“তাৰ শুঁৰ লাগি, গছক পৰি শস্যৰ সাতটা বস্তা নষ্ট হ’ল।”
এটা বছৰ পাৰ হৈ গ’ল। কিন্তু ৰামপাৰাই দংপাৰেনপুই গাঁৱৰ নিজ ঘৰটোৰ যি ক্ষতি সেই অকলশৰীয়া হাতীটোৱে কৰিলে, সেয়া তেওঁ পাহৰিব পৰা নাই।
সাত বস্তা শস্য পাঁচটা মিঠাতেলৰ টিনৰ বাকচৰ সমান। তাত প্ৰায় ১০-১২ কিলো ধৰে। মিজোৰামত খাদ্যশস্যৰ হিচাপ মিঠাতেলৰ টিনৰ বাকচত পৰম্পৰাগতভাৱে ৰখা হয়।
“হাতীয়ে চেলেকাৰ পিছত সৰিয়হখিনি বেয়া হৈ গ’ল,” তেওঁ লগতে কয়। তেওঁ বাঁহেৰে বনোৱা পহৰা দিয়া ঘৰটোত ৰখা ধানখিনিও হাতীয়ে চেলেকি নষ্ট কৰিলে।
কিন্তু ৭৩ বছৰীয়া ৰামপাৰাই কথাবোৰ ধৰি থকা নাই। “মায়ুং (হাতী) ভাল। মানুহক কেতিয়াও আক্ৰমণ নকৰে। খুব বেছি শস্য নষ্ট কৰে। খাদ্যৰ বাবে আহে আৰু গুছি যায়।”
তেওঁ পাৰিক এইবুলিও কয় যে হাতীটো লাজকুৰীয়া। “যেতিয়াই ই মানুহৰ মাত শুনে, কাণদুখন তললৈ কৰে।” আজিকালি খেতিৰ শস্য খাবলৈও কমকৈ অহা হৈছে। ২০২২ আৰু ২০২৩ত তিনি-চাৰিবাৰ আহিছিল, ২০২৪ত দুবাৰ আৰু ২০২৫ত মাত্ৰ এবাৰ।















