এখন আন্ধাৰ মঞ্চই দৰ্শকক আদৰে। ছাঁয়াচিত্ৰৰ দৰে কেইগৰাকীমান পুৰুষ-মহিলা তাত থিয় হৈ আছে। “বছৰৰ পিছত বছৰ ধৰি নদীয়ে কঢ়িয়াই অনা পলস সাগৰৰ পাৰত সমান্তৰালভাৱে জমা হোৱা জলডোঙা (বেকৱাটাৰ)ৰ কাষে কাষে দ্বীপৰ সৃষ্টি কৰিছিল।” নেপথ্যৰ এক কণ্ঠই কেৰালাৰ এৰ্নাকুলামৰ উপকূলীয় গাঁওবোৰৰ ভূমি আৰু ইতিহাসৰ পৰিচয় দাঙি ধৰে। ছাঁয়াচিত্ৰৰ আঁৰত প্ৰক্ষেপিত চিত্ৰসমূহে ১৩৪১ খ্ৰীষ্টাব্দৰ পৰা এই ঠাইখনৰ সেই সময়ৰ ইতিহাস বৰ্ণনা কৰে যেতিয়া চহৰখন ঐতিহাসিক বন্দৰ চহৰ মুঝিৰিছৰ অংশ আছিল।
মঞ্চখন লাহে লাহে পোহৰ হৈ আহে। সন্মুখত দেখা যায় দহটা চৰিত্ৰক ঘৰৰ সমুখভাগত বানৰ পানীয়ে বুৰোৱা ৰাস্তা এটাত আঁঠুৰ সমান পানী ফালি গৈ থকা দেখা যায়। লেহেম গতিৰে পানীৰ মাজেৰে চপ চপ শব্দ কৰি তেওঁলোক দৰ্শকৰ ফালে আগবাঢ়িছে। তেনেতে নেপথ্যত বাজি থকা ছাইৰেনৰ দৰে সংগীত তীব্ৰ হৈ পৰিছে।
শৈলজা কে. এছ. মঞ্চৰ এই দহগৰাকী মাজৰ এগৰাকী। নাটকখনৰ নাম হৈছে চেভিত্তোৰ্মা - এয়া এটা স্থানীয় কেথলিক আচাৰৰ নাম য’ত এজন মৃত্যুমুখী লোকক জীৱনৰ অন্তিম ক্ষণকেইটাত শান্তি প্ৰদানৰ বাবে কাণত ফুচফুচাই প্ৰাৰ্থনা গীত গোৱা হয়। এই নাটখনত অভিনয় কৰা আন সকলোৰে দৰে শৈলজাৰো অভিনয়ৰ কোনো পূৰ্ব অভিজ্ঞতা নাই। দৰাচলতে এই সামূহিক নাট্যমঞ্চখন তেওঁৰ বাবে বাস্তৱ আৰু কল্পকাহিনীৰ মাজৰ পাৰ্থক্য নোহোৱা কৰা এখন ঠাই।
“মায়ে প্ৰায়ে কোৱা শুনিছিলোঁ যে সৰুতে মই একেবাৰে অঘাইটং আছিলো। নাই, কেৱল দুষ্টই নহয়, সৰু-সুৰা এজাক ধুমুহাই আছিলো। তেতিয়াৰ দিনবোৰত আইতাই মোক সাধু শুনাই ভাত খুৱাইছিল। অকণমান গৰম ভাতত নাৰিকল তেল আৰু নিমখ। সেই সুগন্ধ আৰু জুতি এতিয়াও জিভাত লাগি আছে...! তাৰ পিছত ১২ কি ১৩ বছৰ বয়সত হাত চোৱা মানুহ এজন আহি ঘৰত ক’লে, ‘তাই এদিন এই ঘৰখন উদং কৰিব। আনকি শেষকণ নিমখো লৈ যাব!’ এই কথাষাৰে মোক বৰ আমনি কৰিছিল। মই কেতিয়াবা তেনে কিবা কৰিম নেকি? কিন্তু সকলোৱে হাঁহিছিল।
“বহু বছৰ বাগৰিল। ২০১৮ চনত মা মোৰ লগত আছিল। মায়ে মাত্ৰ কেইদিনমানৰ বাবেহে থাকিবলৈ আহিছিল।” হাতত নিমখৰ টেমাটো লৈ শৈলজাই বানপানীৰ বাবে মাকক হেৰুওৱাৰ কাহিনীটো কৈ গ’ল আৰু দৰ্শকে মন্ত্ৰমুগ্ধ হৈ শুনি গ’ল।
“নাট্যগোষ্ঠীটো এটা পৰিয়ালৰ দৰে। ই মোৰ মানসিক স্বাস্থ্য ঘূৰাই অনাত সহায় কৰিছে। ইয়াতেই মই বুজিলো যে কিবা এটা কৰিবলৈ আৰু সমাজক কিবা এটা ঘূৰাই দিবলৈ ময়ো সক্ষম,” ৫৭ বছৰীয়া স্ব-নিয়োজিত শৈলজাই গৌৰৱেৰে কয়। তেওঁ নিজকে এগৰাকী গৃহিণী বুলি কয় যদিও তেওঁ এগৰাকী উদ্যোগীও। তেওঁ ঘৰত বনোৱা আচাৰ বিক্ৰী কৰে। অলপতে তেওঁ এখন গহণাৰ দোকানতো ছেলছৰ কাম লৈছে। “সামূহিক নাট্যমঞ্চই মোক ২০১৮ চনত ঘটা ঘটনাবোৰ মানি লোৱাত আৰু মোৰ নিজৰ অভিজ্ঞতাবোৰ ইয়াৰে আন লোকসকলৰ লগত ভগাই লোৱাত সহায় কৰিছে আৰু বিশেষকৈ সেইসকলৰ সৈতে, যাৰ জোৱাৰৰ পৰা হোৱা বানৰ কেনেকৈ মোকাবিলা কৰিব লাগে, তাৰ কোনো ধাৰণা নাই।”


















