‘‘শিল কাটা- ও!’’
উত্তৰ সোণাপুৰৰ ওচৰৰ গড়িয়া নামৰ অঞ্চলটোত লালবাবু মাহাতোৰ সেই তীক্ষ্ণ আৰু উচ্চ দীঘলীয়া স্বৰটো ভাঁহি আহে। তেতিয়া দুপৰীয়া প্ৰায় চাৰে বাৰ বাজিছে। তেওঁৰ মাতটোৰ বাহিৰে কলকাতাৰ সেই কেৱল ওচৰৰ বজাৰখনৰ পৰা ভাঁহি অহা দুই-এক অসংলগ্ন কথা-বতৰাৰ শব্দহে শুনা গৈছে৷
“শিল কাটা-আ-অ-অ'!” — গলিটোৱেদি খৰখেদাকৈ খোজ দি তেওঁ পুনৰ চিঞৰি উঠে; এটায়েই আশা – কাৰোবাৰ কিজানি পটাখন ধাৰ কৰিবলৈ (শিল কাটা) আছেই। বংগত ‘শিল কাটা’ মানে হ’ল এটা গ্ৰেনাইটৰ গুড়ি কৰা শিল আৰু এটা হাতেৰে ধৰা এবিধ সঁজুলি (নৰা)ৰ ওপৰত নক্সা খোদিত এক পৰম্পৰাগত কাম বা শিল্প৷ শিল-নোৰা - ভাৰতৰ অন্য প্ৰান্তৰ ‘শিল-বাট্টা’ বা তামিলনাডুৰ 'আম্মি কাল্লু'ৰে এক ভিন্ন ৰূপ, ইয়াক গোটা মচলাবোৰ পিহি সুগন্ধি লেপ বা গুড়িলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ এই গুড়ি ভাৰতীয় ৰন্ধনশৈলীৰ এক মূল আধাৰ হিচাপে সৰ্বজনবিদিত৷ ভাৰতীয় ৰান্ধনীসকলে বিশ্বাস কৰে যে যেতিয়া শিলটোৰ ওপৰত নোৰাটোৰ এক স্থিৰ হেঁচা পৰে, তেতিয়াহে মচলা আৰু বনৌষধিৰ প্ৰকৃত সোৱাদ আৰু সুগন্ধি নিৰ্গত হয়৷
‘‘ইয়াৰ মূল কামটোৱেই হ’ল মচলাখিনিক অধিক মিহি কৰি তোলা৷ কোনো দামী মিক্সাৰে আপোনাক এই একেধৰণৰ গুণাগুণ দিব নোৱাৰে,’’ পাকঘৰৰ গুৰুত্বপূৰ্ণ এই সঁজুলিবিধৰ সন্দৰ্ভত এয়াই আছিল লালবাবুৰ শেষ কথা৷
‘‘বৃত্তিগত হিচাপত শিল কাটা কামটো কৰিবলৈ এতিয়া নতুন মানুহ প্ৰায় নাইকীয়াই হৈছে৷ আমিই বোধহয় শেষৰটো প্ৰজন্ম’’, বিহাৰৰ চিৱান জিলাৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিক লালবাবুৱে এইদৰে কয়, ‘‘প্ৰায় ১০ বছৰ আগতেও যেতিয়া মই ইয়ালৈ প্ৰথম আহিছিলোঁ, কেৱল খিদিৰপুৰতে আমাৰ দৰে ২৫০ জন মানুহ আছিল৷ এতিয়া বেছিভাগেই বুঢ়া হ’ল, অৱসৰ ল’লে, এনেধৰণৰ ভাগৰুৱা কাম কৰিবলৈ তেওঁলোকৰ শৰীৰে এতিয়া আৰু অনুমতি নিদিয়ে৷’’












