দৰদাম বা কোনো অধিকাৰ সাব্যস্ত কৰিব নোৱাৰাৰ ফলত প্ৰব্ৰজিত শ্ৰমিকসকলৰ দুৰ্ঘটনা বা মৃত্যুৰ গোচৰ অতি লেহেমীয়াকৈ আগবাঢ়ে বুলি জনায় জে কে গামিতে। গামিত চুৰাট পৌৰ নিগমৰ স্বাস্থ্যবিধি ব্যৱস্থাৰ সহকাৰী পৰিদৰ্শক। “শ্ৰমিকসকলৰ পৰিয়ালৰ লোকসকল বহু দূৰত থাকে আৰু চহৰত যি দুই-এজন বন্ধু থাকে, সেয়াও শ্ৰমিকেই। তেওঁলোক ইমানেই ব্যস্ত থাকে যে বাৰে বাৰে থানালৈ আহিব নোৱাৰে বা গোচৰটো কিমান দূৰ আগবাঢ়িল সেই বিষয়েও খবৰ ল’বলৈ সময় নাথাকে,” গামিতে কয়। “আহত বা মৃত্যুৰ সঠিক সংখ্যাৰ কোনো নথিপত্ৰ নাই। এই ধৰণৰ গোচৰবোৰো প্ৰায় লগে লগে বন্ধ হৈ পৰে।
সাধাৰণতে তাঁত কাৰখানাত কাৰোবাৰ মৃত্যু হ’লে আৰক্ষীত গোচৰ ৰুজু কৰা হয়। কিন্তু এইটো কেৱল আইন আৰু স্বাস্থ্যবিধি সংক্ৰান্তীয় নিয়মৰক্ষাৰ বাবেহে কৰা হয়। গ্ৰেপ্তাৰৰ ঘটনা অতি বিৰল। ক্ষতিপূৰণ দাবী কৰিবলৈ হ’লে শ্ৰম বিভাগৰ ওচৰত মৃতকৰ পৰিয়ালে আবেদন জনাব লাগে। যদি আঘাতৰ বাবে ক্ষতিপূৰণ হয়, তেতিয়া বহু সময়ত শ্ৰমিকজনৰ চাকৰি যোৱাৰ ভয় থাকে। কাৰণ ক্ষতিপূৰণ দাবী কৰা মানে মালিকৰ খং উঠা। বেছিভাগ ক্ষেত্ৰতে আদালতৰ বাহিৰত আপোচ কৰি লোৱা হয়।
বিকাশ গৌড়া মৰাৰ চাৰি দিনৰ পিছত, ২৯ এপ্ৰিলত তাঁত কাৰখানাৰ মালিকে তেওঁৰ পৰিয়ালক ২ লাখ ১০ হাজাৰ টকা ক্ষতিপূৰণ হিচাপে দি পোনপটীয়াকৈ জনালে যে পৰিয়ালটোৱে আৰু কোনোধৰণৰ ক্ষতিপূৰণ দাবী কৰিব নোৱাৰিব। সাধাৰণতে মালিকসকলে ৫০,০০০ টকা দিয়ে। সেইখিনি আচলতে দিয়ে যাতে গোচৰটো বন্ধ হয় আৰু এই প্ৰক্ৰিয়াও বহুত দীঘলীয়া। এই ক্ষেত্ৰত, পিএছএছএম আৰু আজীৱিকা ব্যুৰ’ই হস্তক্ষেপ কৰাৰ ফলত ক্ষতিপূৰণৰ পৰিমাণো বৃদ্ধি পায় আৰু খুব সোনকালে সেয়া দিও দিয়া হয়।
তিনিটা চাকৰিৰ কথা আছে, সেয়ে পৰিয়ালটোৱেও মানি ল’বলৈ বাধ্য হ’ল।
গঞ্জামৰ পৰা গুজৰাটলৈ
চুৰাট ওড়িয়া কল্যাণ সমিতিৰ সদস্য ৰাজেশ কুমাৰ পাধিৰ মতে চুৰাটত গঞ্জামৰ পৰা অহা শ্ৰমিকৰ সংখ্যা অতি কমেও আঠ লাখ। ইয়াৰ ভিতৰত ৭০% চহৰখনৰ বৈদ্যুতিন তাঁত উদ্যোগ খণ্ডত কাম কৰি আছে। তেওঁ লগতে জনায়, “ওড়িশাৰ পৰা চুৰাটলৈ প্ৰব্ৰজনৰ এই সোঁত বৈছিল ৪০ বছৰৰ আগতে।” পিটিআৰচিৰ এটা ৰিপ’ৰ্ট অনুসৰি, “যদিও ওড়িশাত গঞ্জাম এখন উন্নত জিলা হিচাপেই পৰিচিত, কিন্তু প্ৰাকৃতিক সম্পদ আৰু খেতিৰ মাটি কমি অহা আৰু নিয়মিত বানপানী আৰু খৰাং পৰিস্থিতিৰ বাবে বহুতো মানুহ কামৰ সন্ধানত ওলাই আহিবলৈ বাধ্য হৈছে।”
গঞ্জামৰ পৰা অহা শ্ৰমিকসকলৰ কিন্তু কোনেও চুৰাটৰ অন্যতম বিশাল উদ্যোগ হীৰা উদ্যোগটোৰ সৈতে জৰিত নহয়, জগদীশ পেটেলে কয়। “এই কামবোৰ সাধাৰণতে স্থানীয় গুজৰাটী শ্ৰমিকসকলৰ বাবে সংৰক্ষিত, কিয়নো মালিকসকলে ‘তেওঁলোকৰ বিশ্বাসীসকলক’হে কামত ৰাখে। গঞ্জামৰ শ্ৰমিকসকলে তাঁত উদ্যোগৰ নিম্ন পৰ্যায়ত কাম কৰে। বছৰৰ পিছত বছৰ ধৰি একেদৰে একেটা মেচিন চলাই যোৱাৰ একঘেয়ামী কাম।”
তথাপি শ্ৰমিকসকলে কয় যে গঞ্জামৰ গাঁৱৰ অৱস্থাতকৈ এই অৱস্থা ভালেই। সীমাঞ্চলা চাহু, যি নিজেই পিএছএছএ-ৰ সদস্য, তেওঁ কয়, “গঞ্জামত প্ৰত্যাহ্বান খুব বেছি। প্ৰথম অৱস্থাত হয়তো কেইজনমান শ্ৰমিক আহিছিল, কিন্তু এতিয়া ডাঙৰ ডাঙৰ দল বান্ধি আহে, অনেকে পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াক লগত লৈ আহে।”