স্বামীৰ ফালে এভুমুকি চোৱাৰ পিছতেই দুপৰীয়াৰ আহাৰৰ বিৰতিটো হঠাতে দুঃস্বপ্নলৈ সলনি হৈ গ’ল সীতা চাচানেৰ।
চকুৰ সন্মুখতে তেওঁৰ স্বামী কেশৱৰ মুখখন এফালে নামি পৰিল। দৌৰি গৈ তেওঁ স্বামীৰ কাষ পালে, দেখিলে যে কেশৱে কাপোৰতে পেচাৱ কৰিছে।
“তেওঁৰ নাম ধৰি মই চিঞৰিলো, কিন্তু তেওঁ একো সঁহাৰি দিব নোৱাৰিলে,” ঘটনাৰ কেবাবছৰো পাৰ হৈ যোৱাৰ পিছত সেই দিনটো মনত পেলাইছে সীতাই। মহাৰাষ্ট্ৰৰ বীড জিলাৰ আহেৰৱাহেগাঁও গাঁৱত তেওঁৰ এটা কোঠালীৰ জুপুৰীত এই প্ৰতিবেদকৰ সৈতে কথা পাতিছে সীতাই।
সেইদিনা গোটেই পুৱাটো কুঁহিয়াৰ খেতিত কুঁহিয়াৰ কাটি আৰু কোলহাপুৰৰ এটা চেনী কলৰ ট্ৰেক্টৰত সেই কটা কুঁহিয়াৰ বোজাই কৰিছিল দম্পতীহালে। পশ্চিম মহাৰাষ্ট্ৰৰ এই মাটিত এই দম্পতীৰ লগত তেওঁলোকৰ দুই পুত্ৰইও কাম কৰে।
পূবে বেলি ওলোৱাৰ মুহূৰ্তৰ পৰাই আৰম্ভ হয় হাড়ভঙা শ্ৰম। দুপৰীয়া থাকে আধাঘণ্টাৰ আহাৰ-বিৰতি। তাৰপিছত কাম আকৌ আৰম্ভ হয়, শেষ হয় বেলি ডুবাৰ পৰত। পথাৰতেই চাদৰ এখন পাৰি লৈ জোৰা-টাপনি দিয়া জুপুৰীত খুব পুৱাতে যেনেতেনে ৰান্ধি অনা আহাৰ খাবলৈ উলিয়াইছিল সীতা (৪৫)ই। চাৰিখন কাঁহীত ভাত বাঢ়ি স্বামী কেশৱৰ (৫৫) হাতত প্ৰথম কাঁহীখন তুলি দিছিল। কেশৱক প্ৰথমে ক্ষন্তেকৰ বাবে অন্যমনস্ক যেন লাগিছিল। তাৰপিছতেই তেওঁৰ মুখখন বেকা হৈ গৈছিল।
“ভয়ত বিতত হৈ প্ৰথমে তেওঁক পোনে পোনে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ গৈছিলো,” ২০২৩ চনৰ অক্টোবৰৰ সেই ভয়াৱহ দুপৰীয়াৰ কথা মনত পেলাইছে সীতাই।
সমস্যাটো কি বুজিবলৈ বেছি সময় নালাগিল। পক্ষাঘাতজনিত ষ্ট্ৰোক হৈছে। ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাব লাগিব কেশৱক।
কিন্তু যাম বুলিতো যাব নোৱাৰে। আন দহজন দুখীয়া প্ৰব্ৰজিত শ্ৰমিকৰ দৰেই তেওঁলোকেও ঠিকাদাৰৰ পৰা ১.৫ লাখ টকা আগধন লৈছিল। ছমাহৰ ভিতৰত যিমান কিলো কুঁহিয়াৰ তেওঁলোকে কাটিব, তাৰ লগত হিচাপ কৰি ঋণৰ পৰিমাণ কমিব-বাঢ়িব।
“আমাৰ ঠিকাদাৰজনে আমাক যাবলৈ নিদিয়া হ’ল,” দলিত সম্প্ৰদায়ৰ সীতাই কয়। সীতাই ঠিকাদাৰৰ লগত কাজিয়াৰ পৰা কাকূতি-মিনতিলৈকে সকলো কৰি চালে, কিন্তু ঠিকাদাৰৰ মনত দয়া উপজাব নোৱাৰিলে। তেওঁ আৰু তেওঁৰ দুই পুত্ৰ, ২৩ বছৰীয়া সৌৰভ আৰু ২১ বছৰীয়া সূৰজে কাম চলাই নিবলৈ বাধ্য হ’ল আৰু পথাৰৰ মাজত তেওঁলোকৰ অস্থায়ী জুপুৰীত অসহায় আৰু পংগু অৱস্থাত পৰি থাকিল কেশৱ।












