মেহবুবে ঈদ-অল-আধা (জুনৰ আৰম্ভণিৰ ভাগত উদযাপিত) পৰিয়ালৰ সৈতে উদযাপনৰ বাবে মে’ মাহত বালিয়া হাছেননগৰস্থিত ঘৰলৈ আহিছিল। তেওঁলোকৰ আঢ়ৈ-মহলীয়া ঘৰটো এই ৰাজমিস্ত্ৰী পৰিয়ালটোৱে নিজে এটা এটা ইটা গাঁথি সাজিছে। ঘৰটোত পাঁচটা কোঠা আৰু তলৰ মহলাত কিছু খালি ঠাই আছে, য’ত ভৱিষ্যতে দোকান এখন বহুওৱাৰ পৰিকল্পনা আছে। মেহবুবে তেওঁৰ পত্নী সুৰনা বিবি (৩০) আৰু তেওঁলোকৰ তিনি সন্তানৰ সৈতে যিটো অংশত থাকে, তাৰ বেৰত এতিয়াও দুয়োফালে প্লাষ্টাৰ কৰা হোৱা নাই। তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ বকুল শ্বেইখ (১৬)য়ে স্কুল এৰি ওচৰৰ দোকান এখনত কাম কৰি আছে। কনিষ্ঠ পুত্ৰ সাগৰ শ্বেইখ (১২) আৰু ৰেহান শ্বেইখ (৭)য়ে স্থানীয় বিদ্যালয় এখনত পঢ়ি আছে। মেহবুব ঘৰলৈ অহা বাবে আৰু পৱিত্ৰ কুৰ্বানি উপলক্ষে পৰিয়ালটোৱে ঔপচাৰিক কুৰ্বানিৰো যোগাৰ কৰিছিল।
কিন্তু তেওঁ সেই আনন্দ-উৎসৱৰ ভাগ ল’বলৈ নাপালে। “থানেৰ কনষ্ট্ৰাকচন ছাইটৰ পৰা নেৰানেপেৰাকৈ কল আহিবলৈ ধৰিলে।” মেহবুবে পৰিয়াল আৰু উৎসৱ এৰি মহাৰাষ্ট্ৰলৈ গৈ তেওঁৰ কৰ্মক্ষেত্ৰলৈ গুছি যাবলগীয়া হ’ল।
৯ জুনত দোকান এখনত চাহ খাই থকা অৱস্থাতে তেওঁ আৰক্ষীয়ে একো নজনোৱাকৈ থানেৰ মীৰা ৰোডৰ শ্ৰী এল আৰ তিৱাৰি কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ নিকটৱৰ্তী আৰক্ষী চকীলৈ লৈ যায়। ৰাতি তেওঁক মীৰা ৰোড আৰক্ষী থানালৈ স্থানান্তৰ কৰা হয় য’ত তেওঁক ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ কোৱা হয়।
‘‘‘তইতো বাংলাদেশী, নহয়নে?’ এইবুলি বিষয়াবোৰে মোক হিন্দীতে প্ৰশ্ন কৰিছিল। ‘মোৰ ঘৰ পশ্চিমবংগত’ বুলি মই কৈছিলো আৰু মোৰ আধাৰ আৰু পান কাৰ্ড দেখুৱাইছিলো। তেওঁলোকে উত্তৰত কৈছিল, ‘এইবোৰতো আজিকালি পাঁচ টকাতে কিনিব পাৰি’,” এই প্ৰতিবেদকৰ আগত মেহবুবে কয়।
তেওঁ কেনেবাকৈ লুকাই-চুৰকৈ বালিয়া হাছেননগৰত থকা তেওঁৰ পৰিয়ালৰ সৈতে ফোনত যোগাযোগ কৰিলে আৰু পৰিয়ালকৰ লোকে ততালিকে মহিষাস্থলীত থকা স্থানীয় গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰি সকলো প্ৰয়োজনীয় নথি-পত্ৰ মীৰা ৰোড থানালৈ পঠিয়ায়। মেহবুবে কয়, “চাৰিটা দিন মই সাংঘাতিক মানসিক অত্যাচাৰৰ মাজত পাৰ কৰিলো। দিনত মোক তেওঁলোকে থানাৰ বাহিৰত বহুৱাই ৰাখিছিল আৰু ৰাতি আৰক্ষী শিবিৰ এটাত থৈছিল।”
মীৰা ৰোড আৰক্ষীয়ে মেহবুবৰ ক্ষেত্ৰত কিবা অন্যায় কৰিছে বুলি মানি নল’লে। জ্যেষ্ঠ পৰিদৰ্শক মেঘনা বুৰাডে কয় যে তেওঁলোকৰ “দোষ নাই।” এইকথাও তেওঁ কয় যে আৰক্ষী আয়ুক্তৰ নিৰ্দেশতহে মেহবুব শ্বেইখ আৰু আনবোৰক আটক কৰা হৈছে।