হাবিৰ মাজৰ নিৰ্জন ঠাই এখনত হঠাতে দেখিব এখন গুমটি। চাৰিবেৰ মাটি লেপা ঘৰ, সন্মুখত এখন বগা কাগজত হাতে লিখা আছে:


Idukki, Kerala
|MON, MAR 02, 2026
বনৰ মাজৰ পুথিভঁৰালটো
৭৩ বছৰ বয়সীয়া পি.ভি. চিন্নাথাম্বিয়ে কেৰালাৰ ইডুক্কি জিলাৰ হাবিৰ মাজত এটা গ্ৰন্থাগাৰ চলায়। তাত কালজয়ী ধ্ৰুপদী সাহিত্যৰ তালিকাভুক্ত ১৬০ খন গ্ৰন্থ আছে। গ্ৰন্থসমূহ দৰিদ্ৰ মুথাভান জনজাতিৰ লোকসকলে নিয়মীয়াকৈ ধাৰলৈ নিয়ে, পঢ়ে আৰু ঘূৰাই দিয়ে
Author
Translator
অক্ষৰা আৰ্টচ্ এণ্ড স্প’ৰ্টচ্
লাইব্ৰেৰী
ইৰুপ্পুকাল্লাকুড়ি
এড়ামালাকুড়ি

P. Sainath
গ্ৰন্থাগাৰ? ইডুক্কি জিলাৰ এই হাবিৰ মাজৰ নিৰ্জনতাত? ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ ক্ষেত্রত প্ৰথম স্থান অধিকাৰ কৰি অহা এই অঞ্চলটো এতিয়াও অৱশ্যে সাক্ষৰতাৰ দিশত পিছপৰি আছে। ৰাজ্যখনৰ প্ৰথমখন নিৰ্বাচিত জনজাতীয় গাঁও পৰিষদৰ অধীনস্থ এই গাঁৱত ২৫ ঘৰ মানুহ আছে। এই পৰিয়ালকেইটাৰ বাদে আন কোনো গাঁৱৰ মানুহে কিতাপ ধাৰলৈ নিবলৈ হ’লে এই ঘন হাবিৰ মাজেৰে দীঘলীয়া বাট বুলিব লাগিব। তেনে পৰিস্থিতিত পঢ়ুৱৈ পোৱা যায়নে, মানুহ আহেনে বাৰু?
“হয় আহে,” পি.ভি. চিন্নাথাম্বিয়ে কয়। ৭৩ বছৰ বয়সীয়া এই চিন্নাথাম্বি এগৰাকী চাহ দোকানী, স্প’ৰ্টচ্ ক্লাব সংগঠক আৰু গ্ৰন্থাগাৰিক। এড়ামালাকুড়িৰ পাহাৰীয়া বাটত অৱস্থিত এই সৰু চাহৰ দোকানখনত চাহ, মিক্সাৰ, চানাচুৰ, বিস্কুট, দিয়াশলাই আৰু আন আন সৰু-সুৰা বস্তু পোৱা যায়। কেৰালাৰ আওহতীয়া এই পঞ্চায়তত মুথাভান জনজাতীয় লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ এই বসতিস্থল ঢুকি পাবলৈ মুন্নাৰৰ নিকটৱৰ্তী পেট্টিমুড়িৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ বাট খোজকাঢ়িব লাগিব। তাৰ পৰা আকৌ চিন্নাথাম্বিৰ চাহৰ দোকানখন পাবলৈ আৰু অলপ আগুৱাব লাগিব। তেওঁৰ ঘৰত আমি যেতিয়া উপস্থিত হও, তেতিয়া চিন্নাথাম্বিৰ পত্নী কামৰ বাবে বাহিৰলৈ গৈছিল। তেওঁলোকো মুথাভান সম্প্ৰদায়ৰ।
আমি অলপ আচৰিত হৈয়ে প্ৰশ্ন কৰিলো, “চিন্নাথাম্বি, চাহো খালো। দোকানত কি আছে, সেয়াও চালো। এতিয়া গ্ৰন্থাগাৰটো ক’ত আছে কওকচোন।” তেওঁ উজ্জ্বল চকুকেইটাৰে হাঁহি এটা মাৰি আমাক ভিতৰৰ সৰু চুক এটালৈ গ’ল। ঘৰৰ অন্ধকাৰ এটা চুকৰ পৰা দুটা মৰাপাটৰ বস্তা তেওঁ উলিয়ালে। ২৫ কিলোমান চাউল ধৰা বস্তা। দুটা বস্তা মিলি ১৬০ খন কিতাপ। তেওঁৰ গ্ৰন্থাগাৰৰ গোটেইখিনি কিতাপ। সেইখিনি তেওঁ বৰ সাৱধানে কঠ এখনত উলিয়ায়। এই কামটো তেওঁ প্ৰতিদিনে নিৰ্ধাৰিত এক সময়ত নিয়মমাফিক কৰি আহিছে।
