‘‘ঘৰৰ নলৰ পানীৰ ৰং কেতিয়াবা হালধীয়া, কেতিয়াবানীলা, কেতিয়াবাক’লা। কেতিয়াবা ঘোলা৷ পানীৰ গোন্ধ নৰ্দমাৰপানীৰ দৰে৷ আমি এই পানী যোৱা ছমাহ ধৰি ব্যৱহাৰ কৰি আহিছো’’, পশ্চিম দিল্লীৰপীৰাগড়িতবাস কৰা ২২ বছৰীয়া দৰ্জী ৰোশনে এইদৰে কয়৷ ৰোশন যোৱা তিনি দিন ধৰি জ্বৰ আৰু পেটৰ বিষত ভুগি আছে৷ তেওঁৰ পৰিয়ালৰকোনোবা নহয় কোনোবাজনসদায় অসুস্থ হৈ থাকেই।
দেশৰ ৰাজধানীৰপৰা নাতিদূৰৈতঅৱস্থিতএসময়ৰ পীৰাগড়ি এতিয়া এখন চহৰলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে৷ এই বিষাক্তপানী খোৱাৰ পিছত শতাধিক লোক গেষ্ট্ৰিকৰসমস্যা হৈছে, বহুতে সঘনে জ্বৰত ভুগিবলৈলৈছে। ২০২৪ চনৰ জুন মাহৰ পৰা প্ৰায় ১,০০০ টা পৰিয়ালক পৌৰ নিগমে দুৰ্গন্ধযুক্ত পানী যোগান ধৰি আহিছে।
পীৰাগড়িৰ সৰু সৰু ৰাস্তা-পদুলিবোৰত ডজনৰো অধিক সৰু-ডাঙৰ উদ্যোগ গঢ় লৈ উঠিছে৷ স্থানীয়লোকৰ মতে দুটা দশক পূৰ্বে ইয়াত প্ৰধানকৈপ্লাষ্টিকৰসামগ্ৰীনিৰ্মাণৰগোট এটাহে আছিল৷ সময়ৰ লগে লগে ৰং, ডাই, জোতা, বৈদ্যুতিকসামগ্ৰীআৰু মটৰৰ দৰে বিভিন্নসামগ্ৰীনিৰ্মাণৰউদ্যোগ অঞ্চলটোতস্থাপন হ’বলৈ ধৰিলে৷
এই কাৰখানাসমূহৰএটাত ৰোশনৰ পিতৃ বিশ্বনাথেদৈনিক শ্ৰমিক হিচাপে কাম কৰে৷ ১৫ বছৰ পূৰ্বে যেতিয়া তেওঁ বিহাৰৰ পৰা দিল্লীলৈপ্ৰব্ৰজিতহৈ আহিছিল, তেতিয়াৰেপৰা পীৰাগড়িয়েতেওঁৰ ঘৰ হৈ পৰিছিল৷কাৰণ পীৰাগড়িয়েতেওঁক দিছিল কৰ্ম সংস্থাপন, খাদ্য আৰু পানী৷
বিশ্বনাথৰ পৰিয়ালৰদৰে পীৰাগড়িৰবহু সংখ্যক পৰিয়ালেমাহটোৰ উপাৰ্জনৰপ্ৰায় ১০ শতাংশ খোৱা পানী ক্ৰয় কৰোঁতে ব্যয় কৰে, অৰ্থাৎ দিনে গড়ে ১০০ টকাকৈ ব্যয় হয়৷














