“ৰেলখন মাত্ৰ পাঁচ মিনিটৰ কাৰণে ৰয়, হেঁচা-ঠেলা কৰি কোনোমতে উঠিবলগীয়া হয়। কেতিয়াবা ৰেলখন যাবলৈ ধৰে, তেতিয়া দুই-এটা টোপোলা ষ্টেছনতে এৰি যাবলগীয়া হয়।” সাৰংগা ৰাজভোই এগৰাকী ৰছী-নিৰ্মাতা। তেওঁ যে ষ্টেছনত এৰি আহিবলগীয়া হোৱা ফাইবাৰৰ কথা কৈ আছে, সেয়া হৈছে বস্ত্ৰ উদ্যোগৰ পেলনীয়া তন্তুবোৰ। সেয়া ৰছী নিৰ্মাতা মহিলাসকলে সংগ্ৰহ কৰে। তেওঁলোকে বিক্ৰী কৰা এই ৰছীৰে গৰু-ছাগলী এৰাল দিয়া হয়। তাৰোপৰি মালবাহী গাড়ীৰ ওপৰত বস্তু-বাহিনী বান্ধোতেও এই ৰছী লাগে। কাপোৰ-কানি ৰ’দত মেলি দিবলৈও এই ৰছী লাগে।
“হামাৰা খানদানি হ্যায় (এয়া আমাৰ পাৰিবাৰিক ব্যৱসায়),” সন্তৰা ৰাজভোইয়ে জনায়। আহমেদাবাদৰ ভাটভা পৌৰ আৱাসত বসতি কৰা সন্তৰাই ঘৰত সম্পৰ্কীয় আৰু চুবুৰীয়াৰ হাতত ল’ৰা-ছোৱালীৰ জিম্মা দি আহিছে। তেওঁ তন্তুৰ দ’ম এটাৰ পৰা তন্তুবোৰৰ জঁট ভঙা কামত ব্যস্ত।
সাৰংগা আৰু সান্তৰা দুজনেই গুজৰাটৰ ৰাজভোই সম্প্ৰদায়ৰ লোক। ৰাস্তাৰ দাঁতিৰ যিমান কাপোৰৰ কল আছে, তাৰপৰা তন্তু কিনি কিনি তেওঁলোকে আহমেদাবাদৰ পৰা সুৰাট পায়গৈ। এই তন্তুৰে ৰছী বনোৱা হয়। কামৰ তাগিদাত ৰাতি এঘাৰ বজাত ঘৰ এৰে আৰু পিছদিনা আবেলি উভতে। তেওঁলোকে নিজৰ সৰু সৰু ল’ৰা-ছোৱালীকেইটাক সম্পৰ্কীয় আৰু চুবুৰীয়াৰ দায়িত্বত থৈ যায়।
তেওঁলোকে ৰাতি উঠা ৰেলবোৰ গন্তব্যস্থল পাওতে মাজনিশা ১-২ বাজে। ফলত প্লেটফৰ্মতেই তেওঁলোকে আশ্ৰয় ল’বলৈ বাধ্য হয়। সদায় তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। “ধৰি-বান্ধি থানালৈ লৈ যায়, ক’ৰপৰা আহিছো জেৰা কৰে। পুলিচে গৰীৱ মানুহ দেখিলেই ধৰি নিয়ে,” কৰুণাবাইয়ে কয়। “ধৰি নিবলৈ মন গ’লেই ধৰি নিয়ে।”
কৰুণা, সান্তৰা আৰু সাৰংগা ৰাজভোইৰ ঘৰ লগা-লগি। ভাটভাৰ চৰ মালিয়া পৌৰ আৱাসত তেওঁলোক থাকে। ঘৰত নিয়মিত পানী নাহে, বৰ্জ্য পানী ওলাই যোৱা বাট নাই। বিদ্যুতৰ সংযোগ নাছিল, বহুত যুঁজাৰ পিছতহে পালে।


























