বাঘে যদি আমাৰ পথাৰত খোজ পেলায়, আমি কুৰ্কু জনজাতিৰ লোকসকলে ইয়াক পবিত্ৰ বুলি গণ্য কৰোঁ৷ বাঘৰ পদচিহ্নই খেতিপথাৰ গৰাকীৰ জীৱনলৈ যশস্যা কঢ়িয়াই আনে৷ তেওঁলোকৰ সৰ্বাংগীন উন্নতি হয়৷
মোৰ নাম ৰামলাল আৰু মহাৰাষ্ট্ৰৰ মেলঘাট ব্যাঘ্ৰ অভয়াৰণ্যৰ (এমটিআৰ) কাষত থকা পেইবিহিৰ গাঁৱত মোৰ জন্ম৷ আৰু মই বসন্ত, মই এমটিআৰৰ কেন্দ্ৰত থকা বৰাত্যাখেড়া গাঁৱত বাস কৰো৷ আমি দুয়ো কুৰ্কু জনজাতিৰ আৰু প্ৰজন্মধৰি আমাৰ পৰিয়ালৰ লোকসকলে এই অৰণ্যত বাস কৰি আহিছে৷
আমি সৰুৰে পৰাই দেখি আহিছো যে যদি গাই বা বলধৰ গোবৰত বাঘৰ ভৰিৰ চিন দেখা যায় তেন্তে সেয়া আমাৰ বাবে শুভ লক্ষণ হিচাপে গণ্য কৰা হয়৷ ভৰিৰ খোজৰ চিহ্নৰ সৈতে গোবৰৰ সেই অংশ ভঁৰালত থোৱা হয় যাতে ভঁৰালত কেতিয়াও শস্যৰ আকাল নহয়৷
আমি মাকৈ, জোৱাৰ, ধান, যৱধান, কণীধান, ছ’য়াবীন, মাটিমাহ, সূৰ্যমুখী, তিল, মটৰমাহ, মুগ, বুটকে বিভিন্ন মাহজাতীয় শস্যৰ খেতি কৰো৷ পৰিয়ালৰ কাৰণে কিছু শস্য ৰাখি বাকীখিনি আমি বিক্ৰী কৰোঁ৷ আমাৰ সম্প্ৰদায়টোৰ অধিকাংশ খেতিয়কৰে অৰণ্যৰ ভূমিত খেতি কৰাৰ বাবে কৃষি অধিকাৰ আছে৷ আমি প্ৰধানকৈ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰোঁ যদিও জলসিঞ্চনৰ বাবে নিকটৱৰ্তী জান-জুৰিৰ পানীও ব্যৱহাৰ কৰোঁ৷
















