ফুট গধূলিৰ সময়ছোৱাত তেওঁ সেই পৰিত্যক্ত উদ্যানখনলৈ আগবাঢ়ি গৈছিল৷ এখন বেঞ্চত বহি কাষতে লাঠিডাল আৰু সৰু মোবাইল ফোনটো ৰাখিছিল৷ এবছৰৰ ভিতৰতে দ্বিতীয়বাৰলৈ উদ্যানখন নিমাওমাও হৈ পৰিছিল৷ শিশু আৰু প্ৰাপ্তবয়স্কসকল নিজৰ নিজৰ ঘৰত একপ্ৰকাৰ আৱদ্ধ হৈ পৰিছিল৷
তেওঁ কেইবাদিনো ধৰি উদ্যানখনলৈ আহি আছে৷ আন্ধাৰ বাঢ়ি যোৱাৰ লগে লগে ষ্ট্ৰীটলাইটবোৰ জ্বলি উঠে আৰু খুঁটাকেইটাৰ ছাঁ দীঘলীয়াকৈ মাটিত পৰি ৰয়৷ পথৰ কাষৰ গছকেইজোপাৰ বতাহৰ লগে লগে সৰি পৰা পাতকেইটাও যেন পৰিৱেশটো সংগীতময় কৰি তোলে৷ কিন্তু তেওঁৰ হৃদয়ৰ আন্ধাৰখিনি যেন নাযায়-নুপুৱায়৷ ঘণ্টা ঘণ্টাজুৰি বেঞ্চখনত বহাৰ পিছতো তেওঁৰ অস্বাভাৱিকধৰণে শান্ত হৃদয়ৰ ভৌতিক ঢপঢপনিখিনি দকমকীয়া হৈ ৰয়৷
কুৰিৰ দেওনা পাৰ হোৱা এই ডেকাজন ঠাইডোখৰৰ সকলোৰে বাবে পৰিচিত আছিল- কিন্তু এতিয়াও বহুলোকৰ বাবে তেওঁ এখন অচিনাকি মুখ৷ তেওঁৰ ইউনিফৰ্মে তেওঁৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে- তেওঁ কাষৰে অট্টালিকা এটাত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিল৷ তেওঁৰ নাম?... প্ৰয়োজনেই বা কি তেওঁৰ নাম জনাৰ? সাত বছৰ নিশ্চিদ্ৰ নিৰাপত্তা প্ৰদানৰ কামত জড়িত থকাৰ পিছতো অট্টালিকাটোৰ প্ৰায়সংখ্যকেই তেওঁক চিনি নাপায়৷
তেওঁ ইয়ালৈ উত্তৰ প্ৰদেশ বুন্দেলখণ্ডৰ পৰা আহিছিল৷ তেওঁৰ পিতৃ আছিল এজন কবি আৰু বক্তা৷ নিজৰ মত স্বাধীনভাৱে প্ৰকাশ কৰাৰ অপৰাধত তেওঁক হত্যা কৰা হৈছিল৷ তেওঁৰ লিখনি, তেওঁৰ কিতাপসমূহ যি আছিল তেওঁৰ মূল্যবোধৰ একমাত্ৰ সম্পত্তি- সেই আটাইবোৰ জ্বলাই দিয়া হৈছিল৷ তেওঁৰ পত্নীয়ে দহ বছৰীয়া সৰু ল’ৰাটোক বুকুত সামৰি থৰথৰকৈ কঁপিছিল৷ এই আশংকাত যদি দুষ্কৃতিকাৰীয়ে তেওঁৰ সন্তানটোকো লৈ যায়! মাকে তাক যিমান দূৰলৈ পাৰে দৌৰি পলাবলৈ কৈছিল৷
তেওঁ পঢ়িবলৈ বিচাৰিছিল, ডাঙৰ মানুহ হ’বলৈ বিচাৰিছিল৷ মূৰকত তেওঁ মুম্বাইৰ ৰে’লৱে ষ্টেচনত জোতা পলিচৰ কামহে কৰিবলগীয়া হৈছিল৷ নৰ্দমা পৰিষ্কাৰ কৰা, নিৰ্মাণস্থলীৰ মজুৰি কাম আদিবোৰ তেওঁৰ দৈনিক ভাতমুঠিৰ বাবে কৰিবলগীয়া হৈছিল৷ এনেদৰে শেষত গৈ তেওঁ ছিকিউৰিটি গাৰ্ডৰ কাম এটা পাইছিল৷ ৰাহি হোৱা দৰমহাৰে তেওঁ ঘৰত থকা মাকলৈও টকা পঠিয়াইছিল৷ মাকে পুতেকৰ বিয়াখন সোনকালে পাতি দিয়াটো বিচাৰিছিল৷



