মই সৱৰপাড়া গৈ পাওঁ মানে ৰাতি হৈছিল। মূল পথৰ পৰা আঁতৰত, বান্দুৱান তালুকৰ কুঁচিয়া গাঁৱৰ দাঁতিত পাৰাটোৰ এঘাৰটা ঘৰ – যিবোৰ সৱৰ (সবৰ বুলিও কোৱা হয়) সম্প্ৰদায়ৰ লোকসকলৰ সৰু সৰু কেঁচাঘৰৰ এটা চুবুৰী।
আন্ধাৰত আধা লুকাই থকা তেওঁলোকৰ ঘৰবোৰৰ পৰাই অৰণ্যখনৰ আৰম্ভণি, আগুৱাই যোৱাৰ লগে লগে যিখন অধিক ঘন হৈ পৰে আৰু ক্ৰমাৎ দুৱাৰসিনী পাহাৰত মিলি যায়। শাল, চেগুন, পিয়াল আৰু পলাশ গছেৰে ভৰা এই অৰণ্যখন ফল-মূল, ফুল আৰু শাক-পাচলিকে আদি কৰি নানাবিধ খাদ্যৰ উৎস – লগতে জীৱিকাৰো।
সৱৰ সম্প্ৰদায়ক পশ্চিমবংগত ডি-নটিফাইড ট্ৰাইব (ডিএনটি) আৰু অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ ক্ৰিমিনেল ট্ৰাইবেল এক্ট (চিটিএ) -এ ‘অপৰাধী’ বুলি নামাংকৃত কৰি থৈ যোৱা বহুকেইটা জনজাতিৰ মাজত সৱৰ সম্প্ৰদায় অন্যতম। ১৯৫২ চনত ভাৰত চৰকাৰে এই আইনখন বাতিল কৰে আৰু বৰ্তমান সেই জনজাতিসমূহক ডি-নটিফাইড ট্ৰাইব (ডিএনটি) বা অঘৰী জনজাতি (এনটি) বুলি কোৱা হয়।
সবৰপাড়াৰ (সবৰপাৰা বুলিও কোৱা হয়) পৰিয়ালসমূহে এতিয়াও জীৱিকাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰে। ২৬ বছৰীয়া নেপালি সবৰ তেওঁলোকৰে মাজৰ এগৰাকী। তেওঁ পুৰুলিয়া জিলাত তেওঁৰ স্বামী ঘল্টু, দুজনী জীয়ৰী আৰু এটি পুত্ৰৰে সৈতে এটা কেঁচা ঘৰত বাস কৰে। আটাইতকৈ ডাঙৰ ছোৱালীজনী ন বছৰীয়া আৰু তাই প্ৰথম শ্ৰেণীত পঢ়ি আছে। মাজৰটো ল’ৰা। আৰু একেবাৰে সৰুজনী এতিয়াও কোলাৰ কেঁচুৱা। পৰিয়ালটোৰ উপাৰ্জন শাল গছৰ পাতৰ ওপৰত নিৰ্ভৰশীল।




