ভানুৱে বস্তি অঞ্চলটোত থকা তেওঁৰ সৰু কোঠাটো অভিমুখে ঠেক গলিটোৰে উঠি গৈ আছে। তেওঁ মুখত মেৰিয়াই লৈছে এখন ৰুমাল আৰু হাতত আছে আধাকিলোমানৰ চাউল-দাইল থকা পলিথিনৰ ঠোহা। সেইখিনি তেওঁ সাহায্য হিচাপে পাইছে। আনটো মুৰৰ পৰা কেইগৰাকীমান মানুহ নামি অহা দেখি তেওঁ ঠেক গলিটোৰ বেৰৰ ফালে আঁতৰি দিছে। তললৈ নামি অহা মানুহৰ কিছুমানৰ হাতত বস্তা আৰু বস্তুৰ টোপোলা আছে। চিনাকি কোনোবা ওলায় নেকি - তেওঁ চকু তুলি চাইছে। নিৰাশ হৈ তেওঁ পাহাৰৰ এঢলীয়া অংশত থকা গলিটোৰে ওপৰলৈ উঠি গৈ থাকিল।
তেওঁ সৰু নলা এটাৰ ওপৰেৰে জাপ মাৰি পাৰ হ’ল। গলিটোৰ দহ বৰ্গফুটৰ কোঠাবোৰৰ প্ৰায় ভাগতেই তলা মৰা। ব্যস্ত গলিটোত নীৰৱতাই গাপ মাৰি ধৰিছে। কোনেও কথা পাতি থকা নাই, কাজিয়া নাই, হাঁহি-খিকিন্দালিৰ শব্দ ভাঁহি অহা নাই, ম’বাইলত কোনোৱে ডাঙৰ ডাঙৰকৈ কথা পাতি থকা নাই, ফুল ভলিউমত কাৰো ৰুমত টিভি চলি থকা নাই। ব্যঞ্জনৰ উগ্ৰ স্বাদ আহি নাকত লগা নাই। ষ্টোভবোৰ বহুদিন জ্বলোৱা হোৱা নাই।
ভানুৰ ৰুমটো পাহাৰৰ টিলাটোৰ একেবাৰে ওপৰত আছে। ঘৰত গেছ ষ্টোভটোৰ কাষত বহি তেওঁৰ পত্নী সৰিতাই দুৱাৰখনৰ ফালে ভাৱলেশহীন হৈ চাই ৰৈছে। তেওঁৰ হাত দুখন পেটৰ ওপৰত, ভিতৰত সন্তানটি বাঢ়ি আহিছে, ছমাহ হৈছে। পকী মজিয়াত সৰু পুতলা গাড়ীখন লৈ নবছৰীয়া ৰাহুলে ইফালে-সিফালে খেলি ফুৰিছে, বাৰে বাৰে ৰাহুলে মাকক কিবা এটা খাবলৈ লাগে বুলি বৰকৈ কুটুৰিছে।
“আম্মা, ভোক লাগিছে! পুৱাৰ পৰা একোৱে খাবলৈ পোৱা নাই। গাখীৰো নিদিলা, ক্ৰীম বিস্কুট, আম্মা...”
সৰিতাই নজনাকৈয়ে হুমুনিয়াহ কাঢ়ে। আৱেগ সম্বৰণ কৰি তেওঁ কয়, ‘‘অ’ মোৰ সোণামুৱাটো, জানো মই। দি আছো ৰবা কিবা এটা। দেউতা আহি পাবই নহয় এতিয়া। বহুত কিবাকিবি আনিব। ওলাই গৈ অকণমান খেলি নাহা কিয়?’’
“খেলিবলৈ লগেই নাই কোনো, আম্মা বিকি আৰু বাণ্টিহঁত ক’লৈ গ’ল বাৰু?” ৰাহুলে কথা শেষ নহওঁতেই উত্তৰ দিলে আৰু প্ৰশ্নও কৰিলে।
“যোৱা বছৰৰ দৰে গাঁৱলৈ গৈছে চাগে। ঘুৰি আহিব।”
“স্কুল চলি থকাৰ মাজতে এনেকৈ গুছি যাবনে, নাযায়। সিহঁত ঘুৰি নাহে চাগে। আমিতো ইঞ্জিনিয়াৰ হোৱাৰ কথা আছিল। আমি তিনিও মিলি গেৰেজ এটা খুলিলোহেঁতেন। পঢ়া শেষ হ’লে গাড়ীবোৰ ভাল কৰিলোঁহেঁতেন। কিন্তু সিহঁত দেখোন এতিয়া স্কুললৈকেও নাহিব!”
