সঞ্জীৱনীয়ে আচুন্তাক মা বুলিয়ে মাতে, কিন্তু আচুন্তাৰ তেওঁ মাক নহয়।
আচুন্তা টোপ্পো ধৰমজয়গড় ব্লকৰ মিৰিগুড়া উপ-কেন্দ্ৰৰ এগৰাকী গ্ৰামীণ স্বাস্থ্য আয়োজক (আৰ.এইছ.অ’.)। তাতে তেওঁ কাম কৰাৰ দুটা দশক হ’ল। কেইবছৰমান আগতে তেওঁ বৰ জটিল অৱস্থাত থকা মাতৃ এগৰাকীৰ সন্তান প্ৰসৱ কৰোৱাইছিল। মাকৰ ৰক্তচাপ বহুত বেছি আছিল আৰু হিমগ্লবিন বৰ কম আছিল - সাত গ্ৰামতকৈও কম। “তেওঁ আমাৰ স্বাস্থ্যকেন্দ্ৰলৈ আহে মানে প্ৰসৱ-যন্ত্ৰণা আৰম্ভ হৈছিল। আমি তেওঁক টেবুললৈ আনো মানে শিশুটিৰ জন্ম হৈছিল,” আচুন্তাই মনত পেলায়।
উপ-স্বাস্থ্যকেন্দ্ৰটোত জন্ম পোৱা শিশুটিৰ অৱস্থা একেবাৰেই ভাল নাছিল। “আমাৰ ইয়াত অক্সিজেনৰ ব্যৱস্থা নাছিল আৰু মাকজনীৰ অৱস্থা বৰ সংকটজনক আছিল,” আচুন্তাই মনত পেলায়। বহুত বেছি ৰক্তক্ষৰণ হৈছিল আৰু আৰআইঅ’গৰাকীয়ে মাকৰেই যত্ন ল’ব নে শিশুটিৰ ভাবি পোৱা নাছিল।
“প্ৰথমে আমি তেওঁলোকক ধৰমজয়গড়লৈ লৈ গ’লো। তাত ডাক্তৰ এজন আছিল, তেওঁৰ নাম মই ল’ব নিবিচাৰো। আমি সন্তানটো আৰু মাকক এনে এক জটিল অৱস্থাত কিয় তালৈ নিলো, তাকে লৈ তেওঁ অসন্তুষ্টি ব্যক্ত কৰিলো,” তেওঁ মনত পেলায়। কিন্তু আচুন্তাই ডাক্তৰৰ সৈতে তৰ্ক-বিতৰ্ক কৰিলে। “মই ডাক্তৰগৰাকীক ক’লো, আপুনি যদি নোৱাৰে, তেন্তে কৈ দিয়ক। অকণমান সহায় কৰক। তেওঁৰ খং উঠিল।”
আচুন্তাই শিশুটিক লৈ এম্বুলেন্স এখন বিচাৰিলে। সেই সময়ত ডাক্তৰে অলপ বুজিলে আৰু এটা বেজী দিলে। আচুন্তাই কয় যে মিতানিন (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী)গৰাকীয়ে বহুতখিনি সহায় কৰিলে। তেওঁ মুখেৰে শ্বাস-প্ৰশ্বাস দি শিশুটিক বাচি থকাত সহায় কৰিলে।











