২০১২ত অঞ্জু ৰাণী বিয়া হৈ অহাৰ পিছৰ পৰাই তেওঁৰ জীৱনটোত খেলিমেলি লাগিবলৈ ধৰে। “মোৰ স্বামী আছিল এগৰাকী সুৰাসক্ত লোক। প্ৰায়ে আমাৰ কাজিয়া লাগিছিল। মই ভিতৰি ভিতৰি ভাগি পৰিছিলো,” দুই সন্তানৰ মাতৃ ৩৪ বৰ্ষীয় অঞ্জুৱে কয়।
অঞ্জুৰ গিৰীয়েকে ঘৰখন চলোৱাত কোনোধৰণৰ সহযোগিতা কৰা নাছিল। জীয়েকৰ পোহপাল দিয়াৰ বাবেও তেওঁলোকৰ হাতত ধন নাছিল। “আমাৰ বিদ্যুতৰ বিল প্ৰায়ে দিয়া নহৈছিল,” তেওঁ কয়। “ধাৰ বাঢ়ি গৈ আছিল আৰু সুদখোৰে প্ৰায়ে আমাৰ ঘৰলৈ আহি আমাক হাৰাশাস্তি কৰিছিল। মই শংকাত দিন কটাইছিলো।”
প্ৰায়ে তেওঁ উত্তৰপ্ৰদেশৰ পশ্চিমভাগৰ চিয়ানা চহৰৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ অয়াদনগৰস্থিত মাকৰ ঘৰলৈ গুছি গৈছিল। বিয়া হৈ তাইৰ এই বিলৈ দেখা সত্বেও চুবুৰীয়া আৰু আত্মীয়-স্বজনে প্ৰায়ে কথাবোৰ সহজভাৱে ল’বলৈ কৈছিল আৰু এয়া তেনেই সাধাৰণ কথা বুলি কৈ সামৰিছিল। তেওঁলোকে প্ৰায়ে অঞ্জুক গিৰীয়েকৰ ওচৰলৈ যাবলৈ জোৰ দি থাকিছিল। উপায়ন্তৰ হৈ সদায়ে অঞ্জুৱে পুনৰাই গিৰীয়েকৰ ঘৰলৈ উভতি আহিছিল।
অঞ্জুৰ পিতৃ কৰ্কট ৰোগত ঢুকোৱাৰ পিছত অঞ্জুৰ মাক অকলেই থাকিছিল। “এদিন মই সকলো এৰি মোৰ মাৰ ঘৰলৈ গুছি গ’লো। তেওঁ কেতিয়াও মোক নিবলৈ ঘুৰি নাহিল আৰু ময়ো কেতিয়াও যোৱাৰ কথা নাভাবিলো,” চাৰপাই এখনত মাকৰ কাষত বহি থকা অঞ্জুৱে কয়।
মাকৰ ঘৰত থাকি অঞ্জুৱে ঘৰ চলাবলৈ খেতিপথাৰত দিনহাজিৰা কৰিবলৈ ল’লে। খেতি-বাতিৰ সময়ত তেওঁ কাম পালে দিনটোত ২০০ৰ পৰা ২৫০ টকা উপাৰ্জন হৈছিল।
২০১৭ত তেওঁ পুনৰাই বিয়াত বহাৰ কথা চিন্তা কৰে। বিয়া হ’ল আৰু দ্বিতীয় কন্যাসন্তান পালে। “আকৌ এবাৰ জীৱনটো আৰম্ভ কৰাৰ চেষ্টা কৰিলো। কিন্তু দ্বিতীয় বিবাহত সোমাই আগতকৈ বেয়া অৱস্থাৰহে সন্মুখীন হ’লো। এইজনেও মদ খাই আহি মোক মাৰ-ধৰ কৰিছিল। তেওঁ মদ কিনিবলৈ ঘৰৰ সামগ্ৰী বিক্ৰী কৰিছিল। প্ৰথমে শস্য, তাৰপিছত কুলাৰটো, তাৰপিছত আনকি মোৰ চিলাই মেচিনটোও বিক্ৰী কৰিছিল। তাৰপিছত তেওঁ আনৰ ঘৰৰ পৰা বস্তু চুৰ কৰিবলৈ ল’লে। মই বৰ লাজত পৰিছিলো।”









