নিজৰ খেৰী ঘৰটোৰ বাহিৰত বহি ৪৮ বৰ্ষীয় গোমডি বিৰয়নে কাহিলীপুৱাতে পৰিয়ালটোৰ বাবে কম সময়ৰ ভিতৰতে আহাৰ ৰান্ধিছে। পাড়াইয়াৰৰ পৰা ছয় কিলোমিটাৰ দূৰৰ ময়িলাডুডুৰই জিলাৰ চিৰকাড়ি তালুকৰ তাণ্ডৱক'লম গাঁৱৰ দলিত বসতিস্থল আন্না নগৰৰ এয়া পৰিচিত দৃশ্য। অঞ্চলটোৰ প্ৰায়ভাগ মহিলাৰ দৰে গোমডিৰো দিনটো পূবে ধলফাট নৌদিওতেও আৰম্ভ হয়। পুৱা চাৰি বজাৰ পৰা তেওঁ কামত লাগে। কাম আৰম্ভ হয় ওচৰৰে নলৰ পৰা পানী অনা, ঘৰটো সৰা-মচা, খৰিৰ জুইত ভাত ৰন্ধা ইত্যাদি।
“গেছৰ চিলিণ্ডাৰ পায়, কিন্তু এয়া বেছি সস্তা,” গোমডিয়ে আলাসতে আঞ্জাখন লৰাই দি থকাৰ মাজতে কয়। গিৰীয়েক, শাহুৱেক আৰু পুতেকৰ কাৰণে পুৱাৰ আৰু দুপৰীয়াৰ আহাৰ ৰান্ধি শেষ হোৱালৈ তেওঁ নিজে খাবলৈ সময় নাইকিয়া হয়গৈ।
তেওঁ কামৰ পৰা আজৰি হৈ লৰালৰিকৈ মাছুৱৈৰ বন্দৰলৈ ৰাওনা হৈছে, তাত তেওঁ মাছ শুকুওৱা কাম কৰে। তেওঁৰ কাম নদীৰ গতি আৰু চন্দ্ৰৰ পৰিভ্ৰমণে নিৰ্ণয় কৰে, সেই হিচাপতে তেওঁৰ দিনটো আৰম্ভ আৰু শেষ হয়।
মহিলাসকলে এটা এটাকৈ নিজৰ ঘৰৰ কামখিনি শেষ কৰে আৰু জোৱাৰ-ভাটা কম হোৱা সময়ত নদীৰ পাৰলৈ যায়। তেওঁলোকৰ কাম যদি পাড়াইয়াৰত মাছ শুকুওৱা, তেতিয়া তেওঁলোকে পুৱা আঠ বাজে মানে বাছ ধৰিবলৈ ওচৰৰে বাছ আস্থানলৈ যায়। তেওঁলোকৰ সময় নিৰ্ভৰ কৰে ভাটাৰ ওপৰত। “পাড়াইয়াৰ আমাৰ মানুহখিনিৰ জীৱনৰেখা! আমাৰ গাওঁবোৰৰ বাবে এয়াই সকলো,” পাড়াইয়াৰ মাছুৱৈৰ বন্দৰৰ মাছ শুকুওৱা কাম কৰা এগৰাকী শ্ৰমিক গোমডিয়ে কয়।
কুল্লিডম নদীৰ মোহনাত এই পাড়াইয়াৰ মাছৰ বন্দৰটোৰ অৱস্থিতি, তাতেই নদীখন গৈ বংগ উপত্যকাত মিলিছে। ময়িলাডুডুৰই জিলাত অৱস্থিত (২০২০ত নাগাপট্টিনম জিলাৰ পৰা কাটি অনা) এই বন্দৰটো তামিলনাডুৰ ১২ টা মাছৰ বন্দৰৰ এটা। চুবুৰীয়া গাওঁবোৰৰ পৰা অহা হাজাৰ হাজাৰ শ্ৰমিকৰ ই জীৱিকাৰ উত্স।
গোমডি বিৰয়নে ভালেকেইবছৰ ধৰি পাড়াইয়াৰ মাছৰ বন্দৰত মাছ শুকুওৱা কাম কৰি আহিছে। “বন্দৰৰ সৈতে মহিলাসকলৰ জীৱনটো ওতঃপ্ৰোতঃভাৱে জৰিত,” গোমডিয়ে কয়। “আমাৰ ইয়াতে জন্ম, ইয়াতেই বিয়া হৈছো আৰু ইয়াতেই জীৱনটো অতিবাহিত কৰিছো। আগতে আমি পথাৰত কাম কৰিছিলো, ভূঁই ৰুইছিলো, মিলেট আৰু মাহৰ খেতিত কাম কৰিছিলো। কিন্তু এতিয়া সেইবোৰ নাইকিয়া হ’ল - কেতিয়াবা বহুত বেছি বৰষুণ, কেতিয়াবা আকৌ দীঘলীয়াকৈ খৰাং পৰে, ফলত শস্যবোৰ লেৰেলি যায়।”
তেওঁ কৈ যায়, “মই ১৫ বছৰ বয়সৰ পৰাই নদীত হাতেৰে মিছা মাছ [Caridea] ধৰি আহিছো। মোৰ মা আৰু শাহু আয়েও একে কামকে কৰিছিল। আনকি পেটত সন্তান থকা সময়তো মোৰ মাছ ধৰিবলৈ মন গৈছিল আৰু মিছামাছ ধৰিছিলো। এই উপাৰ্জনেৰে মই মোৰ ল’ৰা-ছোৱালীহঁতৰ পঢ়া-শুনাৰ খৰছ উলিয়াইছো। যিমানদিন জীয়াই থাকো, মিছামাছ ধৰা কামটো কৰি যাম।”
তেওঁৰ এলেকাৰ প্ৰায় ২০ গৰাকীৰো অধিক মহিলা - বন্দৰৰ পৰা যাৰ ঘৰ ছয় কিলোমিটাৰ দূৰত, আটায়ে এই কামত জৰিত। “মহিলাসকলে পুৱা ৬ বজাত কামলৈ বাছ ধৰে। আমি মিছামাছ, স্কুইড আদি চাৰিৰ পৰা পাঁচবাৰ চাফা কৰো, নিমখ সানো, সংৰক্ষিত কৰো। প্ৰতিবিধ মাছৰ ক্ষেত্রত এই পদ্ধতি ভিন্ন আৰু প্ৰতিটো বাণ্ডিল পৃথকে কৰা হয়,” পাড়াইয়াৰ সম্প্ৰদায়ৰ (ৰাজ্যখনত অনুসূচিত জাতি হিচাপে তালিকাবদ্ধ) গোমডিয়ে কয়।




















