“সিহঁতে মোৰ দুটা পাত্ৰ চুৰ কৰিলে!”
আনন্দ লোহাৰৰ খং উঠিছে। দিনটো বেয়াই হ’ব যেন লাগিছে। গোৱালপাৰাৰ বাসিন্দা আনন্দই কেৱল কেৱল সংগ্ৰহ কৰিবলগীয়া ৰসখিনিয়ে হেৰুওৱা নাই, যি দুটা পাত্ৰ তেওঁ ঘৰৰ পৰা তিনি কিলোমিটাৰমান বাট বাই সোণাঝুৰিৰ পৰা কিনি আনিছিল, সেই দুটাও হেৰুৱালে। দুয়োটা পাত্ৰ মিলি ৯০ টকা লৈছিল।
খেজুৰ গছ (Phoenix sylvestris)ৰ মিঠা ৰস সংগ্ৰহ কৰিবলৈ আনন্দক পাত্ৰ লাগে। তেওঁ এগৰাকী চিউলি। চিউলি মানে খেজুৰ গছত উঠি গা-গছত খাজ কাটি তাৰ পৰা ৰস সংগ্ৰহ কৰা লোক। এই জীৱিকা বছৰটোত অক্টোবৰৰ পৰা জানুৱাৰীলৈ চলে। চিউলিসকল শৰৎ কালত, বাংলাৰ আশ্চিন মাহত সক্ৰিয় হৈ পৰে। আৰু এটা কথা এইখিনিতে যোগ দিব পাৰি যে চিউলি হৈছে শৰৎ কালৰ আগমনৰ সংকেত দিয়া ৰাতি ফুলা এবিধ ফুল।
৬৫ বছৰ বয়সীয়া আনন্দৰ বয়সৰ লগে লগে কঁকাল হালিছে। বলপুৰ চহৰত ইটাৰ ভাতী এটাত তেওঁ কাম কৰিছিল। সেই যে ভাতীটো বন্ধ হ’ল, তেওঁ এই কামত লাগিল। লাগিল মানে এতিয়া প্ৰায় ছয়-সাত বছৰমানেই হ’ল।
ৰস সংগ্ৰহ কৰা পাত্ৰ দুটা হেৰুওৱাত আনন্দৰ খং উঠিছে, তেওঁ ভোৰভোৰাইছে, “প্ৰত্যেকবাৰেই এনে হয়।” মনতে ভোৰভোৰাই তেওঁ দ্বিতীয়ডাল গছৰ ফালে আগবাঢ়িছে। তেওঁৰ খোজ পৰি তলসৰা শুকান পাতবোৰ খৰমৰাই উঠিছে। ডিচেম্বৰৰ পুৱাৰ ভাগৰ শীত। আনন্দই মূৰত টুপি এটা মাৰি নিজকে শীতৰ পৰা ৰক্ষা কৰিছে। তেওঁ লীজত লোৱা গছকেইডাল মনসাতোলাৰ পৰা প্ৰায় ৩০০ মিটাৰমান হ’ব। কিন্তু হাপানি ৰোগ থকা আনন্দই ভাগৰ লগাব নোৱাৰে। উভতি অহাৰ সময়ত তেওঁ প্ৰায় সাতৰ পৰা আঠ কিলোগ্ৰাম সতেজ ৰস কঢ়িয়াই অনাটো কঠিন কাম।


































