যোৱা সাতটা বছৰ ধৰি মই আলোকচিত্ৰৰ যোগেদি অনাময় কৰ্মীসকলৰ জীৱন-জীৱিকা আৰু সংগ্ৰাম নথিভুক্ত কৰি আহিছো। এই সময়ছোৱাত মই কেতিয়াও অনাময় কৰ্মী এগৰাকীক সঠিক মাস্ক বা সুৰক্ষামূলক আহিলা পৰিধান কৰা দেখা নাই। যি দুই-এপদ সুৰক্ষামূলক সামগ্ৰী তেওঁলোকে পৰিধান কৰে, সেয়া তেওঁলোকে নিজে যোগাৰ কৰি লোৱা।
বিজ্ঞানৰ দিশত ভাৰত আজি যিমানেই আগুৱাই নাযাওঁক লাগিলে, আমি মানুহক পূতিগন্ধময় নলা-নৰ্দমাৰ ভিতৰলৈ পঠিয়াইয়ে আছো, সেয়া লাগিলে যিমানেই মাৰাত্মক নহওঁক কিয়। স্পষ্ট কথা যে বিজ্ঞানৰ যিমানেই অগ্ৰগতি নহওঁক লাগিলে, আমাৰ সমাজত জাতিভেদ প্ৰথা বৰ দকৈ শিপাই আছে।
ক’ভিড মহামাৰী বা প্ৰাকৃতিক দুৰ্যোগৰ সময়তহে অনাময় কৰ্মীসকলক “সন্মুখ সমৰৰ কৰ্মচাৰী” বুলি বিবেচনা কৰা হয়। আন সকলো সময়ত তেওঁলোকক কেৱল জাবৰ-জোঁথৰ পেলোৱা মানুহ বুলিয়ে গণ্য কৰা হয়।
১ৰ পৰা ১৩ আগষ্ট, ২০২৫লৈ অনাময় কৰ্মীসকলে চেন্নাই ৰিপন বিল্ডিংস্থিত চহৰখনৰ বৃহত্তৰ চেন্নাই পৌৰনিগমৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত অনাময় কৰ্মৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কৰে। ত্ৰয়োদশ দিনটোত তামিলনাডু চৰকাৰে আৰক্ষীৰ সহায় লৈ তেওঁলোকক বলপূৰ্ৱকভাৱে তাৰপৰা উচ্ছেদ কৰে।
বৃহত্তৰ চেন্নাই পৌৰনিগমে ৫নং মণ্ডল (ৰয়াপুৰম) আৰু ৬নং মণ্ডল (তিৰু ভি কা নগৰ)ৰ গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ দায়িত্ব ব্যক্তিগত ঠিকাদাৰক গতোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত দুয়োটা মণ্ডলৰ অনাময় কৰ্মীয়ে ১ আগষ্টৰ পৰা প্ৰতিবাদ কৰি আহিছিল।
এই শ্ৰমিকসকল, যাৰ প্ৰায়ভাগেই দলিত মহিলা, তেওঁলোকে বছৰ বছৰ ধৰি চহৰখন চাফা কৰি আহিছে – ব্যক্তিগতকৰণ তেওঁলোকৰ বাবে কেৱল মজুৰিৰ কথা নহয়, মৰ্য্যাদা আৰু উত্তৰজীৱিতাৰো প্ৰশ্ন। পৌৰনিগমৰ পৰা নিয়োগৰ সম্পৰ্ক ছিগা মানে তেওঁলোকে প্ৰচলিত শ্ৰমিক আইনৰ অধীনত চাকৰিৰ স্থায়িত্বৰ সম্ভাৱনাও হেৰুৱাব পাৰে। তেওঁলোকৰ এই যুঁজ জীৱিকাৰ বাবে, লগতে দক্ষতাৰ গইনা লৈ তেওঁলোকৰ ইতিমধ্যে অদৃশ্য শ্ৰমক আৰু বেছি মূল্যহীন কৰি তোলাৰ বিৰুদ্ধে তেওঁলোকৰ এই প্ৰতিবাদ।


























