মানুহে ফটো-ভিডিঅ’ কৰিবলৈ আহি থাকে কাৰণে এতিয়া তাম্ৰকাৰ নবীন কুমাৰ টমটা কেমেৰাৰ সন্মুখত ওলাবলৈ সংকোচ নকৰা হ’ল। উত্তৰাখণ্ডৰ আলমোৰাস্থিত নিজৰ শালত পঞ্চাশ বৰ্ষীয় এইগৰাকী জনপ্ৰিয় শিল্পীয়ে হাতুৰীৰে পিটি পিটি আৰু খোদাই কৰি বিভিন্ন ডিজাইনৰ তামৰ সামগ্ৰী সাজি উলিয়ায়।
টমটাসকলৰ মাজত তাম্ৰশিল্পৰ এই পৰম্পৰা বহু পুৰণি। তেওঁলোক হিমালয়ৰ কুমাওন অঞ্চললৈ ৰাজস্থানৰ পৰা অহা বুলি কোৱা হয়, সেয়া শ শ বছৰ আগৰ কথা। প্ৰথমে তেওঁলোকে লোহাঘাটৰ গোসনি গাঁৱত বসতি কৰিবলৈ লয়। পিছলৈ ৰাজধানী চম্পাৱতৰ পৰা আলমোৰালৈ অনাত কিছু শিল্পী ইয়ালৈ উঠি আহি নিগাজি হ’ল।
দীৰ্ঘকাল ধৰি তামৰ সামগ্ৰী বনোৱা কামটোত পৰিয়ালৰ আটায়ে ভাগ লৈছিল। “সকলোৱে হাঁহি-মাতি কামবোৰ কৰি গৈছিল। প্ৰতিযোগিতাৰ পৰিৱেশ এটাও আছিল। তেনে এক পৰিৱেশত সকলোৱে দক্ষতাৰে কাম কৰিছিল,” শিল্পী প্ৰদীপ টমটাই কয়।
মহিলাসকল এই প্ৰক্ৰিয়াৰ অভিন্ন অংগ আছিল। তেওঁলোকে কাষৰে হাবিৰ পৰা খৰি সংগ্ৰহ কৰি আনিছিল, নিৰ্মিত সামগ্ৰীবোৰ পলিচ কৰা কামো তেওঁলোকে কৰিছিল। অগ্নিশালৰ ফেন ঘুৰোৱা, জালাইৰ বাবে পাউডাৰ প্ৰস্তুত কৰা আদি কাম আছিল মহিলাৰ। বহু মহিলাই আকৌ ডিজাইনিঙৰ কামতো আগৰণুৱা আছিল আৰু ৰন্ধা-বঢ়া আদি কামৰ মাজতে তামৰ পাটবোৰ গৰম কৰি হাতুৰী চলোৱাৰ বাবে সাজু কৰি দিয়াৰ দায়িত্বও তেওঁলোকে পালন কৰিছিল।































