থিৰা শিল্পী এম.কে. কেলুকুট্টিয়ে এবাৰ সেই নৃত্য প্ৰদৰ্শনৰ সময়ত পৱিত্ৰ কুঞ্জবনৰ পৰা এটা পাত চিঙিছিল। “তেওঁক ঠাইখন ‘প্ৰদূষিত’ কৰাৰ বাবে চাৰি অনা জৰিমনা ভৰোৱা হৈছিল। তেওঁ যে সেইখিনি সময়ত ইশ্বৰৰ ভূমিকাত অৱতীৰ্ণ হৈছিল, সেই কথা কোনেও বিবেচনা কৰা নাছিল,” তেওঁৰ নাতিল’ৰা এম. কে. কুন্নিৰমনে কয়।
থিৰা শিল্পীসকল অনুসূচিত জনজাতিৰ আৰু যদিও তেওঁলোকক উচ্চ জাতৰ লোকৰ মন্দিৰত পৰিৱেশনৰ বাবে আদৰা হয় যদিও সিমানখিনিতে তেওঁলোকক সীমাবদ্ধ কৰি ৰখা হয়। এই আনুষ্ঠানিক নৃত্য কাবু মানে পৱিত্ৰ কুঞ্জবনত প্ৰদৰ্শন কৰা হয়। মন্দিৰ প্ৰাংগনতো এই নৃত্য প্ৰদৰ্শিত হয়। কিন্তু দেৱ-দেৱতা য’ত ৰখা হয়, তাত তেওঁলোক সোমোৱাটো নিষিদ্ধ।
কুন্নিৰমন হৈছে ৱান্নন সম্প্ৰদায়ৰ, তেওঁলোকে পৰম্পৰাগতভাৱে সাধাৰণতে উচ্চ জাতৰ লোকৰ কাপোৰ ধোৱা কাম কৰে। তেওঁলোকক কেৰালাত অনুসূচিত জাতি হিচাপে তালিকাভুক্ত কৰা আছে। পিতৃ আৰু ককাক যেতিয়া থিৰা নৃত্য প্ৰদৰ্শন কৰিবলৈ যায়, তেঁৱো লগত গৈছিল। তেওঁ দুকুৰি বছৰ বয়স হোৱাৰ আগেয়েই থিৰা শিল্প প্ৰদৰ্শন কৰিবলৈ লয়।
“তালাচিলন, কাৰিয়াতান, কুটিচাটন, বেট্টাকৰুমকন, কান্নিকাকাৰুৱন…” ৮৭ বৰ্ষীয় লোকজনে যি যি দেৱতাৰ চৰিত্ৰত অভিনয় কৰিছে, নামবোৰ গাই যায়।
তাৰপিছত কুন্নিৰমনে ‘অঞ্জৰি’ আৰু ‘টোট্টম পাতু’ গাবলৈ ধৰে। প্ৰথমটো গোৱা হয় ইশ্বৰক আহ্বান জনাবলৈ, যিয়ে তেওঁ দেহটো ধাৰণ কৰিব আৰু দ্বিতীয়টোৱে কুটিচাটনৰ ইতিহাস বৰ্ণায়। কিছুমান পণ্ডিতে কয় যে টোট্টম পাতুৰে দেৱী ভগৱতিকহে আৱাহন জনোৱা হয়, কুটিচাটনক নহয়, যাক অপায়-অমংগল দূৰ কৰি সমৃদ্ধি অনা দেৱতা হিচাপে জনা যায়। বুকুত আঠটা পুল্লি (বিন্দু)ৰে এইজন দেৱতাক বুজোৱা হয়।
তেওঁৰ মধুৰ ধ্বনিৰে গোটেই ঠাইখন ৰজনজনাই উঠে। “কুটিচাটনৰ মাতৃ আছিল এগৰাকী ৱাল্লুৱা (নিম্ন জাতৰ) আৰু পিতৃ আছিল নাম্বোদিৰি (ব্ৰাহ্মণ)। এবাৰ ল’ৰালিত তেওঁৰ বৰ ভোক লাগিল। বহুদিন ধৰি তেওঁ অনাহাৰে আছিল। তেওঁ ম’হ এটা মাৰি তাৰ তেজখিনি পী খালে। তাকে দেখি খঙত একোনাই হৈ তেওঁক কাটি ৩৯৯ টুকুৰা কৰে,” কুন্নিৰমনে কয়।
তেওঁ কলিকটৰ শিৱপুৰম গাঁৱৰ নিজৰ দুমহলীয়া ঘৰটোৰ বাৰান্দাত বহি আছে। “তেনেকেয়ৈ আমাৰ আজি বহু কুটিচাটন আছে - পুকুট্টি, তীকুট্টি, কাৰিকুট্টি,” তেওঁ এই প্ৰতিবেদকক কয়।


























