সকলো লিখকে শ্ৰোতাৰ সন্ধান কৰে, ভাবি বিস্মিত হয়, “মোৰ শব্দবোৰ কাৰ ওচৰত মই বিশ্বাসত সমৰ্পিত কৰিব পাৰো?”
জগতে তেওঁৰ লেখা পঢ়াৰ আগতে কোনোবা এজন থাকে, যিয়ে সেয়া শুনে। প্ৰায় ১৮ বছৰ ধৰি শ্ৰদ্ধানন্দ অসুৰৰ গীত শুনা মানুহজন একেজনেই।
“মই কিবা এটা গীত লিখিলে, প্ৰথমে অথনাসক শুনাও,” তেওঁ কয়। “মোৰ প্ৰথম গীতটো আছিল যীশুগীত, আৰু লিখিছিলো অথনাসৰ কাৰণে।” এনেকৈ কৈ তেওঁ নিজৰ বন্ধু অথনাসৰ ফালে চায় আৰু দুয়ো হাঁহিবলৈ ধৰে।
শ্ৰদ্ধানন্দ আৰু অথনাসৰ ঘৰ ঝাৰখণ্ডৰ লুপুংপাট গাঁৱত। সৰুতে তেওঁলোকে স্কুললৈ একেলগে খোজকাঢ়ি গৈছিল। এদিনাখনত দুয়ো ৰোমান কেথলিক প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ বাটত শ্ৰদ্ধানন্দই মন কৰিলে যে অথনাস খুব চিন্তিত হৈ আছে। পিছদিনা স্কুলত গীত গাই শুনোৱাৰ পাল আছিল অথনাসৰ। সেই গীতৰ ভিত্তিতে তেওঁলোকৰ বছৰেকীয়া পৰীক্ষাত মূল্যায়ন কৰা হ’ব।
দুয়োজন অসুৰ সম্প্ৰদায়ৰ। ঝাৰখণ্ডত বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি)ৰ অন্তৰ্ভুক্ত। অথনাসৰ জন্মৰেপৰা বাওঁহাতখন অপৈণত। শ্ৰদ্ধানন্দই কয়, “এইটো কাৰণতে তেওঁ মানুহে লুলা (পংগু) বুলি পেংলাই কৰিছিল।”














