“ৰাতিপুৱা ৭ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ জৰুৰীকালীন কামৰ বাহিৰে আন কামত বাহিৰলৈ ওলোৱাটো কঠোৰভাৱে নিষিদ্ধ।”
- গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা (ইণ্ডিয়া টুডে, ১৭ মে’ৰ প্ৰতিবেদন)
এই নিৰ্দেশনাত প্ৰব্ৰজিত শ্ৰমিকসকলক ৰেহাই দি জনোৱা হৈছিল যে আন্তঃৰাজ্যিক যাত্ৰীসকলৰ বাবে পৰিবহণ আৰু বাছ সেৱাৰ ব্যৱস্থা বাহাল থাকিব (যদি দুয়োখন চুবুৰীয়া ৰাজ্য একমত হয়)। কিন্তু যি লাখ লাখ মানুহ যে ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজ কাঢ়ি ঘৰলৈ উভতাৰ আপ্ৰাণ চেষ্টা কৰিছিল, তেওঁলোকৰ বাবে ইয়াত এটা শব্দও খৰচ কৰা নহ’ল।
সান্ধ্য আইনৰ বাবে প্ৰচণ্ড গৰমৰ মাজত ৰাতিপুৱা সাত বজাৰ পৰা সন্ধিয়া সাত বজালৈকে এই মানুহবোৰে খোজ কাঢ়িবলগীয়া হৈছিল, বহু ঠাইত উত্তাপ ৪৭ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত স্পৰ্শ কৰিছিল।
এমাহ আগতে লকডাউনৰ ফলত কাম আৰু উপাৰ্জন বন্ধ হৈ পৰাত, বাৰ বছৰীয়া এগৰাকী আদিবাসী ছোৱালী, জামলো মাডকামে নিজৰ কৰ্মস্থলী তেলাংগনাৰ জলকীয়া খেতিৰ পৰা নিজৰ ঘৰ ছত্তীশগড় অভিমুখে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। এই সৰু ছোৱালীজনীয়ে তিনিদিনত ১৪০ কিলোমিটাৰ খোজ কঢ়াৰ পিছত ভোকে-পিয়াহে লেবেজান হৈ পৰিছিল, পিয়াহত আতুৰ হৈ আৰু মাংসপেশীৰ ভাগৰত নিজৰ ঘৰৰ পৰা মাত্ৰ ৬০ কিলোমিটাৰ দূৰত ঢলি পৰে আৰু চিৰদিনৰ বাবে নাইকিয়া হৈ যায়। জামলোৰ দৰে আৰু কিমানজন এই সান্ধ্য আইনৰ বলি হ’ব?
প্ৰধানমন্ত্ৰীৰ ২৪ মাৰ্চৰ ঘোষণাৰ ফলত চৰম আতংকৰ সৃষ্টি হয়। কিয়নো ১৩০ কোটি মানুহক লকডাউনৰ বাবে প্ৰস্তুত হ’বলৈ মাত্ৰ চাৰি ঘণ্টা সময় দিয়া হৈছিল। দেশৰ সকলো প্ৰান্তৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলে ঘৰলৈ উভতি অহাৰ আপ্ৰাণ চেষ্টাত ভোকে-পিয়াহে দীঘলীয়া পদযাত্ৰা আৰম্ভ কৰে। ইয়াৰ পিছত পুলিচে যাক মাৰ-ধৰ কৰি চহৰৰ নিজা আশ্ৰয়স্থললৈ ওভতাই পঠিয়াব নোৱাৰিলে, ৰাজ্যৰ সীমান্তত তেওঁলোকক আবদ্ধ কৰি ৰাখিলে। মানুহৰ গাত আমি বীজাণুনাশক স্প্ৰে ছটিয়ালোঁ। অনেকে বাধ্য হৈ 'সাহায্য শিবিৰ'লৈ গুচি গ’ল, কিন্তু তাত কোনে কাৰ পৰা যে কি সহায় পাইছে, সেয়া কোৱা টান।
মুম্বাই-নাচিক ঘাইপথত সাধাৰণতে যি ভিৰ থাকে, লকডাউনত তাতকৈও অধিক ভিৰ দেখা গৈছিল। যিকোনো প্ৰকাৰে গুচি যোৱাৰ বাবে দেশৰ মানুহে প্ৰাণপণে চেষ্টা চলাইছিল। এবছৰ আগতে এক দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা বিমলেশ জয়ছোৱালে মহাৰাষ্ট্ৰৰ পানভেলৰ পৰা মধ্যপ্ৰদেশৰ ৰেৱালৈকে ১২০০ কিলোমিটাৰ পথ ঘৈণীয়েক আৰু তিনি বছৰীয়া কণমানি জীয়ৰীক লৈ এখন গিয়েৰবিহীন স্কুটাৰেৰে অতিক্ৰম কৰি আহিছে। “কোনে চাৰি ঘণ্টাৰ জাননীত গোটেই দেশখন বন্ধ কৰি দিয়ে?” তেওঁৰ প্ৰশ্ন। বিমলেশ, উত্তৰটো আপুনি নিজেই জানে নহয়নে?










