“গুদক নাথাকিলে আমাৰ হোটেললৈ গ্ৰাহক অহাই বাদ পৰিব,” চন্দন চাকমাই কয়। যোৱা আঠ বছৰত ৩৭ বছৰীয়া চন্দন আৰু তেওঁৰ পত্নী চামাৰুৱে (৩৬) তেওঁলোকৰ হোটেলত গুদক পৰিৱেশন কৰি আহিছে। গাপত দিয়া মাছ আৰু পাচলিৰে তৈয়াৰী গুদক হৈছে ত্ৰিপুৰাৰ উনাকতি জিলাৰ চাকমা সম্প্ৰদায়ৰ পৰম্পৰাগত খাদ্য।
বিয়া হোৱাৰ ২০ বছৰ হোৱা দম্পতীহালে তেওঁলোকৰ গাওঁ শান্তিনগৰত এই জেছিকা হোটেলখন চলায়। তেওঁলোকৰ দুজনী জীয়ৰী জেছিকা আৰু চেৱনে ক্ৰমে দ্বাদশ আৰু অষ্টম মানত পঢ়ে।
“গুদক আমাৰ পৰিচয়ৰ সৈতে জৰিত,” চন্দনে কয়। চাকমা সম্প্ৰদায়টোৰ জনসংখ্যা শেহতীয়া লোকপিয়ল অনুসৰি ত্ৰিপুৰাত ৮০,০০০ আৰু তাত তেওঁলোক অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ।
দম্পতীহালে কয় যে তেওঁলোকৰ হোটেলত গুদক গোটেই বছৰটো চলে। তিনিটা কোঠাৰ জেছিকা হোটেলখনত এবাৰত ৪০ জন মানুহ বহিব পাৰে আৰু থালিৰ দাম ১০০ টকাৰ পৰা ১৬০ টকা। পৰম্পৰাগত গুদক এই থালিৰ লগত দিয়া খুবেই প্ৰিয় খাদ্য।
“মানুহে প্ৰায়ে গুদক পৃথকে বিক্ৰী কৰিবলৈ কয় যাতে তেওঁলোকে সেয়া ঘৰলৈ লৈ যাব পাৰে,” ঘৰত নিজে খাদ্যবিধ তৈয়াৰ কৰা চন্দনে কয়। “ইয়াত বসবাস কৰা সকলো সম্প্ৰদায়ৰ লোকেই এইবিধ ব্যঞ্জন ভাল পায়,” তেওঁ কয়। সকলো বুলি কওতে তেওঁ হালাম, মোগ, ডেব্বাৰ্মা আৰু বহুদশক আগতে বাংলাদেশৰ পৰা প্ৰব্ৰজিত শান্তিনগৰৰ বাংলাভাষী লোকসকলৰ কথা কৈছে।
এই প্ৰিয় খাদ্যবিধ বনোৱা হয় পাচলি আৰু গাপত দিয়া মাছেৰে। গাপত দিয়া মাছক স্থানীয় ভাষাত বেৰ্মা বা চিদল বুলি কয় আৰু পুঁটি (পুঠিমাছ) আৰু ফাঁছা (Septipinna phasa) আদি ব্যৱহাৰ কৰা হয়। “আমি ফাঁছা চিদল ব্যৱহাৰ কৰোঁ কিয়নো ইয়াৰ এটা সুকীয়া উগ্ৰ স্বাদ আছে,” চন্দনে কয়। তেওঁ স্থানীয় বজাৰৰ পৰা ৫০০ টকাত একচিদল কিনে আৰু










