পোলামাৰাচেট্টিৰ পদ্মজাৰ পৰিয়ালে তেওঁ বিয়াৰ বাবে ২৫ তোলা সোণ (২৫০ গ্ৰাম)ৰ গহনা যৌতুক হিচাপে দিছিল। “স্বামীয়ে যেতিয়া গোটেইখিনি বিক্ৰী কৰি পেলালে, তাৰপিছত আমাৰ দৰকাৰো তেওঁক নোহোৱা হ’ল,” ৩১ বছৰ বয়সীয়া পদ্মজাই কয়। ঘড়ী মেৰামতি কৰা তেওঁৰ পেছা।
পদ্মজাৰ গিৰীয়েকে এপদ এপদকৈ আটাইখিনি গহণা বিক্ৰী কৰি পইচাবোৰ মদৰ নামত শেষ কৰিলে। “আমাৰ আৰু আমাৰ পৰিয়ালটোৰ খৰচ ময়েই যোগাৰ কৰিবলগীয়া হয়, বিশেষকৈ মোৰ সন্তানকেইটাৰ কাৰণে,” তেওঁ কয়। ২০১৮ত যেতিয়া তেওঁৰ স্বামীয়ে তেওঁক এৰি গুছি যায়, তেতিয়াৰে পৰা তেওঁ ঘড়ী মেৰামতিৰ কাম আৰম্ভ কৰে আৰু এতিয়া বোধহয় অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম চহৰত এই কামত নিযুক্ত সম্ভৱত তেঁৱেই একমাত্ৰ মহিলা।
তেতিয়াৰে পৰা তেওঁ এখন সৰু ঘড়ীৰ দোকানত কাম কৰি আহিছে। তাত তেওঁ মাহে ৬ হাজাৰ টকা পায়। কিন্তু মাৰ্চত যেতিয়া ক’ভিড-১৯ মহামাৰীৰ বাবে লকডাউন আৰম্ভ হ’ল, তেতিয়া তেওঁৰ আয়তো যতি পৰিল। সেই মাহত তেওঁ আধা দৰমহা পালে আৰু এপ্ৰিল আৰু মে’ত একোৱেই নাপালেই।
“মে মাহলৈ মই জমা পইচাৰে কোনোমতে ঘৰ ভাৰা দিলো,” চহৰখনৰ কাঞ্চাৰাপালেম অঞ্চলত দুই পুত্ৰ ১৩ বছৰীয়া অমন আৰু ১০ বছৰীয়া ৰাজেশৰ সৈতে থকা পদ্মজাই কয়। “এইবাৰ ইহত দুটাক স্কুললৈ পঠিয়াব পাৰিম বুলি আশা কৰিছো। মই নিজে ১০ম মানলৈ পঢ়িছো, সিহঁতে মোতকৈ বেছি পঢ়া-শুনা কৰক, সেয়েই আশা কৰিছো।”
পদ্মজাৰ উপাৰ্জনেৰেই সংসাৰখন চলিছে। পৰিয়ালটোত তেওঁৰ মাক-দেউতাকো আছে। বেকাৰ গিৰীয়েকৰ পৰা কোনোধৰণৰ সহায় তেওঁ নাপায়। “তেওঁ ইয়ালৈ আহে, কিন্তু যেতিয়া হাতত পইচা থাকে, তেতিয়াহে,” পদ্মজাই কয়। গিৰীয়েক আহিলে পদ্মজাই অৱশ্যে তেওঁক ঘৰত থাকিবলৈ দিয়ে।
“ঘড়ী মেৰামতি কৰাৰ সিদ্ধান্তটো হঠাতে মনলৈ আহিছিল,” স্মৃতিচাৰণ কৰি পদ্মজাই কয়। “স্বামী যেতিয়া গুছি গ’ল, আমি একেবাৰে দিশহাৰা হৈ পৰিছিলো। মই একেবাৰে নিমাখিত আছিলো। তেতিয়াই আমাক বন্ধুবৰ্গই এই কামৰ পৰামৰ্শ দিলে,” তেওঁ কয়। তেওঁ বন্ধুৰ ভাইটি এম.ডি. মুস্তাফাই পদ্মজাক ঘড়ী মেৰামতিৰ কাম শিকালে। বিশাখাপট্টনমৰ ব্যস্ত জগদম্বা জংছন এলেকাত তেওঁৰ ঘড়ীৰ দোকান এখন আছে। তাতেই পদ্মজাই কাম কৰা দোকানখনো আছে। ছমাহত তেওঁ এই কৌশল আয়ত্ত কৰি ল’লে।










