প্ৰিয়ংকা কুমাৰী এগৰাকী দ্ৰুতবেগী দৌৰবিদ আৰু ১৮ বছৰীয়া এই প্ৰিয়ংকাৰ গতিৰ কথা তেওঁৰ পিতৃ লাল দেও ওৰাওঁৱে বৰ গৌৰৱেৰে কয়। "বহুত তেজ দৌড়তী থী বচপন চে (সৰুৰে পৰাই তাই খুব বেগেৰে দৌৰিব পাৰে," তেওঁ কয়।
দিনহাজিৰা কৰা পিতৃৰ চাৰিটি সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰিয়ংকাই এছ.এছ.চি. জি.ডি. অৰ্থাৎ অৰ্ধসামৰিক বাহিনীৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।
"হমকো ৱৰ্ডী পহননা হ্যে (মই ইউনিফৰ্ম পিন্ধিব বিচাৰোঁ)” তাই লাজকুৰীয়া হাঁহি এটিৰে উত্তৰ দিয়ে।
প্ৰিয়ংকাই প্ৰতিদিনে অনুশীলন কৰে। এনে এটা পৰীক্ষাৰ বাবে, যাৰ বাবে হয়তো তাই এতিয়া আৰু যোগ্য হৈ থকা নাই। অৰ্ধসামৰিক বাহিনীৰ স্বাস্থ্য পৰীক্ষাত ফ্ল’ৰ’ছিছ ধৰা পৰিলে অযোগ্য বুলি ধৰা হয়। আৰু তাইৰ দাঁতত লগা দাগ, গাঁঠিৰ বিষ আদি এইবিধ ৰোগৰে লক্ষণ। সেই কাৰণতে তাই অযোগ্য ঘোষিত হ’ব পাৰে।
যোৱা নৱেম্বৰ মাহত তাই গাঁৱৰ কাষৰ মুকলি পথাৰত অনুশীলন আৰম্ভ কৰিছিল। লক্ষ্য আছিল ৮.৫ মিনিটত ১,৬০০ মিটাৰ দৌৰা। "পহলা দিন হাম ৭ মিনিট মে হী দৌৰ গয়ে [প্ৰথমদিনা মই মাত্ৰ ৭ মিনিটতে সিমানখিনি দৌৰিছিলো)," প্ৰিয়ংকাই গৌৰৱেৰে কয়।
কিন্তু সেই প্ৰথমদিনা দৌৰাৰ পিছতেই তেওঁৰ আঠুৰ বিষ আৰম্ভ হ’ল। সেই বিষ গোটেই গাতে উজাই আহিল। দেউতাকে পেইনকিলাৰ খাবলৈ কৈছিল। কিন্তু তাই খাবলৈ ইচ্ছা নকৰিলে। "এবাৰ খালে ই অভ্যাসত পৰিণত হ’ব।" তাই যিটো পৰিৱেশত ডাঙৰ-দীঘল হৈছে, তাত বিষ উঠিলেই কাৰণ নোচোৱাকৈ মানুহে বিষৰ টেবলেট খায়। ঝাৰখণ্ডৰ পালামুত সৰুৰেপৰা তাই মানুহক তেনেকৈয়ে দেখিছে।
চুক্ৰু গাঁৱৰ বাসিন্দাসকল, ঘাইকৈ অনুসূচিত জনজাতিৰ লোকসকল ফ্ল’ৰ’ছিছত আক্ৰান্ত হৈছে। খোৱাপানীত অত্যধিক পৰিমাণে ফ্ল’ৰাইড থকাৰ বাবে হোৱা এই শাৰীৰিক অৱস্থা অপৰিৱৰ্তনীয়। শিলাখণ্ড, মাটি আৰু ভূগৰ্ভস্থ পানীত প্ৰাকৃতিকভাৱেই ফ্ল’ৰাইড পোৱা যায়। পলামুৰ তলৰ বেডৰক বা মূল শিলাস্তৰ গঠন কৰা নাইচ আৰু গ্ৰেনাইট শিলাত প্ৰচুৰ পৰিমাণে ফ্ল’ৰাইড আছে। ইয়াৰ মাজেৰে পানী বৈ যাওঁতে পানীত ফ্ল’ৰাইড দ্ৰৱীভূত হৈ পৰে।




























