মোৰ জন্ম হৈছিল বেলি মাৰ যোৱাৰ ঠিক পিছত। এনে এটা সময়ত যেতিয়া সকলো অন্ধকাৰ হৈ পৰে। মোৰ গাৰ ৰঙো সেই আন্ধাৰৰ সৈতে মিলিছিল, সেয়ে হয়তো মোৰ নাম মা-দেউতাহঁতে সন্ধ্যা ৰাখিছিল।
মোৰ গাৰ ক’লা ৰংটোৰ বাবে পৰিয়ালৰ পৰা যিমানখিনি পাব লাগে, সিমান মৰম নাপালো চাগে। এনেকৈয়ে মোৰ শৈশৱৰ অভিজ্ঞতা গঢ় লৈ উঠিছিল। গাৰ ৰঙৰ ভিত্তিতো যে মানুহক হীন-পৰ কৰা হয়, সেই অভিজ্ঞতা মই নিজৰ ক্ষেত্ৰতে পাইছিলো আৰু সেই কথাই এনেকৈ মোৰ মনত ৰেখাপাত কৰিলে যে এতিয়াও মই সেয়া পাহৰি যোৱা নাই।
১৯৯৬ চনত ঝাৰখণ্ডৰ সংঘৰী গাঁৱৰ মুণ্ডা আদিবাসী পৰিয়ালত মোৰ জন্ম। মোৰ মাৰ নাম নিৰ্মলা কেৰকেট্টা আৰু পিতৃ সুমন লাক্ৰা। বিহাৰ-ঝাৰখণ্ড সীমান্তত অৱস্থিত চতৰা জিলাৰ আমাৰ ঘৰখন অৰণ্য আৰু নদ-নদীয়ে আগুৰি আছে।
মোৰ মা-দেউতা খেতিয়ক। খেতিমাটি দুবিঘা। তাত আমি ঋতু অনুসৰি ভীমকল, বীন, আলু, ফুলকবি আৰু বিলাহীৰ আদি শাক-পাচলিৰ খেতি কৰো। ধানখেতিও কৰো। কিন্তু খেতি-বাতি কৰি আমাৰ একো লাভ নহয়। ইমান কষ্ট কৰাৰ পিছতো বছৰেকত আমাৰ উপাৰ্জন ৩০ হাজাৰ টকা হয়। তাত আকৌ পিতাইয়ে খেতি পথাৰত দিনহাজিৰা কৰি, পথ নিৰ্মাণ আৰু টিউবৱেল খন্দা কাম কৰি পোৱা মজুৰিও সোমাই আছে।
মোৰ মা-দেউতাই মহুৱা [Madhuca longifolia var. latifolia] বিক্ৰী কৰি পোৱা টকাৰে আমাৰ ছজনীয়া পৰিয়ালটো চলাত সহায় হৈছিল। মোৰ দুজনী ভনী আৰু এজন ভাইটি আছে। আমাৰ পঢ়া-শুনাৰ খৰচত সহায় কৰিবলৈ গাঁৱত এখন সৰু মিঠাইৰ দোকানো সিহঁতকেইটাই বহুৱাইছে।
প্ৰায় ১৫ জনীয়া এটা যৌথ পৰিয়ালত থকাৰ ফলত দিনটো আজৰি নোপোৱাকৈ কামে আগুৰি থাকিছিল। ডাঙৰ হৈ আহিলো মানে ঘৰখনত চাকৰৰ দৰে কাম কৰিবলীয়া হৈ পৰিল। দ্বিতীয়মান পাওতে, যেতিয়া মোৰ বয়স প্ৰায় ৭ বছৰমান আছিল, তেতিয়া মই গোটেই পৰিয়ালটোৰ বাবে ৰন্ধা-বঢ়া কৰা, বাচন-বৰ্তন ধোৱা, ঘৰ চাফা কৰা, গোহালি চাফা কৰা, গৰু-ছাগলী চৰাবলৈ লৈ যোৱা, হাবিৰ পৰা খৰি সংগ্ৰহ কৰা আদিকে ধৰি ঘৰৰ সকলো কাম-কাজ কৰিছিলো।


















