বতাহত মাটি আৰু খৰিৰ ধোঁৱাৰ গোন্ধ মিহলি হৈ পৰিছে।চিমেণ্টৰ মজিয়াখনত এটা ডাঙৰ টাবত জমা কৰি ৰখা বগা মাটিৰ দাগ পৰিছে। সাঁচ আৰু অৰ্ধনিৰ্মিত চীনামাটিৰ বস্তুবোৰ সিঁচৰতি হৈ পৰি আছে। খোজ কাঢ়িবলৈ ঠাই নাই বুলিবই পাৰি। “চাই-চিতি খোজ দিব,” হামিদ আহমেদে ঘনে ঘনে সকলোকে সতৰ্ক কৰি দিছে।
বাৰ বছৰীয়া সৰু ল’ৰা এটি চাকত বহিছে, চকাৰ বেগৰ সৈতে নিজৰ হাত ছন্দ মিলাবলৈ যত্ন কৰিছে। সেয়া হামিদৰ পুত্ৰ মহম্মদ চলমান। চলমানে সোঁভৰিৰে জোৰ দি চাকখন ঘূৰাবলৈ যত্ন কৰিছে আৰু বাওঁ ভৰিখন কোঁচাইছে – গোটেই গাতে তেওঁৰ ধূলি লাগিছে। তেওঁৰ মুখখন চাই গম পোৱা যায়, তেওঁ কিমান মনযোগ দিছে।
“[পাত্ৰটো] লাহে লাহে উলিওৱা,” হামিদে তেওঁক বুজাই দিলে। এই দৃশ্যই তেওঁক অতীতৰ কথা মনত পেলাই দিছে। ইতিহাসৰ পুনৰাবৃত্তি ঘটিছে। ৪৯ বছৰীয়া নিপুণ মৃৎশিল্পীগৰাকীৰ বয়স তেতিয়া প্ৰায় ৯ বছৰ, যেতিয়া তেওঁ পিতৃৰ পৰা এই কিক-হুইল কৌশলৰ প্ৰথম পাঠ লৈছিল। “মোৰ হাতত প্ৰথমে পাত্ৰবোৰ ভাঙিছিল,” তেওঁ সেই দিনবোৰ মনত পেলায়, মুখত তেওঁৰ মিচিকীয়া হাঁহি। “অভ্যাস কৰিলে লাহে লাহে নিপুণতা আহি যায়।”
দহজন ভাতৃৰ এজন হামিদ সপ্তম প্ৰজন্মৰ কাৰুশিল্পী।আজিও উত্তৰ প্ৰদেশত তেওঁলোকৰ পৰিয়ালটোৱেই আছে, যিয়ে চীনামাটিৰ চহৰ বুলি জনাজাত খুৰ্জাত ঘাইকৈ মুছলমান সম্প্ৰদায়ৰ লোকে চৰ্চা কৰা স্বকীয় পৰিচয় থকা মৃৎশিল্পক আজিও অব্যাহত ৰাখিছে।



















