বাৰিষাৰ বৰষুণে উত্তৰ কেৰালাৰ কলিকটখন ধুই নিছে। কিন্তু জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ বাহিৰত ৰাতি কটোৱা এই বৃদ্ধলোকজনৰ তালৈ ভ্ৰুক্ষেপে নাই। তেওঁ যিখন চালি কৰিছে, সিখনে কোনোমতেহে তেওঁক বৰষুণৰ পৰা ৰক্ষা কৰিছে। দিনত তেওঁ হাতে হাত ধৰি আদিবাসী লোকৰ সৈতে প্ৰতিবাদত নমা আপোনাৰ চকুত পৰিব। উল্লেখ্য যে নিলামবুৰৰ ৬০ টা জনজাতীয় পৰিয়ালে তেওঁলোকক ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি দি অহা ভূমিৰ দাবীত অনিৰ্দিষ্টকাললৈ ধৰ্মঘটত বহাৰ ৭০ দিন হ’ল।
সন্মুখত থাকি এই আন্দোলনৰ নেতৃত্ব আৰু প্ৰেৰণা দিছে ৯৬ বছৰ বয়সীয়া আয়িনুৰ বাসু যাক মানুহে মৰমতে গ্ৰো বাসু বুলি মাতে। তেওঁৰ ক্ষীণ কিন্তু অনমনীয় কণ্ঠই সেই ৭০ টা আদিবাসী পৰিয়ালক সাহস যোগাই আহিছে। এই বয়সত মানুহে আৰামত কটাবলৈ ভাল পায়, কিন্তু বাসুৱে বয়সৰ বাধা নামানি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদথলীত থাকি মাত মাতি আহিছে। “চৰকাৰে টেকনিকেলিটিৰ কথা কৈ এই জনজাতীয় পৰিয়ালখিনিক থগি আছে,” তেওঁ কয়। তেওঁৰ চকুত ক্ষোভ স্পষ্ট। “মাটি তেওঁলোকৰ অধিকাৰ, দানত দিয়া বস্তু নহয়তো।”
এই হৰতালৰ আগতে ২০২৩-২৪ত সংহত জনজাতীয় উন্নয়ন প্ৰকল্প চমুকৈ আইটিডিপি কাৰ্য্যালয়ৰ সন্মুখত নিলাম্বুৰৰ এই পৰিয়ালকেইটাই ৩১৪ দিনৰ অনাহাৰে অনশনত বহিছিল।
সেই ষাঠিটা পৰিয়ালক ছমাহৰ ভিতৰত ৫০ চেণ্টকৈ ভূমি দিম বুলি লিখিত আকাৰে জিলা উপায়ুক্তই দিয়া প্ৰতিশ্ৰুতিৰ পিছত অনশন স্থগিত ৰখা হৈছিল। কিন্তু সেই প্ৰতিশ্ৰুতিৰ ১৫ মাহ পাৰ হৈ যোৱাৰ পিছতো কোনো ফল নধৰাত পৰিয়ালকেইটাই পুনৰাই ন্যায্য দাবীত ৰাস্তালৈ ওলাই আহিবলগীয়া হৈছিল। এসময়ৰ দুধৰ্ষ নক্সালপন্থী গ্ৰো বাসুৱে এই সত্যাগ্ৰহী আন্দোলনৰ তম্বুৰ তলতে প্ৰায়ে নিশা কটাইছে।
গ্ৰো বাসুৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে থিয় দিয়াৰ এয়াই প্ৰথম উদাহৰণ নহয়। কলিকট জিলাত পুলিচৰ বিৰুদ্ধে কৰা প্ৰতিবাদত তেওঁৰ ভূমিকাৰ বাবে ২০২৩ত তেওঁ দুমাহ জেল খাটিবলগীয়া হৈছিল। সেই কেচটো ২০১৬ৰ নৱেম্বৰৰ। নিলাম্বুৰ হাবিত মাওবাদী কোপ্পাম দেৱৰাজন আৰু অজিতাৰ ভূৱা এনকাউণ্টাৰ ন্যায়িক তদন্তৰ দাবী জনাই কলিকট চিকিত্সা মহাবিদ্যালয়ৰ সন্মুখত তেওঁ প্ৰতিবাদ কৰিছিল।
গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ জামিন আবেদন কৰিব বিচৰা নাছিল। কিয়নো অতীতত কাৰাগাৰে তেওঁক কেতিয়াও বিচলিত কৰিব পৰা নাছিল, বৰঞ্চ তেনে ঘটনাই তেওঁক ৰাজ্য চৰকাৰে কৰা অবিচাৰৰ প্ৰতিবাদক আৰু তীব্ৰহে কৰি তুলিছিল।








