আজোককাৰ দিনৰে কাঠৰ এখন জীণ, এখন পুৰণি তাঁতশাল, কাঠৰ এটা প’লো মেলেট, ঘাঁহৰ চেণ্ডেল, পুৰণি ৰূপৰ গহণা, চিনা কবিতাৰ ছিন্ন-বিচ্ছিন্ন হোৱা এখন পাণ্ডুলিপি, মহিলাসকলে বিয়াত ব্যৱহাৰ কৰা অলংকাৰসদৃশ এখন পৰম্পৰাগত ফণী আৰু বহুতো৷ বছীৰ আহমেদ তেৰূৰ সংগ্ৰহালয় প্ৰদৰ্শনীৰ বাবে এনে ধৰণৰ বিভিন্ন দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰে ভৰি আছে৷
দাৰ্দ-চিন জনজাতিৰ বছীৰে অধিকাংশ সময় গুৰেজ আৰু দ্ৰাছত বাস কৰে৷ বিগত পাঁচ বছৰ ধৰি সমগ্ৰ গুৰেজ উপত্যাকৰ লোকসকলে দৈনন্দিন ব্যৱহৃত সামগ্ৰীকে ধৰি বিভিন্ন মূল্যৱান প্ৰাচীন সামগ্ৰী দাৰ্দ-চিন সংগ্ৰহালয়ত জমা কৰি আহিছে৷ বছীৰে দাৱাৰত থকা এই সংগ্ৰহালয়ৰ পৰ্যৱেক্ষণৰ কাম কৰে৷
‘‘মানুহবোৰক দেখিছো, তেওঁলোকে ঘৰৰ পুৰণি সামগ্ৰী যেনে পুৰণি কাপোৰ, কৃষিৰ সঁজুলি আদি হয় পেলাই দিয়ে অথবা জ্বলাই দিয়ে’’, বছীৰে এইদৰে মনত পেলায়৷ কিন্তু এতিয়া সেই পেলনীয়া সামগ্ৰীবোৰে তেওঁৰ সংগ্ৰহালয়ত স্থান পাইছে৷
ৰাজ্যিক স্বাস্থ্যকৰ্মী হিচাপে বছীৰে কাম কৰাৰ বাবে তেওঁৰ সংগ্ৰহালয়টো সামগ্ৰীৰে পৰিপূৰ্ণ কৰাত সহায়ক হৈছে বুলি তেওঁ বিশ্বাস কৰে৷ চৌৰাল্লিশ বছৰীয়া ৰাজ্যিক কৰ্মচাৰীগৰাকীয়ে কয় যে মানুহে তেওঁক বিশ্বাস কৰে আৰু সেয়ে তেওঁৰ সংগ্ৰহালয়টো পৰিচালনা কৰাত সহজ হৈছে৷ কাশ্মীৰৰ গুৰেজ উপত্যকাবাসীয়ে প্ৰায় ছমাহ সময়ত শীতৰ বৰফৰ আৱেশত কটাবলগীয়া হয় আৰু সেই সময়ত ৰাজ্যিক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰায় দুৰ্লভ হৈ পৰে৷ বছীৰৰ দৰে স্বাস্থ্যকৰ্মীসকলে কামসমূহ সম্পন্ন কৰাটো দুৰূহ হৈ পৰে৷ কিন্তু তেওঁৰ ওপৰত বাসিন্দা সকলে সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰে৷


