আমাৰ আঠজনীয়া দলটোৱে হতবাক হৈ কিতাপবোৰ লুটিয়াই চোৱাত লাগিলো। আটাইবোৰেই প্ৰায় অমৰ সাহিত্যকীৰ্তি, কালজয়ী সাহিত্য আৰু ৰাজনৈতিক বিষয়ৰ কিতাপ। ৰহস্য গ্ৰন্থ, বজাৰত পোৱা বেষ্টচেলাৰ বা সস্তা সাহিত্যজাতীয় কিতাপ এখনো নাই। তাত আছে তামিল মহাকাব্য চিলাপ্পাথিকৰমৰ মালায়লম অনুবাদ। ভৈকম মহম্মদ বছীৰ, এম.টি. বাসুদেৱন নায়াৰ, কমলা দাস আদিৰ কিতাপ আছে। এম মুকুন্দন, ললিথাম্বিকা আন্থাৰজানম আৰু অন্যান্য লিখকৰ কিতাপো তাত দেখা গ’ল। মহাত্মা গান্ধীৰ সমসাময়িক থপ্পিল বাচিৰৰ ‘ইউ মেড মি এ কমিউনিষ্ট’ৰ দৰে চৰমপন্থী ভাবধাৰাৰ কিতাপো আছে।
“কিন্তু চিন্নাথাম্বিৰ তাত থকা এনে কিতাপবোৰ কোনোবাই পঢ়েনে?” আমি জানিব বিচাৰিলো। তেতিয়ালৈ আমি বহিছো। আন জনজাতীয় লোকৰ দৰে মুথাভান জনজাতীয় লোকসকলো গভীৰ বঞ্চনাৰ সন্মুখীন হৈ আহিছে। আধাতে শিক্ষা এৰা শিশুৰ সংখ্যা এই জনজাতিৰ মাজত অত্যধিক। আমাৰ উত্তৰত তেওঁ গ্ৰন্থাগাৰৰ পঞ্জীয়ন বহীখন উলিয়াই আনিলে। এইখনত বৰ পৰিপাটিকৈ কিতাপ পঢ়িবলৈ নিয়া আৰু ঘূৰাই দিয়াৰ হিচাপ ৰখা হয়। চুবুৰীটোত কেৱল ২৫ টা পৰিয়াল আছে, কিন্তু ২০১৩ত ৩৭ খন কিতাপৰ প্ৰৱিষ্টি তাত আছে। সেয়া মুঠ ১৬০ খন কিতাপৰ প্ৰায় এক-চতুৰ্থাংশ। ভালেই। গ্ৰন্থাগাৰটোত আজীৱন সদস্যপদ ২৫ টকা আৰু মাহে ২ টকা। কিতাপ পঢ়িবলৈ নিলে অতিৰিক্ত পইচা দিব নালাগে। চাহ বিনামূলীয়া। চেনী নিদিয়া চাহ। “মানুহে পাহাৰৰ পৰা ভাগৰুৱা হৈ আহে।” কেৱল বিস্কুট, মিক্সাৰ বা চানাচুৰ আদিৰ দাম দিব লাগে। কেতিয়াবা অতিথিয়ে আকৌ বিনামূলীয়া আহাৰো পাব পাৰে।

P. Sainath
কিতাপ নিয়াৰ তাৰিখ আৰু জমা দিয়াৰ তাৰিখ, দাতাৰ নাম আদি যাবতীয়া তথ্য স্পষ্টকৈ পঞ্জীয়ন বহীটোত লিখা আছে। ইল্লাংগোৰ চিলাপ্পাথিকাৰাম কিতাপখন একাধিকবাৰ ধাৰে নিয়া হৈছে। ইতিমধ্যে এইবছৰো ভালেমান কিতাপ ধাৰলৈ নিয়া হৈছে। প্ৰান্তীয় আদিবাসী সমাজৰ পৃষ্ঠপোষকতাত এই নিৰিবিলি জংগলত অত্যন্ত উচ্চমানৰ সাহিত্যচৰ্চা চলিছে। এই ছবি দেখি মনটো প্ৰশান্তিৰে ভৰি পৰে। তাৰ লগতে আকৌ আমাৰ কিছুমানৰ চহৰৰ পৰিৱেশত পঢ়াৰ অভ্যাস নষ্ট হোৱাৰ কথাটো চাগে মনলৈ আহিছে।
