“শৈশৱত কেতিয়াও মনলৈ ভাব অহা নাছিল যে এনে এটা কাম আমি এদিন এৰিব লাগিব।”
ৰাধা দেৱীৰ ঘৰৰ চালিৰ ওপৰত পৰিত্যক্ত অৱস্থাত থকা তাঁতশালৰ সঁজুলিখিনি দেখি অতীতৰ সেই তাঁতশালৰ খিটি খিটি শব্দ এটা কাণত বাজিব ধৰে। এটা যঁতৰ আৰু কাঠৰ পুৰণি এটা মাকো। প্ৰাকৃতিক আৰু কোনো ধৰণৰ ৰং নকৰা ঊণেৰে কম্বল বোৱাৰ কেইবা দশকজোৰা যাত্ৰাত তেওঁৰ সংগী আছিল এই যতৰ আৰু মাকো। সেইবোৰ এতিয়া অচল।
ভোজপুৰৰ এই সূতা কটা আৰু কাপোৰ বোৱা মহিলাগৰাকীয়ে কয়, “চুতা বনাৱত কে কলা হমাৰ হাথ চে চুতত জাতা (সূতা কটা শিল্প পাহৰিব ধৰিছো। সেইখনৰ পিছত (২০১৬ চন) আৰু কোনো কম্বল বোৱা নাই।” তেওঁ আঙুলিয়াই দেখুওৱা কম্বলখন আছিল ডাঠ আৰু মটীয়া ৰঙৰ আৰু পথালিকৈ আঁচ পৰা।
ভাতি বয়সৰ শিপিনীগৰাকীৰ বয়সনো কিমান, তেওঁৰ সঠিককৈ মনত নাই। অৱশ্যে তেওঁ ন দি কয়, “মই ইন্দিৰা গান্ধীৰ সময়ো দেখিছোঁ!” তেওঁ লগতে কয়, “মই নিচেই কম বয়সৰ পৰা মোৰ মা, খুড়ী আৰু আইতাৰ সৈতে কম্বল বোৱা কাম কৰি আহিছো।”
গড়হনী ব্লকৰ ভিনৰাৰী গাঁৱৰ গলিবোৰত এসময়ত ভেড়াৰ ঊণৰ নিজস্ব এক গতি আছিল। শীতকালি বজাৰবোৰত পাল সম্প্ৰদায়ৰ শিপিনীসকলে বোৱা কম্বলবোৰ লৈ ভিৰ কৰিছিল। এই কম্বলৰ খহটা আঁহবোৰে শীতৰ দীঘলীয়া ৰাতি মানুহক উম দিছিল। এতিয়া তেনেকৈ কম্বল লৈ ফুৰা মানুহ নাই আৰু ৰাধা দেৱীয়েই তেওঁৰ সম্প্ৰদায়ৰ শেষৰ গৰাকী মহিলা যিয়ে গাঁৱত এনে কম্বল বোৱা কামত জৰিত আছিল।
ৰাধা দেৱীয়ে কয়, “এহি জাত বা হমাৰ (এইটোৱেই আমাৰ জাতি)। আমি আৰম্ভণিৰে পৰা এই কামটোৱেই কৰি আহিছোঁ।”
সেউজীয়া আৰু গুলপীয়া ৰং মিহলি শাড়ী পৰিধান কৰা ৰাধা দেৱীয়ে তেওঁৰ ঘৰৰ ৰ’দ পৰি উষ্ম হৈ থকা ইটাৰ বেৰখনৰ কাষত থিয় হৈ মনত পেলাইছে কেনেকৈ আঠ কি ন বছৰ বয়সতে তেওঁ কাপোৰ বোৱা শিকিছিল। তেওঁ কেতিয়াও স্কুলৰ দুৱাৰ গৰকা নাছিল। মাকৰ পৰাই তেওঁ বোৱা-কটা শিকিছিল। তেওঁৰ দেউতাক আৰু ককাদেউতাকৰ এশটাৰো বেছি ভেড়া আছিল। সাধাৰণতে পৰিয়ালৰ মহিলাসকলে ঊণৰ পৰা কম্বল আৰু ছুৱেটাৰ বোৱা কাম কৰিছিল। পুৰুষসকলে সেইবোৰ ওচৰৰ গাঁৱত বা আন জিলাত বিক্ৰী কৰিছিল। যিখন ঘৰলৈ বিয়া হৈ আহিছিল, তাতো একেই পৰিৱেশ আছিল। তেওঁৰ স্বামী আৰু শহুৰেকে ভেড়া পুহিছিল আৰু শাহুৱেকে কম্বল বৈছিল।












