“২০২০ৰ লকডাউনৰ সময়ত বিশাখাপট্টনমৰ পৰা ঘৰলৈ যাবলৈ আমি একেৰাহে ১২ দিন খোজ কাঢ়িছিলো,” ৪৫ বছৰ বয়সীয়া কায়িল ভূঞাই ২০২০ৰ ক’ভিড-১৯ৰ সেই ভয়াৱহ দিনবোৰৰ অভিজ্ঞতা মনত পেলাই কয়। সেই সময়ত তেওঁ অগনমপুডিস্থিত লাৰ্ছেন এণঅড টাৰ্ব’ৰ ছাইট এটাত দিনহাজিৰা কৰি আছিল।
তেওঁলোকৰ গোটটোত ৮০ জন মানুহ আছিল। তাৰে ১০ গৰাকী মহিলা আৰু চাৰিটি শিশু। তেওঁলোকে ঝাৰখণ্ড অভিমুখে প্ৰায় ১,০০০ কিলোমিটাৰ খোজ কাঢ়িছিল। “আমি দিনে-নিশাই খোজ কাঢ়িছিলো। ভাগৰ লাগিলে এঘণ্টামান শুই লৈ আকৌ খোজ দিছিলো। ঝাৰখণ্ডৰ পালামু জিলাৰ ৰাবদা গাঁৱৰ নিজ ঘৰলৈ এই দীঘলীয়া যাত্ৰাপথ তেওঁলোকে এনেদৰেই অতিক্ৰম কৰিছিল।
প্ৰায় ছবছৰ পিছত কায়িলে অনুৰূপ এক যাত্ৰা কৰিবলগীয়া হৈছে। ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৰা ৰেলগাড়ীৰে। আন এক ভয়ংকৰ বাস্তৱলৈ তেওঁ উভতিছে।
ধাৰত তেওঁ গললৈকে পোত গৈ আছে।
ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা তৰলীকৃত পেট্ৰ’লিয়াম গেছৰ (এল পি জি) চিলিণ্ডাৰৰ তীব্ৰ নাটনিৰ ফলত প্ৰব্ৰজিত শ্ৰমিকসকল আটাইতকৈ বেছি বিপদত পৰিছে।
মাৰ্চৰ আৰম্ভণিৰ ভাগত “সকলোৱে ক’বলৈ ধৰিছিল যে আন এক লকডাউন আহি আছে,” তেওঁ মনত পেলায়। তেওঁ নয়ডাস্থিত এল.এন.টি.ৰ নিৰ্মাণ ছাইট এটাত মিস্ত্ৰী হিচাপে দিনে ৫০০ টকা হাজিৰাত কাম কৰি আছিল।
তাৰ পাছতে চিলিণ্ডাৰৰ দাম তিনিগুণ বাঢ়ি প্ৰতি কেজিত ৯০ টকাৰ পৰা ৩০০ টকা হ’লগৈ। “আমি (গেছৰ ঠাইত) চাটাৰিঙৰ সামগ্ৰী আৰু প্লাইউড ব্যৱহাৰ কৰিবলৈ ল’লো,” তেওঁ কয়। “কোনোমতেহে চলিছিলো।” তেনেকৈ ১০ দিনহে চলিব পৰা গ’ল।








