হায়দৰাবাদত অল্ড চিটিত হস্তনিৰ্মিত খাৰু ক’ত বনায় বুলি আপুনি চহৰখনৰ যাকে সোধে, তেঁৱেই আপোনাক চহৰখনৰ লাড বাজাৰ (লাক বজাৰ)ৰ ওচমান কী কাৰিগৰিৰ কথাই ক’ব। এই বিখ্যাত দোকানখনৰ সন্মুখত কিন্তু আপুনি নামফলক এখনো নেদেখিব। সামান্য মামৰ ধৰা লোৰ গেটখন খোল খালে তিনিখন বেৰেৰে এটা কোঠা, তাতেই বহে লাক কাৰুশিল্পী শ্বেইখ আখীল আৰু শ্বেইখ হাজীল। তেওঁলোক দুজনৰ মাজত আছে এখন লোৰ চাপৰ টেবুল।
দুই ভায়েকে মিলি এটা দশকৰো অধিক কাল ধৰি হস্তনিৰ্মিত খাৰু বনাই আহিছে। গাইপতি এদিনত তেওঁলোকে ৫০০লৈকে খাৰু বনাব পাৰে। প্ৰস্তুতিৰ বিভিন্ন পৰ্য্যায়ত থকা লাক খাৰুবোৰ অ’ত-তত থৈ দিয়া আছে। “গুলপীয়াই গ্ৰাহকৰ আটাইতকৈ প্ৰিয় ৰং,” গুলপীয়া ৰঙৰ গোটা লাকাৰ হাতত লোৱা আখীলে কয়। গুলপীয়াৰ উপৰিও ক’লা, সোণালী আৰু ফিৰোজা (সেউজ-নীলা বৰণীয়া) বৰণো এই ৰঙীন খাৰুৰ মানুহে বিচৰা ৰং। তাত খটোৱা থাকে চিকমিকাই থকা কাঁচৰ মণিগুটি, চেল’ফেনৰ স্বচ্ছ বাকচত সেয়া থাক থাক কৈ থোৱা আছে।
চাৰমিনাৰৰ কাষৰ ঠেক গলিত থকা লাড বাজাৰৰ এই দোকানখনত পুৰণি কাঠ আৰু পিতলৰ গোন্ধ এটা নাকত লাগে। কাষৰ মছজিদৰ পৰা ভাঁহি আহিছে আজানৰ মাত। আখীল আৰু হাজীলে কামত নিমজ্জিত হ’বলৈ ধৰাৰ লগে লগে কণমানিহঁতে খেলি থকাৰ শব্দ ক্ষীণ হৈ আহিছে।
তেওঁলোকে পাৰিক কয় যে তেওঁলোকৰ দোকানখনৰ নাম এগৰাকী আত্মীয় ‘ওচমান’ৰ নামত ৰখা হৈছে। “এইখন দোকান তেওঁৰ, কিন্তু তেওঁ ইয়াত কাম নকৰে। কেৱল মোৰ ভাইটোৱে আৰু মই কৰোঁ,” আখীলে কয়, অৱশ্যে তেওঁলোকে ভাৰা দিব নালাগে বুলিও তেওঁ যোগ দিয়ে।














