“পানী গোন্ধাইছে, কিন্তু আমাৰ হাতত উপায় কি আছে?”
সুৰ্য্যাস্ত হোৱাৰ আগেয়ে বচ্ছা দেৱীয়ে দিল্লীৰ যমুনা নদীত পৱিত্ৰ স্নান কৰিবলৈ সাজু হৈছে। কালিন্দী কুঞ্জ ঘাটত তেওঁৰ দৰে হাজাৰ হাজাৰ লোক নয়দা, দিল্লী আৰু ফৰিদাবাদৰ পৰা আহিছে। তেওঁলোকে ছট পূজা উপলক্ষে সুৰ্যদেৱতা আৰু জল, বায়ু আৰু প্ৰকৃতিৰ পূজা কৰিবলৈ নৱেম্বৰৰ প্ৰথমটো সপ্তাহত গোট খাইছে। “আমাৰ বাবে ছট পূজা আটাইতকৈ ডাঙৰ উত্সৱ, দেৱালীতকৈও ডাঙৰ,” ৰাজেশ মণ্ডলে কয়। বিহাৰৰ খাগাৰিয়াৰ পৰা অহা এইজন দিল্লীৰ এগৰাকী প্ৰব্ৰজিত শ্ৰমিক, বয়স ৪৫।
চাৰিদিনীয়া এই ছট পূজাৰ তৃতীয় আৰু আটাইতকৈ পৱিত্ৰ দিনটোত সন্ধ্যা অৰ্ঘ্য আগবঢ়োৱা হয়। বিবাহিত মহিলাই দুঘণ্টাৰ বাবে কঁকালৰ সমান দ পানীত নিমজ্জিত হৈ ডুবিত সুৰ্যক প্ৰাৰ্থনা কৰে। দিল্লী আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলত ভয়ংকৰ হাৰত প্ৰদূষিত যমুনা নদীয়েই একমাত্ৰ স্থান।



















