰ। তেওঁ মোক শিকাইছিল জোৱাৰ ভাটা, জোনৰ কথা আৰু ক্ৰীকত মাছৰ গতিবিধি।” দেউতাকে শিকাই দিয়া পদ্ধতি অনুসৰণ কৰিয়ে ৬০ বছৰীয়া অমিতাই যোৱা পাঁচটা দশক ধৰি মৎস্যচিকাৰ কৰি আহিছে।
ক্ৰীকৰ কাষত পোৱাৰ পিছত তেওঁ আৰু আনগৰাকী মহিলাই দীঘলে ১০০ আৰু বহলে ২০ ফুটৰ জালখন মেলিলে। সোনকালেই তেওঁলোকে জালৰ দুয়োটা মূৰে ধৰি সাগৰত নামিব, ইজনে সিজনৰ পৰা প্ৰায় ৩০ ফুট ব্যৱধান ৰাখি পানীত খোজ কাঢ়িব। পানীত ডুবাই জালখন ধৰি তেওঁলোক সাগৰত প্ৰৱেশ কৰিব। জালত কি সোমাইছে, সেয়া চকুৰে চোৱাৰ সলনি অনুভৱ কৰিব।
“ভৰিৰ তলত কি আছে, কি নাই, সেয়া ৰাতি দেখা নাযায়। ভাগ্যে মূৰত বেটাৰী লগোৱা লেম্প পিন্ধি যাও। পানীৰ ঢৌত তিৰবিৰাই উঠা পোহৰতে আমি ইজনে সিজনৰ লগত যোগাযোগ ৰাখি আগবাঢ়ো। ঢৌ বৰ তীব্ৰ আৰু অলপ ইফাল-সিফাল হ’লেও আপুনি ভাৰসাম্য হেৰুৱাব পাৰে। পানীত থকালৈকে আপুনি নিৰাপদ নহয়। কেতিয়াবা আমি ডিঙিলৈকে পানীত থাকোঁ। মাছ ধৰিবই লাগিব, কিয়নো মাছ নধৰাকৈ ঘূৰি অহা মানে সেই দিনটোৰ উপাৰ্জন শূন্য।” অমিতা প্ৰায়ে চাৰি ঘণ্টাৰো অধিক সময় পানীৰ ভিতৰত থাকে, যেতিয়ালৈ হাতৰ ওজন পৰ্য্যাপ্ত যেন নালাগে।
দহানু তালুকৰ বৰোৰ গাঁৱৰ ওচৰৰ প্ৰায় ২০ কিলোমিটাৰ দীঘল এই ক্ৰীকত নাও নথকা অন্যান্য পুৰুষ-মহিলাইও এনেদৰেই হাতেৰে মৎস্যচিকাৰ কৰে। এই অঞ্চলটো ভাটাৰ সময়ত শুকাই থাকে আৰু জোৱাৰৰ সময়ত পানীৰে উপচি পৰে। “সাগৰলৈ নগ’লে আমি কি খাম?" অমিতাই প্ৰশ্ন কৰে।




















