প্ৰায় চাৰে-পাঁচটা দশক পূৰ্বে সংগত ৰামৰ বাবে চুলি এডালৰ সমানো ইফাল-সিফাল কৰা মানে প্ৰাণ হেৰুওৱা। এই এডাল চুলিৰ মান বুলি এই প্ৰতিবেদকক দেখুৱাই তেওঁ কয়, “আপুনি যদি ইমানখিনিও ভাৰসাম্য হেৰুৱায়, এই ধৰক চুলি এডালৰ মানো, আপুনি ডুবিল।” বৰফেৰে ভৰা বিপাশা নদী পাৰ কৰাটো ধেমালি কাৰবাৰ নাছিল। তাকো যদি বলধ গৰুৰ চামৰা ফুলাই বেলুনৰ দৰে কৰি লৈ সিটোৰে নদী পাৰ হোৱাটো খুবেই বিপদসংকূল কাম আছিল।
হিমাচল প্ৰদেশৰ কুল্লু উপত্যকাত তেনেকৈ নদী পাৰ কৰোৱা তাৰু (ঘাটৈ)সকলৰ শেষৰ কেইজনমানৰ মাজৰ এগৰাকী হৈছে সংগত ৰাম (৮৯)। তেওঁৰ সেই জীৱিকা পিছে কেতিয়াবাই নাইকিয়া হ’ল। এই শতিকাটোৰ আৰম্ভণিৰ ভাগত যেতিয়া দলং আৰু ঝুলা (ৰছী লগোৱা দলং) আহিল, তেতিয়াৰ পৰা তেওঁলোকৰ জীৱিকাৰ প্ৰাসংগিকতাও নাইকিয়া হৈ পৰিল। তাৰ আগতে স্থানীয় দেৱ-দেৱীৰ পৰা ৰজালৈ, বৰযাত্ৰীৰ পৰা মৃতদেহলৈ, শস্যৰ পৰা কাঠ-খৰি আদিকে ধৰি প্ৰায় সকলো বস্তু তেওঁ নিজৰ দিৰিয়াৰে পাৰ কৰাইছিল।
দিৰিয়া মানে হৈছে বলধ গৰুৰ সম্পূৰ্ণ চামৰাখন ফুলাই বেলুন আকৃতি দি সেইৰে নদী পাৰ কৰোৱা এবিধ আহিলা। দিৰিয়াৰ কাহিনী প্ৰায় দুই হাজাৰ বছৰ পুৰণি। তেতিয়াৰে কাহিনী যেতিয়া আলেকজেণ্ডাৰৰ সেনাই নৈৰ সোঁত দেখি ভাৰতত আৰু বেছি আগলৈ অগ্ৰসৰ হ’বলৈ বিচৰা নাছিল। গ্ৰীকসকলে আকৌ ভয়ংকৰ ৰূপ লোৱা নদীখন পাৰ হোৱাটো অসম্ভৱ বুলিয়ে ধৰিছিল। বিপাশা নদীখনেই আলেকজেণ্ডাৰৰ বাবে আটাইতকৈ ডাঙৰ হেঙাৰ হৈ দেখা দিছিল। কিছুমান ইতিহাসবিদে কয় যে ভাৰতৰ পূৰ্বাঞ্চলত সেই নদীখনৰ পৰাই আলেকজেণ্ডাৰে আৰু আগবাঢ়িব পৰা নাছিল।
বহু শতিকাজুৰি এনে অঞ্চলত দিৰিয়াৰেই ঘাটৈয়ে বিপাশা নৈৰে বস্তু-বাহিনী আৰু মানুহ পাৰ কৰাইছিল। তাৰ মাজত চাগে সংগত ৰামৰ পূৰ্বপুৰুষসকলো আছিল। নদীখন উৎপন্ন হৈছে এলপছ হ্ৰদৰ পৰা, বিপাশা কুণ্ড বুলিও তাক কোৱা হয়। পাঞ্জাৱৰ সমতল ভূমিত হাৰিকেত আহি শতদ্রু নদীৰ সৈতে মিলিত হোৱাৰ আগেয়ে এই নদীখন প্ৰায় ৪৭০ কিলোমিটাৰ বৈ আহিছে।










