কাচৰ চিপাৰখন যেতিয়া পাটনাৰ ৰাস্তাত শোভাযাত্ৰাৰ সময়ত উলিওৱা হয়, গম্বুজ আকৃতিৰ সেই চিপাৰখনৰ পৰা আপুনি চকু আঁতৰাব নোৱাৰিব। “তৰোৱাৰ পৰা আৰম্ভ কৰি ঢাললৈকে, আনকি অনাৰ (শোভাবৰ্ধক ডালিম)য়ে তৰোৱাৰ ধাৰাল অংশটোৰ একেবাৰে ওপৰত কাটি সোমাই থকাৰ দৰে ডিজাইন এটাও কাচৰ পৰাই তৈয়াৰ কৰা হয়,” চিচে কী চিপাৰ (কাচৰ চিপাৰ)খন যে চহৰখনৰ গৌৰৱ, সেই কথাকে দোহাৰি নজৰে ইমামে কয়।
পাটনাত মহৰমৰ সময়ত সুক্ষ্মভাৱে ডিজাইন কৰা এই কাচৰ চিপাৰখন এবাৰ ৰাজপথত আপুনি দেখিব। এসময়ত সমৰথলিলৈ নিয়া সুসজ্জিত অস্ত্ৰ-শস্ত্ৰৰ লেখীয়া এই চিপাৰখন তৰোৱাল, ঢাল, ধনু আৰু কাঁড় আদিৰে সুশোভিত- এনে শোভাবৰ্ধক সাজ-সজ্জাত কমেও আধা ডজনমান কাৰুশিল্পৰ সমাহাৰ ঘটে।
ইয়াৰ পৰা প্ৰায় এক কিলোমিটাৰমান আগত, পাটনা চহৰৰ দক্ষিণে দুকুৰি বয়সৰ মহম্মদ নাছেৰে এইমাত্ৰ তেওঁ চিপাৰখনৰ কাম শেষ কৰিছে আৰু তেওঁৰ জীয়ৰীকেইজনীৰ লগত ৱৰ্কশ্বপৰ দুৱাৰমুখত তেওঁৰ সৃষ্টিত ক’ৰবাত খুঁত ৰৈ গ’ল নেকি তাকে শেষবাৰৰ বাবে চাইছে। বৰ আলফুলকৈ নিৰ্মিত এই মনোৰম সৃষ্টিবিধ বাৰান্দাত প্ৰদৰ্শিত কৰি থোৱা আছে – বাঘ কালু খান বোলা পুৰণি সেই এলেকাটোত তেওঁৰ ৱৰ্কশ্বপৰ ওচৰতে আছে কেইঘৰমান মানুহ আৰু এটা মাজাৰ।
“এয়া এজন মানুহৰ কাম নহয়,” শিল্পী নাছেৰে কয়। “ভালেকেইজন শিল্পীৰ কুশলতাৰ সমাহাৰত ইয়াৰ নিৰ্মাণ হৈ উঠিছে। কিছুমান ইয়াৰে, বিহাৰৰ। আন কিছুমান দেশৰ বিভিন্ন অংশৰ পৰা আহিছে।”
তেওঁ আৰি, জাৰ্দঝি, কাশীদা কাৰি, ছাপা, নেগ আৰু কেতিয়াবা মিনাকৰা শিল্প চিপাৰত দেখিবলৈ পোৱা যায়। (আৰি হৈছে হুক থকা বেজী এটাৰে কাপোৰত সুক্ষ্ম ফুল তোলা কাম; জাৰ্দঝি হৈছে ধাতুৰ সুতাৰে ফুল তোলা অৰ্থাৎ গুণা কৰা; কাশীদা কাৰি হৈছে বিহাৰত কৰা কাশ্মীৰি শৈলীৰ এম্ব্ৰ’ইডেৰি আৰু ছাপা হৈছে ধাতৱীয় ৰঙেৰে কাঠৰ ব্লকেৰে কৰা প্ৰিণ্ট।)
চিপাৰত মিনা কৰা মানে মিনাৰ লগোৱা কামো থাকে আৰু নেগ মানে কাপোৰত বাখৰ লগোৱা কামো কৰা থাকে।



















