“ঢেঁকীয়াপতীয়া বাঘ গাঁৱত সোমালে হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হয়,” লুটফৰ মোল্লাহে কয়।
গাঁৱত বাঘ সোমোৱা বুলি বাতৰি ওলালেই লুটফৰে তেওঁৰ গেংটো লৈ বাঘটো খেদিবলৈ সুসজ্জিত হৈ উপস্থিত হয়হি। যোৱা পাঁচটা বছৰ লুটফৰ ৰাজ্য চৰকাৰৰ বনবিভাগৰ দুটা ‘তাৎক্ষণিক সঁহাৰি গোট’ৰ দায়িত্বত আছে যিয়ে সুন্দৰবনৰ কুলতলি ব্লকৰ গাওঁবোৰ সামৰি লয়।
বাঘ খেদা দলৰ এইজন দলপতিৰ বিষয়ে জানিব পৰাত এই প্ৰতিবেদক মইপিত ক’ষ্টেল আৰক্ষী থানাৰ অন্তৰ্গত তেওঁৰ গাওঁ পুৰ্ব গুৰগুৰিয়ালৈ ওলালো।
এছফাল্ট নথকা ওখোৰা-মোখোৰা ৰাস্তাটোৰে গৈ গৈ এটা কেঁচা ৰাস্তাত আমি উঠিলো। একা-বেকা ৰাস্তাটোৰ কাষেৰে বৈ গৈছে মাতলা নদীখন। আমাৰ আধাঘণ্টাৰ বাটত আমি এখনো নাও নেদেখিলো। নদীখনৰ আনটো পাৰত ঘন বিশাল অৰণ্য।
পুৰ্ব গুৰগুৰিয়াত প্ৰায় ৫,৬০০ লোকৰ বসতি আছে (২০১১ৰ লোকপিয়ল অনুযায়ী)। তাৰে প্ৰায়ভাগ হিন্দু যদিও মুছলমান লোকো ভালেখিনি আছে। মাছ ধৰা আৰু খেতি কৰা – ভুবনেশ্বৰী পঞ্চায়তৰ অন্তৰ্গত এইখন গাঁৱৰ জীৱিকাৰ এই দুটা প্ৰধান উৎস।
লুটফৰ থকা বত তলা বোলা ঠাইখনত আমি তেওঁৰ ঘৰটো বিচাৰিলো। বত তলাৰ কাষতে থকা কালি মন্দিৰৰ চৌহদত বেগভৰ্তি কেঁকোৰা লৈ থকা কৈশোৰ পাৰ কৰা ল’ৰা এজন পালো। আমাক দেখি তেওঁ সুধিলে, “কলকাতাৰ পৰা আহিছে চাগে? মই লুটফৰ মোল্লাৰ ডাঙৰজন ল’ৰা। আপোনালোকৰ কাৰণেই মই ৰৈ আছো।”
লুটফৰৰ ঘৰ কাষতে। ১,০০০ বৰ্গফুট মাটিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত বনোৱা ঘৰটোত ইটাৰে বন্ধা তিনিটা মজলীয়া কোঠা, এখন কংক্ৰীটৰ চালি আৰু এখন বাৰান্দা আছে। ডাঙৰ কোঠাটোত সোমাই মই বৰ ক্ষীণ আৰু দুৰ্বল মাত এটা শুনিলো: “কিনো ক’ম? এই জ্বৰত মোৰ গা একেবাৰে দুৰ্বল হৈ পৰিল।” এইজনেই নেকি লুটফৰ মোল্লা? এই নিশকতীয়া মানুহজন!”








