এই প্ৰতিবেদন পুলিৎজাৰ চেণ্টাৰৰ দ্বাৰা সমৰ্থিত পাৰ্থ এম. এন.ৰ ধাৰাবাহিক প্ৰতিবেদনৰ এক অংশ।
ধাৰত পোত গৈ থাকিলেও কেৰু দহিফালেয়ে ২০২৫ৰ মে’ মাহৰ প্ৰথমটো সপ্তাহত মোহাতে গাঁৱৰ আটাইবোৰ মানুহ মাতি ভোজ এটা দিয়াত অকমাণো কৃপণালি নকৰিলে। তেওঁৰ টিনৰ চালি দিয়া ঘৰটোৰ সন্মুখত থকা এক একৰ খেতিমাটিত প্ৰায় ৩,০০০ গঞা উপস্থিত হ’ল আৰু বিভিন্ন নিৰামিষ ব্যঞ্জনৰ সোৱাদ ল’লে।
খৰচ হ’ল ডেৰ লাখ টকা।
সিমানখিনি টকা কিন্তু ৭০ বৰ্ষীয় দহিফালেৰ নাই। সেয়ে তেওঁ মাহে তিনি টকা সুতত সুদখোৰৰ পৰা পইচা ধাৰ কৰি আনিলে। তিনি টকা মানে বছৰত ৩৬ শতাংশ সুত। তাৰপিছত শীতকালৰ ফচল ভাল নোহোৱাত তেওঁৰ বিলৈ দুগুণ হ’ল। তেওঁ খেতি কৰিছিল পিঁয়াজৰ, কিন্তু খৰাঙৰ ফলত শস্য শুকাই মৰহিল আৰু এনেকৈ তেওঁৰ ৩৫ হাজাৰ টকাৰ বিনিয়োগ পানীত পৰিল।
জোৰা-টাপলি মাৰি কোনোমতে চলি থকা সত্ত্বেও ভোজ দিয়াৰ আগতে দহিফালেৰ মনত এবাৰো আন চিন্তা অহা নাছিল। “নহ’লে দেৱীয়ে মোক আশীৰ্বাদ নিদিব আৰু মোৰ আশা পূৰণ নকৰিব,” তেওঁ কয়।
মোহাতে গাওঁখন আছে অহিল্যনগৰ (পূৰ্বৰ আহমেদনগৰ) জিলাৰ পাথৰদি তালুকত। দহিফালেৰ ঘৰটো আছে পাহাৰৰ ওখ অংশত পৰা ৰাস্তাটোত, তাৰ পৰা তললৈ নামি গৈ থাকিলে বিখ্যাত মোহতা দেৱী মন্দিৰটো ঢুকি পাব। মন্দিৰ মানে চাৰি মহলাৰ অট্টালিকা যিটো ২০ কোটি টকা ব্যয়েৰে ২০০৯ৰ পৰা ২০১৩ৰ ভিতৰত ৰিন’ভেচন কৰা হৈছিল। মহাৰাষ্ট্ৰৰ হিন্দুসকলৰ মাজত এয়া এক জনপ্ৰিয় তীৰ্থস্থল। বছৰি ২৫ লাখ লোকৰ এই মন্দিৰলৈ আগমন ঘটে।













