এই টেকন’লজিকেল ৰেচিপিৰ ৰন্ধনপ্ৰণালী অলপ সুকীয়া। পৰিত্যক্ত ট্ৰেক্টৰ এখনৰ যি দুই-চাৰিটুকুৰা কাটি আনিব পাৰে, লৈ আহক। শেষৰখন বিশ্বযুদ্ধ যিখন জীপে পাৰ কৰি আহি এতিয়া শুই পৰিল, তাৰ পৰা দুই-তিনি টুকুৰা আনক। লগতে লাগিব গৰুগাড়ীৰ কেইখনমান তক্তা। বাঁহৰ খুঁটা, কেইডালমান ৰছী আৰু অলপ ফ্লেভাৰ যোগ দিবলৈ এখন ডাঙৰ নীলা তিৰ্পাল। তাৰপিছত আহিল চাৰিটা চকা। একে চাইজৰ হ’ব লাগিব বুলি কথা নাই। হ’লেই হ’ল। কাম ঠিকেই কৰিব। আন যি বিনা পইচাই পাব পৰা সামগ্ৰী আছে, তুলি আনি লগাই ল’ব পৰা যায়। এতিয়া জুগাৰ মাথা লগাই আটাইখিনি এক লগ কৰিব লাগিব। আকাৰ যিয়েই নলওঁক, লগ লাগিলে হ’ল।
হৈ গ’ল। এতিয়া চলিব। চলিব মানে ই আপোনাক আপোনাৰ গন্তব্যস্থলত উপনীত কৰাইহে এৰিব। মধ্য প্ৰদেশৰ এয়া ভিণ্ড-মৰেনাৰ জুগাৰ বাহন। এনে বাহন আপুনি বুন্দেলখণ্ডতো পাব। ৰাজস্থানৰো বিভিন্ন স্থানত দেখিব। অৱশ্যে হাৰিয়ানা এই তালিকাত নাই।
ভাৰতীয় প্ৰযুক্তিত এই জুগাৰ আপুনি লেখত ল’বই লাগিব। এইবিধ বাহন যে চলিব আপুনি সন্দেহ কৰিব পাৰে, কিন্তু চলিব। চলিছেই। এইবিধ চলন্ত জুগাৰ আন দহজনৰ দৰে এই প্ৰতিবেদকেও নিজ চকুই চলা দেখিছে। পেলনীয় বস্তু নবীকৰণৰ ভাল কিবা উদাহৰণ থাকিব পাৰে, এইটো পিছে যাদুকৰী নিদৰ্শন। যিটো ডিজেল ইঞ্জিনত চলে, যিটো ইঞ্জিন এটা সময়ত জলসিঞ্চনৰ পানী তোলা কামত ব্যৱহাৰ হৈছিল। আটাইখিনি বস্তু জোৰা লগাওতে খৰছো একেবাৰে কমতে হোৱা বুলি জুগাৰবিদসকলে দাবীও কৰিছে। বেছি স্পীড নাই, কিন্তু ইফালে-সিফালে যাবলৈ বৰ ভাল। খেতিয়কে খেতিৰ ধান আদি বজাৰলৈ তাতেই বোজাই কৰি নিয়ে। ঘৰৰ ইটো-সিটো সামগ্ৰীও গাড়ীখনতে লৈ আহিব পাৰি। একেবাৰে ওচৰৰ চহৰখনলৈ যাবলৈ এইখনে যাত্ৰীবাহী গাড়ীৰো কাম কৰে। স্কুলবাছো হৈ পৰে। ম’ৰেনাৰ মানুহখিনিৰ বাবে আকৌ এইখনেই ৰাজহুৱা পৰিবহন। তাতেই এই ফটোখন তোলা হৈছিল। বায়ুসেনা বিভাগৰ বেছ কেম্পৰ পেলনীয়া আৱৰ্জনাৰ দমৰ পৰা চকাকেইটা অনা যেন লাগিছে।