“তোমাৰ যে এই গাড়ীবোৰ! এদিন তুমি নিজাকৈ এটা গেৰেজ খুলিবা, ডাঙৰ এটা গেৰেজ। ডাঙৰ মানুহ হ’বা!” সৰিতাই বহাৰ পৰা উঠিছে। ষ্টোভটোৰ পিছফালে থকা চেলফ্ তিনিখনত হাত ফুৰাইছে। পাকঘৰৰ সামগ্ৰী বুলিবলৈ তাত আছে কেইটামান খালি পাত্ৰ, এটা কেৰাহী, চামুচ, চাৰিখন প্লেট আৰু কেইটামান বাটি আৰু প্লেট। তাৰে এটাত ক্ৰীম বিস্কুটৰ ঠোহাটো আছে। হাতৰ মুঠিত ঠোহাটো লৈ তেওঁ ৰাহুললৈ মুখ কৰোঁতে ভানু আহি দুৱাৰমুখ পালে। মুখৰ পৰা প্ৰথমে ৰুমালখন আঁতৰাই তেওঁ হুমুনিয়াহ কাঢ়িলে, কান্ধ দুখন হাউলি পৰিল। ৰাহুলে দেউতাকক দেখি দৌৰি কাষ পালে আৰু মোনাটোলৈ ভুমুকিয়াই চালে।
“অঁ পালেহি। ৰাহুল, দেউতাৰাক পানী দিয়াচোন।”
ভানুৰ মুৰত ঠিকাদাৰক লগ পোৱা কথাটো বাৰে বাৰে পাকঘুৰণি খাই থাকিল।
“দেউতা, পানী..পানী খোৱা দেউতা। বিস্কুট নানিলা তুমি, নে আনিছা?” ৰাহুলে তেওঁৰ হাতখনত ধৰি জোকাৰি সুধিলে।
ভানুৱে ৰাহুলৰ হাতৰ পৰা গিলাচটো লৈ পানীখিনি খালে, মুখেৰে একো নামাতিলে।
“ঠিকাদাৰে পইচা নিদিলে আৰু কামো বোলে এটা মাহলৈ বন্ধ থাকিব।” কথাখিনি কওঁতে তেওঁ সৰিতাৰ মুখলৈ চাই থাকিল।
সৰিতাই হাতেৰে নিজৰ পেটটো স্পৰ্শ কৰিলে। পেটৰ সন্তানটোৱে আৰাম পাওক বুলি তাই হাতখন ফুৰাইছে নে সেই কণমানিটোৱে তেওঁৰ মনটোক শান্ত কৰিছে, আশা দিছে – কোৱাটো টান।
“চৰকাৰে সকলো বন্ধ কৰি দিছে,” ভানুৱে কৈ যায়। “বেমাৰৰ কাৰণে। কাম কেতিয়া আৰম্ভ হ’ব চৰকাৰেহে ক’ব পাৰিব।”
“পইচা চুবলৈকো নোপোৱাৰ ডেৰমাহৰো বেছি হ’ল। এখুদ চাউলো ঘৰত নাই... কেনেকৈ সাহায্যৰ দুই-চাৰি পোৱা চাউল-দাইলেৰে চলা যায় বাৰু?”
“তোমালোকক ইয়ালৈ অনাটোৱে চাগে মোৰ ভুল,” মনৰ অপৰাধবোধক ভানুৱে লুকাই ৰাখিব নোৱাৰিলে। “তোমাক এই অৱস্থাত লৈ আহিলো... এতিয়া খাবলৈ একো নাইকিয়া অৱস্থা। আৰু কেইমাহমান যদি এনেকৈয়ে চলি থাকে?”
তেওঁ হাত দুখন জোকাৰিছে, যন্ত্ৰণাবোধ তেওঁৰ মুখে-চকুৱে ফুটি উঠিছে। ভানুৰ পৰিয়ালটোৱে গোটেই দিনটোত মাত্ৰ এসাজ ভাত খোৱাৰ ডেৰমাহ পাৰ হ’ল। দাইল আৰু ভাত। তাকো স্থানীয় সংস্থা এটাই দিলেহে খাবলৈ পায়। ইয়াৰ আগতে তেওঁৰ পৰিয়ালটোৱে সেউজীয়া শাক-পাচলি, গাখীৰ আৰু কেতিয়াবা পাৰিলে আপেল, কমলা, আঙুৰ আদিও খাইছিল।





