পুৱা পাঁচ বাজিছে। পূব আকাশত বেলি ওলাবলৈ এতিয়াও কিছুপৰ বাকী। কিন্তু ইতিমধ্যে বিহাৰৰ গোপালগঞ্জ জিলাৰ এই সৰু চহৰখন ইতিমধ্যে বিশেষ এক সুৰত জাগি উঠিছে। এটা হৈছে কেইটামান মছজিদৰ মিনাৰৰ পৰা ভাঁহি অহা আজান। আনটো হ’ল অঞ্চলটোৰ তিনি-চাৰিটা মন্দিৰৰ ভজন গায়কসকলৰ সুমধুৰ মাত। আল্লাহু আকবৰ! আল্লাহু আকবৰ! আছহাদু আন লা ইলাহা ইল্লাল্লাহ...ৰ সুৰৰ সৈতে মন্দিৰৰ হৰে ৰাম, হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে ৰাম ধ্বনি মিলি গৈছে। তাৰ পিছে পিছে অলপ ওচৰৰে পৰা বতাহত ভাঁহি আহিছে বাঁহীৰ পৰাণ জুৰোৱা সুৰ। সকলো মিলি হৈ পৰিছে ঐক্যতান।
কোনেনো বাঁহীত এনে সুৰ দিছে, তাকে জানিবলৈ কৌতুহল বাঢ়ি অহাত এই প্ৰতিবেদকে শিল্পীজনক লগ পোৱাৰ আশাৰে ১৭৬ বছৰ পুৰণি গোপাল মন্দিৰলৈ যায়। ১৮৫০ চনৰ পৰা ১৮৬৬ চনৰ ভিতৰত হাথুৱাৰ তেতিয়াৰ মহাৰাণী শ্যাম সুন্দৰী কুঁৱৰে নিৰ্মাণ কৰা এই মন্দিৰটো এটা পুৰণি দূৰ্গ, এটা নতুন দূৰ্গ আৰু এটা শীচ মহল (কাঁচৰ ৰাজপ্ৰাসাদ) দ্বাৰা পৰিবেষ্টিত। প্ৰায় ৪,৫০,০০০ ৰূপৰ মুদ্ৰা, আজিৰ হিচাপত প্ৰায় ৫৫ কোটি টকাৰ সমতুল্য ব্যয়েৰে নিৰ্মিত এই ৰাজকীয় মন্দিৰৰ বিশাল দ্বাৰত এজন নিৰাপত্তাৰক্ষীয়ে পহৰা দি আছে। ভিতৰৰ ১৪ একৰ মাটিত বিস্তৃত হৈ আছে বাগিচা, ফোৱাৰা, পুখুৰী, এখন সংস্কৃত বিশ্ববিদ্যালয়ৰ ভৱন আৰু বহু কোঠালীযুক্ত বিখ্যাত মন্দিৰটো।
মন্দিৰটো পূৰ্বৰ হাথুৱা সামন্ত ৰাজ্য শাসন কৰা আটাইতকৈ পুৰণি অভিজাত পৰিয়ালসমূহৰ এটাৰ বংশধৰসকলৰ ব্যক্তিগত সম্পত্তি। ৰাইজৰ বাবে পুৱা আৰু সন্ধিয়াৰ ভাগত মন্দিৰটো খোলা থাকে। সেইখিনি সময়ত আপুনি কেইজনমান ভক্তক লাহে লাহে অহা দেখিব। এজন পূজাৰীয়ে মণিকূটত ৰাধা-কৃষ্ণৰ মূৰ্তিৰ সন্মুখত আৰতি কৰে। তাৰ সন্মূখত বিশাল স্তম্ভ থকা হলঘৰৰ মজিয়াত নিজৰ বাদ্যযন্ত্ৰ - তবলা, হাৰমনিয়াম, তাল আদি লৈ সংগীতজ্ঞসকল বহি থাকে। সেই দলটোতেই আছে মহম্মদ ছাগিৰ আনছাৰী, যিজন শিল্পীৰ বিষয়ে মই মোৰ সতীৰ্থ সাংবাদিকৰ পৰা শুনিছিলোঁ।
গোপাল মন্দিৰটো পুৱা-গধূলি নিজৰ বাঁহীৰ সুৰেৰে ওপচাই পেলোৱা এজন ৭০ বছৰীয়া মুছলমান সংগীতজ্ঞ এই ছাগিৰ আনছাৰী। তেওঁ যে কিবা এটা অনন্য কাম কৰি আছে, তেনেকৈ তেওঁ নাভাবে। “সকলো মানুহ সমান। আমাৰ মাজত কোনো প্ৰভেদ নাই,” তেওঁ কয়। “আমি সকলোৱে শান্তি-সম্প্ৰীতিৰে বাস কৰা উচিত। য়েহ এক জ্ঞান হ্যে জো খুদানে মুঝে দিয়া হ্যে। অউৰ জ্ঞান বাঁতনে মেঁ কুছ ভী গলত নহী হ্যে (এই কলা, এই জ্ঞান খোদাৰ অনুগ্ৰহত পাইছো, এয়া ভগাই লোৱাটোত একো ভুল নাই)। ইয়াত বাঁহী বজাই থকাৰ এটা দশকৰো বেছি দিন হ’ল।”







