“আজিৰ তাৰিখতো মানুহে ভাবে যে কুষ্ঠৰোগত আক্ৰান্ত হোৱা কোনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমিত হ’ব, লাগিলে আক্ৰান্ত ব্যক্তিজন ৬০ বছৰ পূৰ্বেই আৰোগ্য নহওক কিয়।”
কুষ্ঠৰোগৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ সত্তৰ উৰ্ধৰ নিয়ামত উল্লাহ খানৰ ছটা দশক পাৰ হ’ল। তথাপিও সমাজৰ দৃষ্টিত থকা এই ব্যাধিৰ কলংক আজিও তেওঁৰ পৰা মচ খাই যোৱা নাই। তেওঁ কয়, “পৰিয়ালৰ মানুহে মোক সন্মান কৰে, কিন্তু মোৰ এই অৱস্থাৰ বাবে মই আনৰ পৰা একে ধৰণৰ ব্যৱহাৰ আশা কৰিব নোৱাৰোঁ।”
মানুহৰ ঘৃণা আৰু পুতৌমিহলি চাৱনি সহিব নোৱাৰি অৱশেষত তেওঁ কুপৱাৰাস্থিত নিজৰ ঘৰ-দুৱাৰ আৰু বংশ-পৰিয়াল এৰি ২০২৫ত শ্ৰীনগৰৰ বেহৰাৰ কুষ্ঠ কলনিলৈ গুচি আহে।
৭৬ বছৰ বয়সীয়া নিয়ামতে কয়, “ইয়ালৈ আহিলো, কাৰণ ইয়াত সকলো সমান। গাঁৱত মই মোৰ ৰোগৰ বাবে অকলশৰীয়া হৈ পৰিছিলো, মানুহে মোক এৰাই চলিছিল। ইয়াৰ পৰিৱেশ তেনে নহয়।” তেওঁ লগতে কয়, “এইখন ঠাই মোৰ নিজৰ ঘৰ যেন লাগে। জীৱনৰ শেষ দিনটোলৈকে মই ইয়াতেই থকাৰ সিদ্ধান্ত লৈছো।”
