আমাৰ দলটো, য’ত প্ৰায় অধিকাংশৰে জীৱিকা লিখা-মেলা, তেওঁলোকৰ অহংবোধ আৰু অলপ খহিল। আমাৰ সংগী, কেৰালা প্ৰেছ একাডেমিৰ সাংবাদিকতা বিভাগৰ তিনি ছাত্ৰৰ এগৰাকী, বয়সত তৰুণ এচ-য়ে কিতাপৰ মাজৰ পৰা এখন ভিন্নধৰ্মী কিতাপ বিচাৰি পালে। আঁচটনা বহীত হাতেলিখা পাতবোৰ তেওঁ লুটিয়াই চালে। বহীটোত একো শিৰোনাম নাই, সেইখন আচলতে চিন্নাথাম্বিৰ আত্মজীৱনী। কিতাপখন লিখা কামটো বেছি আগুৱাব পৰা নাই বুলি কৈ ক্ষমা খোজে চিন্নাথাম্বিয়ে। কিন্তু তেওঁ লিখি আছে। “ঠিক আছে, চিন্নাথাম্বি। আমাক অলপ পঢ়ি শুনাওক।” বেছি দীঘল নাছিল, অসম্পূৰ্ণ যদিও স্পষ্টকৈ লিখা হৈছিল। তেওঁৰ সামাজিক আৰু ৰাজনৈতিক সচেতনতাৰ উন্মেষৰ কথা তাত আছে। লেখা আৰম্ভ হৈছে মহাত্মা গান্ধীৰ মৃত্যুৰ পৰা। তেতিয়া তেওঁৰ বয়স প্ৰায় সাত বছৰ। ঘটনাটোৰ গভীৰ চাপ তেওঁৰ মনত পৰিছিল।
চিন্নাথাম্বিয়ে কয় যে তেওঁ এড়ামালাকুড়িলৈ ঘূৰি আহি গ্ৰন্থাগাৰ এটা প্ৰতিষ্ঠা কৰাৰ প্ৰেৰণা লাভ কৰিছিল মুৰলি মাচ (মাষ্টাৰ মহোদয়)ৰ পৰা। মুৰলি মাচ এগৰাকী প্ৰবাদপ্ৰতিম পুৰুষ আৰু এগৰাকী শিক্ষক। তেওঁ নিজেও জনজাতীয় সম্প্ৰদায়ৰ মানুহ আছিল। অন্য এটা জনজাতিৰ। এই পঞ্চায়তৰ বাহিৰত মানকুলাম অঞ্চলৰ তেওঁ বাসিন্তা। নিজৰ জীৱনটোৰ সৰহভাগ সময় তেওঁ মুথাভানসকলৰ সৈতে আৰু তেওঁলোকৰ বাবে কাম কৰাৰ উদ্দেশ্যেই উৎসৰ্গা কৰিছে। চিন্নাথাম্বিয়ে কয়, “মাচেই মোক এই বাট দেখুৱাইছে,” একো বিশেষ লেখত ল’বলগীয়া কাম কৰা বুলি মনত ভাব নৰখা চিন্নাথাম্বিয়ে কয়।
২৮ টা চুবুৰীৰ মাজত এই এড়ামালাকুড়ি চুবুৰীটোৰ জনসংখ্যা ২৫০০ৰো কম। মোটামুটিভাবে গোটেই জগতখনৰ মুথাভান জনগোষ্ঠীৰ মানুহ ইয়াতেই আছে। এশমান মুথাভান লোক থাকে ইৰুপ্পুকাল্লাকু়ড়িত। এড়ামালাকুড়িখনে প্ৰায় এশ বৰ্গকিলোমিটাৰ অৰণ্য আগুৰি আছে, গোটেই ৰাজ্যখনৰ ভিতৰত সৰ্বনিম্ন ভোট এইখন পঞ্চায়তত। খুব বেছি ১৫০০ ভোট হ’ব। যি বাটে আমি ঘূৰি যোৱাৰ কথা আছিল, সেই বাট আমি এৰিবলগীয়া হ’ল। বনৰীয়া হাতীৰ দল এটা তামিলনাডুৰ ভালপাৰাইলৈ চমু বাট পোনোৱাৰ বাবে আমি আমাৰ বাট সলনি কৰিবলগীয়া হ’ল।
অৱশ্যে চিন্নাথাম্বি ইয়াতেই থাকিব, পৃথিৱীৰ নিৰ্জনতম এই গ্ৰন্থাগাৰটি চলাই থাকিব। দৰিদ্ৰ পঢ়ুৱৈক চিন্তাৰ খোৰাক যোগাবলৈ তেওঁ গ্ৰন্থাগাৰটো জীয়াই ৰাখিব। তেওঁলোকৰ বাবে সাজু ৰাখিব চানাচুৰ আৰু দিয়াশলাই। ইফালে আমাৰ হৈ-হাল্লাপ্ৰিয় দলটি নীৰৱে উভতিছে। চিন্নাথাম্বিৰ সৈতে এই সাক্ষাতে সকলোৰে মনত গভীৰভাৱে ৰেখাপাত কৰিছে। আমাৰ চকু সন্মুখৰ কঠিন বাটত। কিন্তু মন তেতিয়াও সেই অসাধাৰণ গ্ৰন্থগাৰিক পি.ভি. চিন্নাথাম্বিৰ গ্ৰন্থাগাৰত।
এই প্ৰতিবেদন প্ৰথমে এইটো ৱেবছাইটত প্ৰকাশ পাইছিল: : http://psainath.org/the-wilderness-library/
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/the-wilderness-library-as

