এমাহৰ ওপৰ হৈ গ’ল নিশা যাদৱে পৰিয়ালৰ ৰেচনৰ বাবে অতিৰিক্ত এক মাইল দূৰলৈ যাবলগীয়া হৈছে। তেওঁলোকৰ চুবুৰীৰ ‘কিৰানা’ (ৰেচনৰ দোকান)খনে তেওঁলোকক গেলামালৰ বস্তু নিদিয়া হৈছে। “দেউতা হস্পিতালত থকা দিন ধৰি ৰাজনৱালা (গেলামাল দোকানী)য়ে আমাক তেওঁৰ দোকানত সোমাবলৈ নিদিয়া হ’ল,” তেওঁ কয়।
তেওঁ লগতে কয়, “জুন মাহৰ শেষৰফালে আমাৰ দেউতাৰ গাত ক’ভিড-১৯ ধৰা পৰিছিল। কিন্তু এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে। ঘৰৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ পৰা দুসপ্তাহ বেলেগকৈ আছিল। দেউতা যদিও এমাহ আগতেই সুস্থ হৈ উঠিল, তথাপি গেলামালৰ দোকানীজনে এতিয়াও কয় যে আমি তেওঁৰ দোকানত সোমালে ভাইৰাছ লাগিব। ফলত আমি এতিয়া এই একাঠু বোকা-পানী গছকি এমাইল দূৰৰ আত্মীয় এগৰাকীৰ ঘৰৰ পৰা ৰেচন আনিবলগীয়া হৈছে।”
একাদশ শ্ৰেণীৰ পৰীক্ষা পাছ কৰি পঢ়া এৰা নিশা (২৪)ৰ ঘৰ উত্তৰ প্ৰদেশৰ কুশিনগৰ জিলাৰ হাতা ব্লকৰ সহচা মাথিয়া গাঁৱত। গোৰখপুৰ চহৰৰ পৰা মাত্ৰ ৬০ কিলোমিটাৰ দূৰৰ এই গাওঁখন বৰ্ষা আৰু বানত জৰ্জৰ।
“আমাৰ বুআ-ফুফা (পেহা-পেহী)য়ে খাদ্য-সামগ্ৰী কিনি দিয়ে আৰু আমি পিছত পইচা দিও।” আমি কথা পাতি থকাৰ মাজতে নিশাই তেওঁ শাড়ীখনৰ তলৰ অংশটো তিনি-চাৰিটা ভাঁজ কৰিছে। তেওঁ বাঢ়নী পানীৰ মাজেৰে ঘৰলৈ যাব ওলাইছে। চাহ কাপ কৰিবলৈকো তেওঁলোকৰ পাকঘৰত চেনী শেষ হৈছে।







