সেইবোৰৰ মাজত, পৰিয়ালটোৱে পামখন জীপাল কৰি ৰাখিছে। সেইখন দেখাত ভাল আৰু উৎপাদনক্ষম যেন লাগে। সৰহভাগ পৰিয়ালটোৰ শ্ৰমেৰে সজা ডাঙৰ কুৱাঁ এটালৈ দেখুৱাই তেওঁ ক’লে, “এই কুৱাঁটো চাওক। এইটোকে মেৰামতি কৰি পৰিষ্কাৰ কৰিব পৰা হ’লে, আমি বহুত পানী পালোঁহেঁতেন।” কিন্তু তাৰ কাৰণে কমেও ১৫,০০০ টকা লাগিব। আৰু সেইটো পথাৰখনৰ চাৰিওফালে জেওৰা দিওঁতে হ’বলগীয়া একলাখ টকাৰ ওপৰঞ্চি খৰচ হ’ব।
সিহঁতৰ মাটিৰ এঢলীয়া ঢাল এটাৰ তলৰ ফালে ১ একৰ মাটি জলভাণ্ডাৰ এটালৈ পৰিণত কৰিব পাৰে। এইটোত তাতোকৈ বেছি পইচাৰ দৰকাৰ হ’ব। এতিয়া বেংকৰ ঋণ পোৱাটো অসম্ভৱ। আৰু তেওঁৰ জহি-খহি পৰা ঘৰটো মেৰামতি কৰিবলৈ আৰু ২৫,০০০ টকা লাগিব। “খেতিৰ লোকচানৰ ফলত ডেৰ লাখ টকাৰ ধাৰ লগাত মোৰ গিৰিটো আত্মঘাতী হৈছিল,” তেওঁ ক’লে।
সিহঁতে তাৰে কিবা অলপমান ঘূৰাই দিছিল আৰু ৰাজ্য চৰকাৰৰ পৰা পোৱা ১ লাখ টকাৰ বেছিভাগেই পৰিয়ালটো চলোতে খৰচ হৈছিল। কিন্তু বাকীজাৰিৰ মানুহে এতিয়াও তেওঁক অসুবিধা দিবলৈ এৰা নাই। “আমি ঠিকেই কৰি আছিলোঁ। কিন্তু কেইবাবছৰো ধৰি খেতিৰ ফচল বেয়া হোৱাত আমাৰ বৰ বেছিকৈ লোকচান হৈছিল।”
আন লাখ লাখ পৰিয়ালৰ দৰে তেওঁৰ পৰিয়ালটোও দশক জোৰা আটাইতকৈ ডাঙৰ কৃষি সংকটৰ দ্বাৰা বিপৰ্যস্ত হৈছিল। নিৱেশ খৰছ বৃদ্ধি, উৎপাদন মূল্য হ্ৰাস, ঋণৰ অভাৱ, ৰাষ্ট্ৰযন্ত্ৰৰ সমৰ্থন প্ৰত্যাহাৰ। “গাওঁখনৰ আন প্ৰত্যেকজনৰ সৈতে অৱস্থা একেই, তেওঁ ক’লে। যোৱা বছৰটোৱেও খেতিত দুৰ্যোগ আনিছিল। ভাস্কৰে বিটি-কটন লৈ ভাগ্য পৰীক্ষা কৰিছিল, তেওঁৰ বহুত লোকচান হ’ল। “আমি মাত্ৰ দুই কুইণ্টল পালোঁ,” তেওঁ ক’লে।
তাৰ পিচত, চৰকাৰে সেই লোকচানৰ ওপৰঞ্চি আৰু কিছু যোগ দিলে। যোৱা বছৰৰ শেষৰ ফালে, তেওঁক ‘সঁকাহ আঁচনি’ৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰিলে। তাৰ অধীনত কমলাবাইক ‘আধা জাৰ্ছী’ (half Jersey) গৰু এজনী কিনিবলৈ বাধ্য কৰোৱা হ’ল, যিটো তেওঁ বিচৰা নাছিল। যদিও বহুলাংশে অনুবৃত্তি-মূলক ব্যৱস্থা আছিল, তেওঁ নিজৰ অংশ হিচাপে তাৰ বাবে ৫৫০০ টকা ভৰিবলগীয়া হ’ল। “গাইজনীয়ে অকলেই আমি আটাইবোৰতকৈ বেছি খাইছিল,” তেওঁ ক’লে। (দ্যা হিন্দু, ২৩ নৱেম্বৰ, ২০০৬) আৰু তাই তেনেই অকনমান গাখীৰ দিছিল।
ওলোটা ভাৰা
“তেতিয়াৰ পৰা মই দুবাৰ গৰুজনী ওভোতাই দিয়াৰ পিচতো, সিহঁতে মোক সদায় ঘূৰাই দি যায়,” তেওঁ উপায়ন্তৰ হৈ ক’লে। তেওঁ তাইক কাৰোবাক উপহাৰ দিব খুজিলেও কয়, “সেইটোক খুৱাবলৈ আমাৰ সামৰ্থ নাই।” সেই কাৰণে “মই এতিয়া গাইজনী চোৱাচিতা কৰিবলৈ মোৰ চুবুৰীয়া এজনক মাহে ৫০ টকাকৈ দিওঁ।” এক ধৰণৰ ওলোটা ভাৰা। বুজা-পৰাটো এনেকুৱা যে গৰুজনীয়ে যদি গাখীৰ দিবলৈ আৰম্ভ কৰে, যিটো উচিত, তেওঁ তাৰ আধাখিনি ভাগ পাব। সেইটো ভৱিষ্যতৰ এটা আশা। বৰ্তমান কমলাবায়ে গৰু এজনীৰ যত্ন ল’বলৈ পইচা ভৰি আছে, যাৰ বাবে চৰকাৰে তেওঁৰ যতন ল’ব বুলি প্ৰতিশ্ৰুতি দিছিল।
কিন্তু তেওঁ এতিয়াও নিৰুৎসাহ হোৱা নাই। কাম নোপোৱা প্ৰতিটো দিনেই তেওঁ এতিয়াও পামলৈ যাবলৈ দীঘলীয়া বাটটো খোজ কাঢ়ে। এতিয়া তেওঁৰ কণমানি কিন্তু তেজোদ্দীপ্ত নাতি-নাতিনীহঁতে তেওঁৰ সৈতে বাটত হাঁহি-ফুৰ্তিৰ পৰিৱেশ এটা গঢ়ি তোলে। সিহঁত জীয়াই থকা আৰু সিহঁতৰ ভৱিষ্যত তেওঁৰ বাবে আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা। পাৰ হৈ অহা দিনবোৰৰ দৰে তেওঁ আজিও মূৰ দাঙি থিয় হৈ আছে, কিন্তু সিহঁতলৈ চকু গ’লে তেওঁ চকুপানী ধৰি ৰাখিব নোৱাৰা হয়। কমলাবায়ে ঠিৰাং কৰিছে যে আত্মহত্যাৰ পিছত মৃতকৰ নহয়, জীয়াই থকাখিনিৰ কথাহে ভাবি আগবাঢ়িব লাগিব। আৰু তেওঁ তাৰ বাবে দায়িত্ব কান্ধ পাতি লৈছে।
এই লেখাটো দ্যা হিন্দু কাকতত ২০০৭ চনৰ ২১ মে’ত প্ৰকাশ হৈছিল।
https://www.thehindu.com/todays-paper/tp-opinion/Suicides-are-about-the-living-not-the-dead/article14766288.ece
অনুবাদ: ৰুবী বৰুৱা দাস